নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ দৰে লোকে অসমীয়াৰ নোম এডালো লৰাব নোৱাৰেঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ২০২১ৰ নিৰ্বাচন মন্ত্ৰী-বিধায়ক হোৱাৰ নিৰ্বাচন নহয়। এই নিৰ্বাচন আমাৰ সভ্যতা-সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন। দিছপুৰৰ ২০০ মিটাৰ ওচৰলৈকে বদৰুদ্দিন আজমলক প্ৰৱেশ কৰিব নিদিওঁ। মৰিগাঁৱত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বদৰুদ্দিন আজমলৰ সাম্প্ৰদায়িকতা ৰাজনীতিৰ বিৰুদ্ধে সৰৱ মন্ত্ৰীগৰাকী। অসমীয়া ৰাইজৰ মৰম যেতিয়ালৈ বিজেপিৰ লগত থাকিব তেতিয়ালৈকে দিছপুৰৰ ২০০ কিমিলৈ আজমল সোমাব নোৱাৰিব বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে। আজমলৰ দৰে ব্যক্তিয়ে অসমীয়া জাতিৰ নোম এডালো লৰাব নোৱাৰে। মৰিগাঁৱৰ তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নব নিৰ্বাচিত পাৰিষদসকলৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি আজমলক সকীয়নি মন্ত্ৰী ড০ শৰ্মাৰ।

You might also like