🔹 আঘোণৰ পথাৰত তিতিল ধানৰ মুঠি
🔹 মূৰে-কপালে হাত দিছে কৃষকে
বিশেষ বাৰ্তা, ১৪ ডিচেম্বৰ : এতিয়া আঘোণ মাহ। কৃষকে কপালৰ ঘাম মাটিত পেলাই ৰোপণ কৰা বিভিন্ন শইচৰ কঠীয়া একলা-দুকলাকৈ বাঢ়ি ভৰুণ হৈ পৰিছে পথাৰ। ক্ৰমশঃ পকা ধানৰ ভৰত দোঁ খাই পৰিছে ধানৰ থোকসমূহ। পকা ধাননি পথাৰ নহয় যেন এখন সোণালী দলিচাহে। ব্যস্ত হৈ পৰিছে কৃষক-দাৱনী। কোনেও কাৰোলৈ চাবলৈ যেন আহৰি নাই। মুঠি মুঠিকে দাৱনীয়ে কাটি গৈছে ধান। কৃষকে কুমলীয়া বাঁহৰ টঙালেৰে আঁতি আঁতি ডাঙৰি বান্ধি বিৰিয়াৰে কান্ধত কঢ়িয়াইছে ভাৰে ভাৰে সোণগুটি। প্রবল উৎসাহেৰে বিগত কেইদিনত এনেদৰে ব্যস্ত হৈ পৰিছে চৰাইদেউ জিলাৰ কৃষক ৰাইজ। কিন্তু এনে সময়তে বতৰে দিয়া বিধি-পথালিত চিন্তিত হৈ পৰিছে এইসকল কৃষক ৰাইজ। কিয়নো কালি বিয়লি সময়ত অহা এজাক প্রচণ্ড বৰষুণে মাতি আনে অথন্তৰ। শ শ বিঘা পথাৰত বৰষুণত তিতি পৰি ৰ’ল কটা ধানৰ মুঠি। একেদৰে দোঁ খাই পৰা পকা ধানৰ থোকবোৰ বৰষুণ পৰি গধুৰ হৈ পৰাত ধানৰ গছবোৰ পথাৰত চেপেটা হৈ পৰিছে। শুকান পথাৰবোৰ বৰষুণৰ পানীৰে তিতি উঠিছে। লোকচান হোৱাৰ চিন্তাত সম্প্রতি মূৰে-কপালে হাত দিছে চৰাইদেউ জিলাৰ কৃষক ৰাইজে। আনহাতে, কালি বিয়লিৰ পৰাই নেৰানেপেৰাকৈ অহা মুষলধাৰ বৰষুণজাকৰ লগতে প্রচণ্ড বিজুলি-ঢেৰেকনিয়ে কৃষক জনসাধাৰণৰ মাজত একপ্ৰকাৰ সন্ত্রাস সৃষ্টি কৰে। ইফালে, শাওণৰ পথাৰত সিঁচি দিয়া সেউজীয়া সপোনবোৰ আঘোণৰ পথাৰত সোণগুটি হৈ কৃষকৰ মনলৈ আনি দিয়া প্রাপ্তিৰ আনন্দত কালি সন্ধিয়া অহা এজাক প্রচণ্ড বতাহ-বৰষুণে সকলো সপোন তচনচ কৰি তুলিলে। চৰাইদেউ জিলাৰ টেঙাপুখুৰী, লাকুৱা, মথুৰাপুৰ, মাইবেলা আদি বৃহত্তৰ অঞ্চলৰ ওপৰেৰে কালি সন্ধিয়া অহা প্রচণ্ড বতাহৰ সমান্তৰালভাৱে অহা মুষলধাৰ বৰষুণ-শিলাবৃষ্টিৰ ফলত শ শ হেক্টৰ শালিধানৰ খেতিপথাৰৰ পকা ধানৰ লগতে দোৱা ধানৰ মুঠি পানীত বুৰ যোৱাত খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। এইবাৰ আঘোণ মাহত দ্বিতীয়বাৰলৈ অহা বৰষুণজাকৰ ফলত পকা ধানৰ সৰহসংখ্যক পথাৰতে নষ্ট হোৱাৰ উপক্ৰম হৈছে।
প্ৰেৰক দীপাংকৰ পাল