নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কোৱাৰেণ্টাইন অথবা আইছ’লেছন চেণ্টাৰ থকা বিদ্যালয়ললৈ যাব নালাগে শিক্ষক’

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ শীঘ্ৰে খোলাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ শিক্ষাবিভাগে। ১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। কিন্তু যিসকল শিক্ষকে RT-PCR টেষ্ট সম্পন্ন কৰিছে সেইসকল শিক্ষক ১ ছেপ্টেম্বৰ পৰা নিয়মীয়াকৈ আহিব লাগিব। প্ৰথম ১৫দিন স্কুলসমূহ ছেনীটাইজ কৰা হ’ব আৰু শিক্ষকসকলে ছেনীটাইজ কৰাত সহায় কৰিব লাগিব।

কিন্তু যিবোৰ বিদ্যালয়ত এতিয়াও কোৱাৰেণ্টাইন অথবা আইছ’লেছন চেণ্টাৰ আছে তেনে বিদ্যালয়ললৈ যাব নালাগে শিক্ষক। উক্ত জিলাৰ উপায়ুক্তই যদি অন্য বিদ্যালয়লৈ যাব দিয়ে অথবা অন্য কোনো কামত নিয়োজিত কৰে শিক্ষকসকলে কৰিব লাগিব বুলি সংবাদমেলত মন্তব্য কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like