নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰবল গ্ৰীষ্মদাহ : বজালীৰ শিক্ষানুষ্ঠানৰ সময়সূচী সলনি

🎯পুৱা ৭ বজাৰ পৰা ১২ পৰ্যন্ত কৰিব পাৰিব পাঠদান

নিয়মীয়া বাৰ্তা, ২৫ মে’ : উৎকট গৰমে দহিছে সমগ্ৰ দেশৰ লগতে ৰাজ্য৷ অস্বাভাৱিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে দেশত ইতিমধ্যে মৃত্যু পৰ্যন্ত হৈছে কেবাজনো লোকৰ৷ গ্ৰীষ্মদাহৰ ফলত ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা৷ দৈনিক বৃদ্ধি পাই অহা তীব্ৰ গৰমৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত পাঠদানৰ লগতে আন আন কৰ্মস্থলীতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে৷ যাৰ ফলত জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে৷ বিশেষকৈ বিগত এটা সপ্তাহৰ পৰা অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে তাপমাত্ৰা৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বজালী জিলাতো এনে উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহত পাঠদানৰ সময় সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ বৰপেটা আৰু বজালী জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে এই সন্দৰ্ভত আজি এক নিৰ্দেশনা জাৰি কৰিছে৷ বৰপেটা আৰু বজালী জিলাত অত্যাধিক হাৰত তাপমাত্ৰা বৃদ্ধি হোৱাৰ বাবে জিলাদুখনৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো শিক্ষানুষ্ঠানতে পাঠদানৰ সময়সূচী পৰিৱৰ্তন কৰা হৈছে৷ আজি জাৰি কৰা নিৰ্দেশনা অনুসৰি, অহা ২৭ মে’ৰ পৰা জিলা দুখনৰ নিম্ন প্ৰাথমিক শ্ৰেণীসমূহত পুৱা ৭ বজাৰ পৰা দিনৰ ১১ বজালৈ, মধ্য ইংৰাজী শ্ৰেণীসমূহত পুৱা ৭ বজাৰ পৰা দিনৰ ১১.৩০ বজালৈ আৰু উচ্চ মাধ্যমিক তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীসমূহত পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে পাঠদান হ’ব৷ উল্লেখ্য যে, বজালী জিলাত দিনে দিনে তাপমাত্ৰা বৃদ্ধি হৈ আহিছে৷ পূৰ্বৰ সকলো তাপমাত্ৰাৰ হাৰ বৃদ্ধি পোৱাৰ ফলত জনজীৱন সম্পূৰ্ণ বিপৰ্যস্ত হৈ পৰিছে৷ এনে এক প্ৰেক্ষপটতে শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে বজালীৰ ৰাইজে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like