ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তীৰ সামৰণি
প্ৰজ্ঞা আৰু সত্যৰ ওপৰত অনুসন্ধানহে এখন শিক্ষানুষ্ঠান সদায় বৰ্তি থাকিব পাৰে-উপাচাৰ্য ড° জিতেন হাজৰিকা
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : পঁচিশ বছৰ অতিক্ৰম কৰা বৌদ্ধিক তথা বিদ্যায়তনিক উৎকর্ষ সাধনৰ মহান মন্ত্রেৰে গঢ় লৈ উঠা ঢকুৱাখনা সম জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তী মহোৎসৱৰ আজি সামৰণি পৰে। বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী মহোৎসৱৰ আজি অন্তিমদিনা অনুস্থিত হয় মুকলি সভা।উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ক্ষীৰোদ শইকীয়াৰ পৌৰহিত্যত অনুস্থিত হোৱা মুকলি সভা উদ্ধোধন কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° নিৰোদ বৰুৱাই।উদ্ধোধনী ভাষণত উপাচাৰ্য ড° বৰুৱাই কয় – ‘কেৱল পাঠদান বা পাঠগ্ৰহনেই এখন শিক্ষানু্ঠানৰ দায়িত্ব নহয়।এখন শিক্ষানুষ্ঠানে সমগ্ৰ অঞ্চলটোক এটা নতুন দিশলৈ আগবঢ়াই লৈ যোৱাৰ লগতে সমাজখনক নতুন চিন্তাৰে উদ্ভাসিত কৰাৰ কাৰণে অগ্ৰদূত হিচাপে কাম কৰে। যিটো অঞ্চলত শিক্ষানুষ্ঠানৰ প্ৰয়োভৰ আছে সেইটো অঞ্চলতে সমাজে গৌৰৱ কৰাৰ ব্যক্তিৰ জন্ম হয় বুলি নিজৰ বক্তব্যত উল্লেখ কৰি উপাচাৰ্য ড° বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক উদেশ্যি লগতে কয় -সমগ্র বিশ্বতে বৰ্তমান প্ৰতিযোগিতাৰ যুজ চলিছে । সেয়ে নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আমি প্ৰত্যেকেই এই যুঁজত অৱতীৰ্ণ হব লাগিব । বিশেষকৈ ছাত্ৰ সমাজে এইক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব । অন্যথাই ভৱিষ্যতে নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰিব। নাতিদীৰ্ঘ ভাষণত উপাচাৰ্য গৰাকীযয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শৈক্ষিক ব্যৱস্থাৰ আমূল পৰিবৰ্তন কৰিব বুলি কৈ এই শিক্ষানীতিয়ে দেশৰ কৰ্মসংস্থাপন পথ মুকলি কৰিব বুলি মন্তব্য কৰে।তেওঁ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ বহু যোগাত্মক আৰু ইয়াৰ নেতিবাচক দিশ সমূহৰ ওপৰতো বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে।মুকলি সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ড° জিতেন হাজৰিকাই।ভাষণত উপাচাৰ্য ড°হাজৰিকাই কয় – ‘জ্ঞান, প্ৰজ্ঞা আৰু সত্যৰ অন্বেষণেই হ’ল শিক্ষা।এই জ্ঞান, প্ৰজ্ঞা আৰু সত্যৰ অন্বেষণ বহু মুখী হ’ব লাগিব।’ জ্ঞান , প্ৰজ্ঞা আৰু সত্যৰ ওপৰত অনুসন্ধানহে এখন শিক্ষানুষ্ঠান সদায় বৰ্তি থাকিব পাৰে বুলি বক্তব্যত উল্লেখ কৰি উপাচাৰ্য গৰাকীয়ে লগতে কয় যে অসমৰ অধিকাংশ শিক্ষানুষ্ঠান ৰাইজৰ অশেষ ত্যাগৰ আৰু কষ্টৰ ফলত প্ৰতিষ্ঠা হৈছিল। এসময়ত দূৰ্গম যাতায়তৰ বাবে আৰু দুখীয়া মানুহৰ সন্তানৰ সুবিধাৰ বাবে ৰাইজে ভৌগোলিক অৱস্থান ঠিক কৰি বিভিন্ন পৰ্যায়ৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। এতিয়া যাতায়তৰ সু-ব্যৱস্থা হোৱাৰ বাবে আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ অজুহাতত বহু শিক্ষানুষ্ঠান আন শিক্ষানুষ্ঠানৰ লগত সংলগ্ন কৰাটো সমৰ্থন যোগ্য কাম নহয়। এফালে পৰিয়াল পৰিকল্পনাৰ বাবে মানুহৰ পদ পৰিয়ালত সন্মানৰ সংখ্যাও কমি আহিছে। ডঃ হাজৰিকাই নতুন শিক্ষা নীতি ২০২০ ৰ আধাৰত ছাত্ৰ-ছাত্ৰীসকলক মূল পাঠ্যক্ৰমৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগন্তুক ষাণ্মাষিকৰ পৰা আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ কেইবাটাও বৃত্তিমুখী চাৰ্টিফিকেট পাঠ্যক্ৰম আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে। ইয়াৰ ভিতৰত পৰম্পৰাগত হস্ত এম্বডাৰী পৰ্যবেক্ষক,কৃষি ভঁৰাল পৰিচালক,ড্ৰোণ ভিডিঅ’, খুচুৰা ফাৰ্মাচী পৰিচালনা আদি কেইবাটাও পাঠ্যক্ৰমৰ কথা উল্লেখ কৰে।শেষত খুব কম দিনৰ ভিতৰতে অনগ্ৰসৰ বৃহত্তৰ হাৰ্হি অঞ্চলত উচ্চ শিক্ষাৰ পোহৰ বিলাই দোপতদোপে আগবাঢ়ি গৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ ভিতৰতে হাৰ্হি মহাবিদ্যালয়ে এক উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি উপাচাৰ্য ড°হাজৰিকাই এইক্ষেত্ৰত মহাবিদ্যালয়ৰ অধ্যক্ষ ড°মানসজ্যোতি নেওগৰ ভূমিকা আৰু কাৰ্যক ৰাজহুৱাকৈ ভূয়সী প্ৰশংসা কৰে।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংগীত আৰু নৃত্য পৰিবৱেশনেৰে অনন্য মাত্ৰা প্ৰদান কৰা মুকলি সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উপাধ্যক্ষ ডঃ ৰুক্ম গোহাঞিবৰুৱাই। নিজৰ বক্তব্যত ডঃ গোহাঞিবৰুৱাই কয় যে শিক্ষানুষ্ঠানৰ লগত জড়িত লোকসকল হ’ল মানৱ সত্ত্বাৰ খনিকৰ। তেওঁ লোকক সকলোৱে সন্মান কৰা উচিত।২১ শতিকাৰ পৃথিৱীখন জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। অধ্যয়ন অবিহনে জ্ঞান আহৰণ সম্ভৱ নহয়। আনহাতে মনোযোগ অবিহনে ছাত্ৰ-ছাত্ৰী অধ্যয়নে সফলতা অৰ্জন কৰিব নোৱাৰে।স্বনিৰ্ভৰশীল কৰিব নোৱাৰা আৰু চাকৰিৰ বজাৰত বিক্ৰী বিক্ৰী যোৱা কিছুমান মানুহ সৃষ্টি কৰাটো শিক্ষাৰ উদ্দেশ্য হোৱা উচিত নহয়। শিক্ষাৰ্থীক স্বনিৰ্ভৰশীল কৰি তুলিব পৰাটোহে শিক্ষাৰ উদ্দেশ্য হোৱা উচিত। তেওঁ ইয়াৰ বাবে কৌশল উন্নয়নৰ বিকল্প নাই বুলিও কয়। তেওঁ শিক্ষকতাৰ বৃত্তিও মাতৃ বৃত্তি বুলি অভিহিত কৰে। ডঃ গোহাঞিবৰুৱাই ছাত্ৰ-ছাত্ৰী সকলক অগা-পিছাকৈ খোজ দিয়াৰ পৰিৱৰ্তে সমানে সমানে খোজ দিয়াৰ আহ্বান জনায়। মুকলি সভাত কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।ইয়াৰ আগতে আজি পুৱা ৯ বজাত মূল মঞ্চত অনুস্থিত হয় ৰূপালী জয়ন্তী স্মাৰক বক্তৃতানুষ্ঠান।অনুষ্ঠানত বক্তৃতা প্ৰদান কৰে ৰাজনৈতিক সমালোচক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° অখিল ৰঞ্জন দত্তই।সন্ধিয়ালৈ অনুষ্ঠিত হয় প্ৰয়াত অন্বেশ্বৰ দত্তবৰা সোঁৱৰনী সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে কণ্ঠশিল্পী অনুপম শইকীয়াই।
প্ৰেৰক পুলকজ্যোতি বৰা