নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱনির্মিত সংসদ ভৱন আৰু চেংগল

প্রয়াত প্রধানমন্ত্রী পি ভি নৰসিংহ ৰাওৰ সময়ৰ কথা৷ সেই সময়ৰ লোকসভাৰ অধ্যক্ষ শিৱৰাজ পাটিল আৰু সংসদীয় পৰিক্রমা মন্ত্রী গোলাম নবী আজাদ এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হৈ এটি নতুন সংসদ ভৱন নির্মাণৰ প্রয়োজনীয়তাৰ বিষয়ে প্রধানমন্ত্রী ৰাওক অৱগত কৰাই অনুৰোধ জনালে৷ নতুন সংসদ ভৱন এটা নির্মাণ কৰাৰ পৰিকল্পনা সম্পর্কত তেওঁলোক দুইজনে প্রধানমন্ত্রীক জনাইছিল যে যিহেতু ২০২৬ চনত সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে ভাৰতবর্ষৰ বর্ধিত জনসংখ্যা অনুপাতে বর্তমানৰ ৫৪৫জন সাংসদৰ সংখ্যা বৃদ্ধি হৈ হয়তো ৭০০জনৰো অধিক হ’ব, সেয়েহে সকলো সাংসদ একেলগে বহিব পৰাকৈ এটি ডাঙৰ সংসদ ভৱন নির্মাণ কৰাৰ কথা চিন্তা কৰা হৈছে৷ তেওঁলোকৰ সেই প্রস্তাৱটো নৰসিংহ ৰাৱে ‘এতিয়াও বহুদিন হাতত আছে’ বুলি কৈ একপ্রকাৰ অগ্রাহ্য কৰিলে৷
সময় বাগৰিল৷ বহুকেইখন চৰকাৰ সলনি হ’ল৷ বিগত কোনো এখন চৰকাৰেই এই কামটো হাতত নল’লে৷ কিন্তু বর্তমানৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ আমোলত নতুন সংসদ ভৱনটিৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠিল৷ ইং ২৮ মে’, ২০২৩ তাৰিখে এই সংসদ ভৱনটি প্রধানমন্ত্রী মোদীয়ে মুকলি কৰিব আনুষ্ঠানিকভাৱে৷ ভাৰতবষর্ৰ গণতন্ত্রৰ মন্দিৰ স্বৰূপ নতুন সংসদ ভৱনটি মুকলি হ’বলৈ ওলোৱা খবৰটি প্রতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱ আৰু আনন্দৰ বিষয়– ‘আজাদী কী অমৃত মহোৎসৱ’ পালন কৰি থকা সময়ত৷
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবর্ষই স্বাধীনতা পোৱাৰ কথা–বতৰা চলি থকাৰ সময়ত লর্ড মাউণ্ট বেটেনে জৱাহৰলাল নেহৰু প্রমুখ্যে সেই সময়ৰ স্বাধীনতা আন্দোলনৰ নেতাসকলক ব্রিটিছসকলৰ হাতৰ পৰা ভাৰতীয়ৰ হাতলৈ– ‘এক ঐতিহাসিক প্রতীকী ৰূপত কেনেদৰে ক্ষমতা হস্তান্তৰ কৰিলে ভাল হ’ব’ বুলি জানিব বিচাৰিলে৷ ভাৰতীয় নেতাসকলে আলোচনা কৰি তামিলনাডুৰ চ’লা ৰাজতন্ত্রৰ প্রতীক চেংগল অর্থাৎ ৰাজদণ্ডটি তিৰুভাডুঠুৰাই অধীনমৰ পৰা অনাৰ ব্যৱস্থা কৰিলে৷ চেংগলৰ প্রতীকী অর্থ হ’ল ক্ষমতা হস্তান্তৰকৰণৰ, দ্বাৰা সুশাসন আৰু ন্যায় প্রতিষ্ঠা কৰা৷ সেই মতে তামিলনাডুৰ পৰা বহুকেইজন পুৰোহিতসহ এই ৰাজদণ্ডটি আনি প্রথমে ১৫ আগষ্টত ভাৰতবর্ষ স্বাধীন হোৱাৰ প্রাক্মুহূর্তত লর্ড মাউণ্ট বেটেনৰ হাতত অর্পণ কৰি পুনৰ তেওঁৰ হাতৰ পৰা উক্ত ৰাজদণ্ডটি গ্রহণ কৰি অধ্যাত্মিক নীতি–নিয়মৰ মাজেৰে শুদ্ধিকৰণ ইত্যাদি কৰি ভাৰতৰ ভাবী প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ হাতত অর্পণ কৰাৰ পিছতহে ভাৰতবর্ষই স্বাধীনতা লাভ কৰিলে বুলি ৰাজহুৱা ঘোষণা কৰে৷ ভাৰতবর্ষ স্বাধীন হ’ল৷ পৰৱর্তী সময়ত এই ৰাজদণ্ডটি প্রয়াগৰাজৰ নেহৰু মিউজিয়ামত সংৰক্ষণ কৰি ৰখা হয়৷ এই ঐতিহাসিক ক্ষমতা হস্তান্তৰ প্রক্রিয়াটিত এক বিশেষ ভূমিকা লোৱা এই ৰাজদণ্ডটিৰ বিষয়ে স্বাধীনোত্তৰ ভাৰতবর্ষৰ হয়তো সিংহভাগ লোকেই নাজানে৷
২০২১ চনত এগৰাকী প্রখ্যাত নৃত্যাংগনা ড০ পদ্মা সুব্রহ্মণিয়মে প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ এক পত্র প্রেৰণ কৰি এই ৰাজদণ্ডটিৰ প্রসংগ উত্থাপন কৰে৷ লগতে ৰাজদণ্ডটি সম্পর্কে তেখেতে লিখা এটি প্রবন্ধও প্রধানমন্ত্রীলৈ প্রেৰণ কৰে৷
অৱশেষত বর্তমানৰ নৰেন্দ্র মোদীৰ চৰকাৰে প্রয়াগৰাজৰ মিউজিয়ামৰ পৰা এই ৰাজদণ্ডটি আনি নৱনির্মিত সংসদ ভৱনত পুনৰ প্রতিষ্ঠা কৰিব বুলি ঘোষণা কৰে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নৱনির্মিত সংসদ ভৱনটি উদ্বোধন কৰি তাত উক্ত ৰাজদণ্ডটি প্রতিষ্ঠা কৰিব বুলি বর্তমানৰ সকলো সাংসদলৈ নিমন্ত্রণৰ শৰাই আগবঢ়োৱাৰ লগে লগেই এচাম বিৰোধী পক্ষৰ নেতাই ইয়াৰ বিৰোধিতা কৰি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকিব বুলি ৰাজহুৱাকৈ ঘোষণা কৰে৷ আৰম্ভ হ’ল এক অনাকাংক্ষিত বিতর্ক৷ বিৰোধী পক্ষৰ নেতাসকলে এই নৱনির্মিত সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানটি বিৰোধিতাৰ খাতিৰত বিৰোধিতা কৰা যেনহে পৰিলক্ষিত হৈছে৷ কাৰণ ভাৰতৰ বিভিন্ন প্রদেশৰ বিধানসভা গৃহকে আদি কৰি বহুতো চৰকাৰী ভৱন প্রাক্তন প্রধানমন্ত্রী, মুখ্যমন্ত্রীসহ নেতাসকলে উদ্বোধন কৰাৰ বহুতো উদাহৰণ আছে৷ সেয়েহে অনাহকত এই শুভ কামটিত এক প্রকাৰ বিধি–পথালি দিয়া কার্যটি আমাৰ দৰে জনসাধাৰণৰ কাৰণে অতিশয় দৃষ্টিকটু হোৱাৰ উপৰি এক অশুভ পৰম্পৰা আৰম্ভ কৰাৰ লগতে এক ঐতিহাসিক ভুল কৰিবলৈহে বিৰোধী দলসমূহ আগবাঢ়িছে বুলি ক’ব খোজোঁ৷ আনকি প্রধানমন্ত্রী মোদীৰ পৰিৱর্তে মহামান্য ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱেহে সংসদ ভৱনটি উদ্বোধন কৰিব লাগে বুলি দাখিল কৰা এখন পি আই এল মহামান্য উচ্চতম ন্যায়ালয়ে ইতিমধ্যে নাকচ কৰিছে৷

 

  • কমল কটকী

You might also like