নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা চহৰত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ গধুৰ যান-বাহনৰ চলাচল বন্ধ

বাৰ্তা ব্যুৰো, ৫ এপ্ৰিল: বৰপেটা জিলাৰ উপায়ুক্তই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ বৰপেটা চহৰত টেক্টৰ,ট্ৰেইল আৰু গধুৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰিছে ৷ জিলা উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত  এক গুৰুত্বপূৰ্ণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ উল্লেখযোগ্য যে,যোৱা ১ এপ্ৰিলত বৰপেটা চহৰৰ মৰানদীৰ দলঙৰ ওপৰত এখন ডাম্পাৰে বৰপেটা কেন্দ্ৰীয় বিদ্যালয়ৰ দুগৰাকীকৈ ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ পিতৃক মহতিয়াই নিয়াৰ পিচত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হবলগা হৈছিল৷ এই দুৰ্ঘটনাত দুয়োখন ভৰিৰ ওপৰেৰে ডাম্পাৰৰ চকা উঠি যোৱাৰ পিচত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নিলোৎপল নামৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ দুটাকৈ অস্ত্ৰোপোচাৰ সম্পন্ন কৰা হৈছে ৷ এই ঘটনাৰ পিচতে বৰপেটা চহৰত দিনৰ ভাগতে অভাৰল’ড দি চলাচল কৰা ডাম্পাৰ,টেক্টৰৰ বন্ধ কৰাৰ দাবীত ৰাইজে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে চছিয়েল মিডিয়াতো এই বিষয়টোক লৈ জনমত সৃষ্টি হোৱা দেখা যায় ৷ বিশেষকৈ দিনৰ ভাগত ডাম্পাৰ,টেক্টৰ বন্ধ কৰাৰ লগতে বৰপেটা চহৰৰ কেবা স্থানত গঢ় লৈ উঠা  অবৈধ বাছ,সৰু মটৰ গাড়ীৰ আস্থান সমূহ উঠাই দিয়াৰ বাবে ছচিয়েল মিডিয়াত প্ৰৱল দাবী উত্থাপন হৈছিল ৷ ৰাইজৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া আৰু সংবাদ মাধ্যমত এই সম্পৰ্কত বাতৰি প্ৰচাৰ হোৱাৰ পিচতে আৰক্ষীয়ে যোৱানিশাৰ পৰা জিলাখনৰ বিভিন্ন থানা এলেকাৰ পৰা চালানবিহীন আৰু অভাৰল’ড দি চলাচল কৰা ডাম্পাৰ,টেক্টৰ সমূহ জব্ধ কৰে ৷  ইপিনে,আজি বৰপেটাৰ জিলা উপায়ুক্ত আয়ুষ গৰ্গে এই বিষয়টোৰ ওপৰত এখন সভা আহ্বান কৰে ৷ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত সভাখনত বৰপেটা জিলাৰ ৰাজহ চক্ৰ বিয়ষাসকল,জিলা আৰক্ষী অধীক্ষক,পৰিবহণ বিষয়া সমন্বিতে প্ৰশাসনিক বিষয়া সকল উপস্থিত থাকে ৷ এই সভাত বৰপেটা চহৰত সৃষ্টি হোৱা যান বাহনৰ সমস্যা আৰু দুৰ্ঘটনা সম্পৰ্কত বিশদভাৱে আলোচনা কৰা হয় ৷ এই আলোচনাৰ অন্তত উপায়ুক্ত গৰাকীয়ে দুৰ্ঘটনা ৰোধ কৰা আৰু ৰাইজৰ জীৱন ৰক্ষাৰ স্বাৰ্থত পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ বৰপেটা চহৰৰ মাজেৰে সকলো ধৰণৰ গধুৰ যান বাহনৰ চলাচল বন্ধ কৰিবলৈ পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে৷ সেই অনুসৰি,বৰপেটা জিলা পৰিবহণ বিভাগে আজি মেম’ নং-ডিটিভি/এম ভি/২০২৩ নিৰ্দেশযোগে বৰপেটা চহৰত আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ টেক্টৰ,টেইলৰ আৰু গধুৰ যান বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে ৷ এনফোৰ্চমেন্ট ইন্সপেক্টৰ কৈতৱজিৎ বুঢ়াগোহাইৰ নেতৃত্বত এটা ইন্সপেক্টৰৰ দলক আৰক্ষীৰ সহযোগত এই দিশ সমূহ চোৱাচিতা কৰাৰ বাবে দায়িত্ব অৰ্পন কৰা হয় ৷

প্ৰেৰক নৱজিত বায়ন

You might also like