নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্রক কেন্দ্ৰ কৰি বিকশাই তোলা হ’ব পর্যটন, জলক্রীড়া আদি দিশঃ মুখ্যমন্ত্ৰী সোণোৱাল

'ব্রহ্মপুত্র আমন্ত্রণ অভিযান'ত মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি মাজুলীত ব্রহ্মপুত্র ব’র্ডৰ দ্বাৰা আয়োজিত ‘ব্রহ্মপুত্র আমন্ত্রণ অভিযান’ৰ এক অনুষ্ঠানত অংশগ্রহণ কৰে। উল্লেখ্য যে নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূর্ণ দিশটোৰ প্ৰতি নৱপ্ৰজন্মৰ দৃষ্টি আকর্ষণ কৰাৰ লগতে ব্রহ্মপুত্ৰৰ জলৰাশিৰ গুণাগুণ, খহনীয়া, অৱক্ষেপণ আৰু মৎস্য-বিবিধতা সন্দৰ্ভত অধ্যয়নৰ উদ্দেশ্যে কেন্দ্ৰীয় জলশক্তি মন্ত্রালয়ে ব্রহ্মপুত্র ব’র্ডৰ তত্ত্বাৱধানত অৰুণাচল প্রদেশৰ গেলিঙৰ পৰা ২৩ ডিচেম্বৰত এই নদী অভিযানত আৰম্ভ কৰা হৈছিল।

এই অভিযানৰ নেতৃত্ব বহন কৰে ব্ৰহ্মপুত্র ব’র্ড আৰু এন ডি আৰ এফে। দৰিয়াপাৰৰ মাজুলী মহাবিদ্যালয় খেলপথাৰত আয়োজিত আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কয় যে এই অভিযানৰ ফলত ব্রহ্মপুত্ৰৰ বুকুত নিহিত হৈ থকা বহু সম্ভাৱনাৰ উমান পোৱা যাব আৰু এই সম্ভাৱনাসমূহ বিকশিত কৰাৰ ক্ষেত্ৰত সঠিক পৰিকল্পনা যুগুত কৰিব পৰা যাব।

ব্ৰহ্মপুত্ৰই অসমৰ জাতীয় জীৱন,কলা-সংস্কৃতি, পৰম্পৰা আদিৰ লগত ওতপ্রোতভাৱে জড়িত আৰু ইয়াৰ শক্তি সম্পূর্ণৰূপে বিকশাই তুলি অসমৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰিব পৰা যাব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। বৰাক-ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ ১২১খন উপনৈৰে সমৃদ্ধ অসমক এই নদীসমূহৰ যোগেদি ক্ষিপ্রতাৰে বিকশাই তোলাৰ ক্ষেত্ৰত পৰিকল্পনা প্রস্তুত কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ব্রহ্মপুত্র অভিযানৰ দৰে অভিযানৰ ফলত ব্রহ্মপুত্ৰৰ দুয়োপাৰে বসবাস কৰা লোকসকলৰ বহনক্ষম উপার্জনৰ পথ প্রশস্ত হ’ব।

ব্রহ্মপুত্র নদীক কেন্দ্ৰ কৰি পর্যটন, জলক্রীড়া, নদী পৰিবহণ আদি দিশ বিকশাই তোলাৰ প্রয়োজন আছে বুলিও তেওঁ কয়। এই অভিযানৰ ফলত পোহৰলৈ অহা তথ্যসমূহৰ সহায়ত এক বাস্তৱমুখী আৰু বিজ্ঞানসন্মত পৰিকল্পনা প্রস্তুত কৰি ব্ৰহ্মপুত্ৰৰ পূর্ণ শক্তি বিকশাই তোলাটো সম্ভৱ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এন ডি আৰ এফৰ ৰাফটিং টীম লিডাৰ সুহাসিনী শ্বেখাৱটে সভাত ভাষণ দি কয় যে অৰুণাচলৰ গেলিঙৰ পৰা আৰম্ভ কৰা ৰাফটিং অভিযানে ৪৫০ কিলোমিটাৰ অতিক্ৰম কৰি মাজুলীত উপস্থিত হোৱাটো আনন্দৰ বিষয়। নদীখনৰ অঞ্চলভেদে হোৱা গভীৰতা, প্ৰবহণৰ স্রোত ইত্যাদি অনবদ্য অভিজ্ঞতাৰ কথা তেওঁ ভাষণ প্রসংগত আলোকপাত কৰে।

তেওঁ কয় যে গংগাকে ধৰি ভাৰতবৰ্ষৰ অন্যান্য নদীসমূহৰ প্ৰদূষণতকৈ ব্ৰহ্মপুত্ৰৰ প্ৰদূষণৰ মাত্রা যথেষ্ট কম। এই নদীখনৰ পাৰিপাৰ্শ্বিক বাতাৱৰণ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু জনসাধাৰণে যৌথভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে অসমৰ নতুন প্রজন্মই ব্ৰহ্মপুত্ৰৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। আজিৰ এই অনুষ্ঠানত সাংসদ প্রদান বৰুৱা, এন ডি আৰ এফৰ ইনস্পেক্টৰ জেনেৰেল অমৰেন্দ্ৰ কুমাৰ ছেংগাৰ, বিপিচিএলৰ পৰিচালন সঞ্চালক ৰিদীপ হাজৰিকা, ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱেও ভাষণ দিয়ে। আজিৰ এই অনুষ্ঠনত উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি গণ্যমান্য ব্যক্তিসকল উপস্থিত আছিল।

You might also like