নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড যুঁজৰ সমালোচকসকল মানুহৰ মৃত্যু বিচৰা ছিণ্ডিকেটৰ সদস্যঃ ড০ শর্মা

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ অহা ১৫ ছেপ্টেম্বৰ পর্যন্ত অসমত ক’ভিডৰ সংক্রমণ তুংগত উঠিব৷ তাৰ পিছতহে ৰাজ্যখনত সংক্রমণ নিম্নগামী হ’ব৷ এই মন্তব্য স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ‘নিউজ লাইভ’ৰ প্রেক্ষাপট অনুষ্ঠানত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত সম্প্রতি চলি থকা ক’ভিডৰ সংক্রমণৰ দিশলৈ চাই বিশেষজ্ঞসকলে সেই ধাৰণা কৰিছে৷ গাণিতিক মডেল অনুসৰি তেওঁলোকে অহা ১৫ ছেপ্টেম্বৰ পর্যন্ত ৰাজ্যখনত ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি হ’ব বুলি ধাৰণা কৰিছে৷

গুৱাহাটী মহানগৰীৰ লগতে নগাঁও, তেজপুৰ, যোৰহাট, ডিব্রুগড়, তিনিচুকীয়া, বঙাইগাঁও, বৰপেটা, ধুবুৰী চহৰতো এই সময়ছোৱাত সংক্রমণ অত্যন্ত বেছি হ’ব বুলি তেওঁ শংকা ব্যক্ত কৰি কয় যে ক’ৰোনা ৰোগ হৈছে নগৰকেন্দ্রিক ৰোগ৷ গাঁৱত ক’ৰোনাৰ সংক্রমণ বেছি নোহোৱাৰ কাৰণ হৈছে তাত জনসাধাৰণে আহল–বহলকৈ থকাৰ লগতে সামাজিক দূৰত্ব, সংস্পর্শ আদিৰ পৰা আঁতৰি থাকে, যিটো মহানগৰ বা নগৰ অঞ্চলত সম্ভৱ নহয়৷

ভাৰত চৰকাৰে ইতিমধ্যে অহা ১৫ আগষ্টলৈ ৰাজ্যখনত সর্বমুঠ সংক্রমণৰ সংখ্যা ৬৫ হাজাৰ বুলি শংকা কৰিছে৷ গুৱাহাটী মহানগৰীতো লকডাউন খুলি দিয়াৰ লগে লগে সংক্রমণৰ সংখ্যা বৃদ্ধি পাব বুলি তেওঁ মন্তব্য কৰে৷ সম্প্রতি ৰাজ্যখনত ১২ দিনৰ মূৰত ক’ভিড আক্রান্তৰ সংখ্যা দুগুণলৈ বৃদ্ধি হোৱাৰ বিষয়ে জানিবলৈ দি কয় যে ১৫ দিন আগতে গুৱাহাটী মহানগৰীত দৈনিক গড়ে ৫০০ লোকৰ যি সংক্রমণ হ’ব বুলি ধাৰণা কৰিছিল, সেয়া ইতিমধ্যে মিলি গৈছে৷ অহা ১ আগষ্টৰ পৰা ১৫ আগষ্টৰ ভিতৰত দৈনিক ৭৫০ৰ পৰা এহাজাৰ সংক্রমণ হ’ব বুলি ধাৰণা কৰি ইয়াৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰ আৰু হাস্পতালত ১০ হাজাৰ বিছনাৰ ব্যৱস্থা কৰাৰ কাম প্রণালীবদ্ধভাৱে কৰি থকা হৈছে বুলি প্রকাশ কৰে৷ সেই সময়ছোৱাত দৈনিক গড়ে ৮০গৰাকী ছিৰিয়াছ ৰোগী আহিব বুলি ধাৰণা কৰি ৮০০ ক্রিটিকেল বেড হাস্পতালত স্থাপন কৰা হ’ব৷

ইয়াৰে আধা সংখ্যকক আইচিইউত ৰাখিবলগীয়া হ’ব৷ সেই অনুসৰি স্বাস্থ্য বিভাগে যাৱতীয় প্রস্তুতিৰ কাম আৰম্ভ কৰিছে৷ ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত আজিৰ দিনটোলৈকে দেশৰ ভিতৰতে অসম মডেল হৈ আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অৰবিন্দ কেজৰিৱালৰ দিল্লীত ১০ দিনলৈকে মৃতদেহ বিচাৰি পোৱা নাছিল৷ কর্ণাটকত মানুহে হাস্পতালত বিছনা বিচাৰি কান্দিবলগীয়া হৈছে, বিহাৰ–উত্তৰ প্রদেশত হাস্পতালত বিছনাৰ বাবে মানুহে শাৰী পাতিব লগীয়া হৈছে৷ কিন্তু অসমত এনে পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই৷ অসমে এতিয়ালৈ ৭.৬৭ লাখ লোকৰ ছোৱাবৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে৷ ইয়াৰ ভিতৰত মাত্র ১৭২টা নমুনা পৰীক্ষাৰ ফলাফল কম্পিউটাৰত লিপিবদ্ধ কৰোঁতে ভুল হৈছে৷

ক’ৰোনাবিৰোধী যুঁজত ৰাজ্যখনৰ চিকিৎসক, নার্ছ, লেবৰেটৰী টেকনিচিয়ান, পেৰা মেডিকেল কর্মীসকলে যথেষ্ট উৎসর্গিত মানসিকতাৰে কাম কৰি থকাৰ বিষয়ে জানিবলৈ দি তেওঁ কয় যে এওঁলোকৰ অৱদান সেনাতকৈ কম নহয়৷ সেইসকল ক’ভিড যুঁজাৰু তেওঁৰ দৃষ্টিত ভগৱানসদৃশ৷ অনাগত জটিল সময়ছোৱাত ৰাজ্যৰ স্বাস্থ্য বিভাগে যাতে সফলতাৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব পাৰে, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ১৫ছেপ্টেম্বৰলৈ দুহেজাৰ চিকিৎসক সাজু কৰি তোলা হৈছে৷ ৰাজ্যখনৰ বিভিন্ন জিলালৈ ক’ভিডৰ সংক্রমণ হোৱাৰ শংকাৰ প্রতি লক্ষ্য ৰাখি আজি তেওঁ ভিডি’ কনফাৰেঞ্চযোগে জিলা হাস্পতালৰ চিকিৎসকসকলৰ সৈতেও বৈঠকত মিলিত হৈছে৷ জিলা হাস্পতালসমূহতো স্পেচিয়েলিষ্ট ট্রীটমেণ্টৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ শিলচৰ, ডিব্রুগড়, তেজপুৰ, যোৰহাট মেডিকেল কলেজতো প্লাজমা বেংক স্থাপনৰ কাম আৰম্ভ কৰা হৈছে৷ উক্ত অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই ক’ভিড যুঁজৰ বাবে এতিয়ালৈ কেন্দ্রৰ পৰা ১৫৫ কোটি টকা পোৱাৰ উল্লেখ কৰি কয় যে ইয়াৰ বিপৰীতে স্বাস্থ্য বিভাগে ক’ত কিমান খৰচ কৰিছে, সেই হিচাপ সময়ত বিধানসভাৰ মজিয়াত দাখিল কৰিব৷

লকডাউনৰ সময়ছোৱাত বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোককেই মুঠ ১৬০ কোটি টকা বেংক একাউণ্টযোগে প্রদান কৰিছে৷ বাহিৰত চিকিৎসা কৰিবলৈ যোৱা আবদ্ধ লোকক ২৫ হাজাৰ টকাকৈ প্রদান কৰা হৈছে৷ ৭ লাখ লোকৰ ছোৱাব টেষ্টৰ ক্ষেত্রত প্রতিটো টেষ্টত এহেজাৰ টকাকৈ খৰচ হোৱা ধৰিলেও ৭০ কোটি টকা খৰচ হৈছে৷ ১০ হাজাৰ চেনিটাৰী নেপকিন বৰঙণি হিচাপে সংগ্রহ কৰা হৈছে৷ পিপিই কিট পর্যন্ত বৰঙণি আহৰণ কৰা হৈছে৷ মুম্বাইৰ পৰা ৬খন বাছেৰে মানুহ যেতিয়া অনা হৈছিল তাৰে ৫০ শতাংশ বাছভাৰা বৰঙণি হিচাপে সংগ্রহ কৰা৷ ৰে’লযোগে মানুহ অহা ব্যয়ো চৰকাৰে বহন কৰিছে৷ প্লাজমা দান কৰিবলৈ অহা লোকৰ অহা–যোৱাৰ ব্যয় ক্ষুদ্র ব্যৱসায়ীয়ে বহন কৰিছে৷ যিসকল লোকে কেন্দ্রৰ পৰা আহিবলগীয়া টকাৰ বাবেই ক’ৰোনা চলি থকা বুলি সমালোচনা কৰি আহিছে তেওঁলোকক কটাক্ষ কৰি কয় যে প্রকৃততে ক’ৰোনাবিৰোধী যুঁজখন জনসাধাৰণৰ সদিচ্ছাত চলি আছে৷ আৰোগ্য নিধিৰ পুঁজিৰ প্রসংগতো তেওঁ কয় যে সংগৃহীত ১১০ কোটি টকাৰ ভিতৰত সৰহভাগেই ৰাজ্যিক কর্মচাৰী আৰু মহিলা আত্মসহায়ক গোটে বৰঙণি হিচাপে আগবঢ়োৱা৷ মাত্র ১৫–২০ কোটি টকাহে ব্যৱসায়ীৰ পৰা অহা৷ ইফালে আজিৰ সেই অনুষ্ঠানতে মন্ত্রী ড০ শর্মাই অহা বছৰ হ’বলগীয়া বিধানসভা নির্বাচনত বিজেপিয়ে ১০০খন আসন লাভ কৰিব বুলি উল্লেখ কৰি কয় যে কংগ্রেছে এআইইউডিএফেই হওক বা আন কাৰোবাৰ সৈতেই হওক, যিয়েই মিত্রতা নকৰক বিজেপিয়ে ১০০খন আসন লাভ কৰিবই৷ সেই আসনৰ সংখ্যা ৯৮ হ’বও পাৰে বা ১০২ হ’ব পাৰে৷ যোৱা লোকসভা নির্বাচনতকৈ অহা বিধানসভা নির্বাচনত বিজেপিয়ে বহু বেছি ভোট লাভ কৰিব৷ অসমৰ জনসাধাৰণে সেয়া দেখি আছে৷ ক’ৰোনা যুঁজৰ পৰা বিভিন্ন কাম জনসাধাৰণে প্রত্যক্ষ কৰি আছে৷ ৰাজ্যত বিধানসভা নির্বাচন সমাগত বাবেই এই মুহূর্তত ৰাজনৈতিক দল আৰু বিভিন্ন সামাজিক মাধ্যমত ৰাজনৈতিক দৃষ্টিকোণেৰে একাংশই নানান মন্তব্য, সমালোচনা কৰি আহিছে৷ কংগ্রেছৰ ভূমিকাকো সমালোচনা কৰি তেওঁ কয় যে সাম্প্রতিক সময়ত কংগ্রেছে ৰাজনীতি বহু তললৈ নমাইছে৷ ক’ৰোনাৰ ক্ষেত্রত তেওঁলোকে অসমৰ চিকিৎসকৰ ভুল দেখে৷ ভাৰত–চীনৰ ক্ষেত্রত তেওঁলোকে সীমান্তত ভাৰতীয় সেনাৰ ভুল দেখে৷ নির্বাচনত কংগ্রেছ আৰু বিজেপিৰহে যুঁজ হ’ব৷ ৰিপুন বৰাকে ধৰি কংগ্রেছে ক’বৰ দৰে জনসাধাৰণে বিজেপিক গ’ল দিবলৈ নাহে৷ অসমৰ জনসাধাৰণ ৰেফাৰীহে৷ ৰাইজে ভোট দি হুইছেল বজাব৷

এই প্রসংগতে তেওঁ নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈক যুদ্ধক্ষেত্রৰ পৰা পলাই অহা মানুহ বুলিও সমালোচনা কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰা, প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ ভূমিকাকো তেওঁ সমালোচনা কৰি কয় যে এই সময়ছোৱাত তেওঁতকৈ ৰিপুন বৰাই বহু বেছি ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্রমণ কৰি আছে৷ কিন্তু ৰিপুন বৰা ক’ভিডত আক্রান্ত হোৱা নাই৷ প্রদ্যুৎ বৰদলৈয়ে জানাজাতো অংশগ্রহণ কৰিলে, তেৱোঁ ক’ভিডত আক্রান্ত হোৱা নাই৷ ৯০ বছৰীয়া তৰুণ গগৈয়েও ক’ভিডত আক্রান্ত হোৱা নাই৷ অথচ সেইসকলে প্রশ্ণ কৰে হিমন্ত বিশ্ব শর্মা কিয় ক’ভিডত আক্রান্ত হোৱা নাই? ক’ৰোনাৰ যুঁজখন মানুহ আৰু ক’ভিডৰ মাজত চলা যুঁজ৷ এই যুঁজ কংগ্রেছ আৰু বিজেপিৰ বিৰুদ্ধে যুঁজ নহয়৷ এই যুদ্ধ হিন্দু–মুছলমান, বিহাৰ–বাংলাদেশৰ বিৰুদ্ধে নহয়৷ ক’ৰোনাক লৈ ছিণ্ডিকেট দেখাসকলক কটাক্ষ কৰি তেওঁ কয় যে সেইসকল লোক হৈছে মানুহৰ মৃত্যু বিচৰা ছিণ্ডিকেটৰ একো একোজন সদস্য৷ তেনেদৰে নাটক কৰি থকাসকল হতাশগ্রস্ত, ঋণাত্মক মনৰ মানুহ৷ মানুহৰ মৃত্যু বিচৰা মানুহ৷ অসমৰ মানুহৰ মৃত্যু বিচৰাৰ ছিণ্ডিকেটৰ সদস্য৷ এই সময়ছোৱাত ৰাজনীতিৰ পাশাখেল খেলাসকলৰ বিচাৰ অসমৰ জনসাধাৰণে কৰিব৷

You might also like