নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭-১৯ নৱেম্বৰলৈ নলবাৰী ৰাস মহোৎসৱ : উপস্থিত থাকিব বলীউডৰ ড্ৰীমগাৰ্ল হেমামালিনী

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ ৰাস মহোৎসৱক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সনাতন ধৰ্মীয় সংস্কৃতিৰ পীঠস্থান উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ঐতিহ্যমণ্ডিত নলবাৰীৰ হৰিমন্দিৰত। ১৯৩৩ চনৰ পৰা নিৰৱচ্ছিন্নভাবে উদযাপিত হৈ অহা ৰাস মহোৎসৱ এইবেলি ৮৯ তম্ বৰ্ষ হিচাপে ৭ নবেম্বৰৰ পৰা ১৯ নবেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিব। এইবেলি ৰাস মহোৎসৱত বলিউদৰ প্ৰখ্যাত মোহময়ী অভিনেত্ৰী হেমামালিনী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইতিমধ্যে প্ৰস্তুতি তুংগত উঠিছে নলবাৰীৰ ৰাস মহোৎসৱৰ বাবে। শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সাধাৰণ সম্পাদক নগেন ডেকাই জানিবলৈ দিয়া অনুসৰি এইবেলি নলবাৰীৰ পৱিত্ৰ ৰাস মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বৰদোৱাৰ নাৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে। মুখ্য অতিথি হিচাপে মন্ত্ৰী পীয়ুষ হাজৰিকা, সন্মানীয় অতিথি হিচাপে বিটিচি প্ৰধান প্ৰমোদ বড়ো, অতিথি হিচাপে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, জিএমডিএৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত থাকিব।আনহাতে, স্মৃতিগ্ৰন্থ উন্মোচন কৰিব শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই। ইপিনে হৰিমন্দিৰৰ সমীপত নিৰ্মীয়মান ৰেলৱে অভাৰব্ৰীজখন সম্পূৰ্ণ নোহোৱাত ৰাইজে ৰাস মহোৎসৱ হবনে নহয় তাক লৈ চিন্তিত হৈ আছিল। কিয়নো অভাৰব্ৰীজ খন নিৰ্মানৰত অৱস্থাত থকা বাবে পদপথেৰে যাব পৰা ৰেলৱে ক্ৰছিংটো বন্ধ কৰি থোৱা আছিল। কিন্তু হৰিমন্দিৰ পৰিচালনা সমিতিয়ে বিভাগীয়ভাৱে ৰেল বিভাগলৈ আবেদন কৰাত উক্ত ক্ৰছিংটো ৰাস মহোৎসৱৰ কেইদিন খুলি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে। ৰেল বিভাগে আজি W/362/MISC/DENI/RNY চিঠি মৰ্মে হৰি মন্দিৰৰ ৰেলৱে ক্ৰছিংটো ৭ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ খুলি দিয়াৰ বাবে অনুমতি প্ৰদান কৰিছে। বিভাগটোৱে নলবাৰী জিলা উপায়ুক্তক এইক্ষেত্ৰত সুৰক্ষাৰ দিশটো নিশ্চিত কৰিবলৈ চিঠি যোগে আহ্বান জনাইছে। এনেক্ষেত্ৰত নলবাৰী ৰাস মহোৎসৱে এক বিশেষ মাত্ৰা পাব বুলি সকলোৱে মন্তব্য কৰিছে|লগতে সচেতন ৰাইজে ৰেল বিভাগৰ ইতিবাচক ভূমিকাক আদৰণি জনাইছে।

 

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like