নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুদিনীয়া ভ্ৰমণসূচীৰে শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

নিয়মীয়া বাৰ্তা, ২৯ মেঃ জনসংযোগৰ তৰফৰ পৰা শিৱসাগৰৰ সংবাদ মাধ্যমক সামান্যও ভু নিদিয়াকৈ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত শিৱসাগৰত উপস্থিত হোৱা ঘটনাই শিৱসাগৰৰ সংবাদ মাধ্যমক ক্ষুণ্ণ কৰি তুলিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ সংবাদ মাধ্যমে জিলা উপায়ুক্ত ওচৰত নিজৰ অসন্তুষ্টি ব্যক্ত কৰে ৷ ইফালে, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে জিলাখনৰ স্বাস্থ্যখণ্ডৰ বিভিন্ন বিষয়ৰ ওপৰত এক পৰ্যালোচনা সভাত মিলিত হয় ৷ এই পৰ্যালোচনা সভাত জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন চিকিৎসালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহত শিশু, প্ৰসূতি আদিকে ধৰি বিভিন্ন ৰোগীক আগবঢ়োৱা চিকিৎসাসেৱা, প্ৰধানমন্ত্ৰী টিবিমুক্ত ভাৰত অভিযান, কুষ্ঠ ৰোগ নিবাৰণ আদি বিভিন্ন আঁচনিৰ অগ্ৰগতি আৰু চিকিৎসালয়সমূহৰ আন্তঃগাঁথনিৰ বিষয়ে পি পি টি পদ্ধতিৰে মন্ত্ৰীগৰাকীক অৱগত কৰে ৷ এই পৰ্যালোচনা সভাত বিধায়ক প্ৰদীপ হাজৰিকা, উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ, অতিৰিক্ত উপায়ুক্ত ড° মন্দিৰা বৰুৱা, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুসী জৈনৰ উপৰি জিলাখনৰ স্বাস্থ্য বিষয়াসকল উপস্থিত থাকে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like