নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘মুখ্যমন্ত্ৰী হ’বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে’

নিয়মীয়া বাৰ্তা, ১৫ আগষ্টঃ মুখ্যমন্ত্ৰী হ’বলৈ চন্দ্ৰত জন্মগ্ৰহণ কৰিব নালাগে। মৰিগাঁৱত এই মন্তব্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা প্ৰতিজন অসমীয়াৰে আছে। মুখ্যমন্ত্ৰী কোন হ’ব সেয়া ৰাইজ আৰু ভগৱানে নিৰ্ণয় কৰিব অসমৰ ৩কোটি জনতাৰে মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে, যোগ্যতাত একো অসুবিধা নাই বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

মৰিগাঁৱত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে। আছুকো পুনৰ কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ। ৬ মাহৰ আগত আছু ৰাজনৈতিক দল নাছিল কিন্তু বৰ্তমান আছু এটা ৰাজনৈতিক দল। লুৰিণজ্যোতি গগৈকো পৰোক্ষভাৱে কটাক্ষ কৰি ড০ শৰ্মাই কয় যে বেয়া কথাৰ প্ৰতিযোগিতাত নামিছে যুবকজন। তেওঁৰ অনুষ্ঠানৰ TRP নাই। অসমৰ মানুহে বেয়া কথা বেয়া শব্দ বেয়া পায়। আছু জনপ্ৰিয় নে আমি জনপ্ৰিয় ২০২১ৰ নিৰ্বাচনে প্ৰমাণ কৰিব। তেওঁলোকে এই প্ৰতিযোগিতাত নামি জাতীয় সংগঠনটোৰ মৰ্যাদা লাঘৱ কৰিলে। আছুৰ মৰ্যাদা কিমান কমিল সেয়া নিৰ্বাচনত সকলোৱে দেখিবলৈ পাব বুলিও কয় মন্ত্ৰীগৰাকীয়ে।

You might also like