নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰে বিনাবেতনে মানৱ সম্পদ গঢ়া চৰাইদেউৰ এগৰাকী বৌদ্ধিক যুঁজাৰু

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : আজিৰ ভোগবাদী সমাজ জীৱনত অৰ্থক সৰ্বস্ব জ্ঞান কৰা লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তে অৰ্থক গৌণ কৰি মানসিক তৃপ্তিৰ বাবে বিগত ১৫টাকৈ বছৰ কোনো বেতন নোলোৱাকৈ মানৱ সম্পদ গঢ়াত ব্ৰতী হৈ নিঃস্বাৰ্থভাৱে শিক্ষাদান কৰি অহা এগৰাকী বৌদ্ধিক যুঁজাৰু হিচাপে চিহ্নিত হৈছে চৰাইদেউ জিলাৰ এগৰাকী  শিক্ষয়িত্ৰী। নাম তেওঁৰ মঞ্জুশ্ৰী সিনহা। চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ চফ্ৰাইস্থিত ৫৭৬ নং মোহন গাঁও প্ৰাথমিক বিদ্যালয়ত এইগৰাকী অবৈতনিক শিক্ষয়িত্ৰীয়ে ১৫টাকৈ বছৰ ছাত্র-ছাত্ৰীসকলক নিয়মীয়াকৈ শিক্ষাদান কৰি আহিছে। ধুবুৰীৰ জীয়ৰী অৰ্থাৎ ধুবুৰীৰ বি এন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰি  ইউনিছেফত চাকৰি কৰাৰ পাছত বিবাহসূত্ৰে চফ্ৰাইৰ স্বামীগৃহলৈ চাকৰি এৰি তেওঁ গুচি আহে। পৰৱৰ্তী সময়ত আজিৰ পৰা ১৫ বছৰ পূৰ্বে এদিন হঠাৎ ৫৭৬ নং মোহন গাঁও প্ৰাথমিক বিদ্যালয়ৰ তদানীন্তন প্ৰধান শিক্ষয়িত্ৰী দিব্যলতা কলিতাৰ পৰা শিক্ষানুষ্ঠানখনিত অধ্যয়নৰত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী বিষয়ৰ শিক্ষাদান আগবঢ়োৱাৰ প্ৰস্তাৱ পাইছিল। স্বামীগৃহত ঘৰুৱা ব্যস্ততাৰ মাজতো হাতত সময়ৰ কিছু অৱকাশ থকাত বিনা পাৰিশ্ৰমিকত শিক্ষাদানৰ প্ৰস্তাৱটি পাই মঞ্জুশ্ৰী সিনহাই একমুখে প্ৰস্তাৱটি গ্ৰহণ কৰে। সেইদিন ধৰি বৰ্তমানলৈকে তেওঁ নিয়মীয়াকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয়খনিত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক ইংৰাজী বিষয়ৰ শিক্ষাদান কৰি আহিছে। অন্যান্য চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ তুলনাত এই বিদ্যালয়খনিৰ ছাত্র-ছাত্ৰীসকল তুলনামূলকভাৱে কিছু পৰিমাণে বেছিকৈ ইংৰাজী বিষয়ত আগবঢ়া বুলি স্থানীয় একাংশ ৰাইজে ক’ব বিচাৰে। প্ৰতিটো গুণোৎসৱৰ সময়ত শিক্ষানুষ্ঠানখনিলৈ মূল্যায়নৰ বাবে অহা নিৰীক্ষকসকলে মঞ্জুশ্ৰী সিনহাৰ নিঃস্বাৰ্থ সেৱাক ভূয়সী প্ৰশংসা কৰি আহিছে। গুণোৎসৱত ধাৰাবাহিকভাৱে এ গ্ৰেড লাভ কৰা এই শিক্ষানুষ্ঠানখনিত বৰ্তমান ৯০গৰাকী ছাত্র-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আহিছে। সৰল জীৱন যাপন, উচ্চ চিন্তাৰ মাজত সৰ্বদা সোমাই থকা মঞ্জুশ্ৰী সিনহাই বিগত ১৫টা বছৰ শিক্ষানুষ্ঠানখনিৰ কমন ৰুমৰ পৰিৱৰ্তে শ্ৰেণীকোঠাত ছাত্র-ছাত্ৰীসকলৰ মাজতহে অধিক সময় অতিবাহিত কৰিছে। ইয়াৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অতিকৈ প্ৰিয় হৈ পৰা মঞ্জুশ্ৰী সিনহাক প্ৰতিদিনে বিদ্যালয়খনৰ ওচৰৰ বাসগৃহৰ পৰা ছাত্ৰ-ছাত্রীসকলে হাতত ধৰি বিদ্যালয়খনিলৈ লৈ আহে আৰু সময়ত ঘৰত থৈ আহে। কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ আদৰমিশ্ৰিত মৰম আৰু শ্ৰদ্ধাৰ মাজত বিগত ১৫টাকৈ বছৰ শিক্ষানুষ্ঠানখনিত অবৈতনিকভাৱে শিক্ষাদান কৰি অহা মঞ্জুশ্ৰী সিনহাৰ বাবে এয়াই যথেষ্ট সন্তুষ্টি। বিদ্যালয়খনিৰ সমীপত স্বামী ৰাণা প্ৰতাপ সিনহাৰ সৈতে বসবাস কৰা মঞ্জুশ্ৰী সিনহাৰ একমাত্ৰ পুত্ৰই তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰি বৰ্তমান কৰ্মসূত্ৰে আমেৰিকাত আছে বুলি জানিব পৰা গৈছে। আজিৰ সমাজ জীৱনৰ বাবে মঞ্জুশ্ৰী সিনহা বহুজনৰ বাবে নি:সন্দেহে এক আদৰ্শ।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like