নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাংসাৰিত এইমছৰ সমীপত অমৃত সৰোবৰ প্ৰকল্পৰ শুভাৰম্ভ হেমন্ত চৌধুৰীৰ

নিয়মীয়া বাৰ্তা, ১৭ জুনঃ জালুকবাৰী সমষ্টিৰ বেজেৰা উন্নয়ন খণ্ডৰ ধোপাতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আঠিয়াবৈ-বনমাজাত ১৩ জুনত চাৰিটাকৈ অমৃত সৰোবৰ প্ৰকল্পৰ শুভাৰম্ভ কাৰ্যসূচীৰ সমান্তৰালকৈ কালিও একেটা উন্নয়ন খণ্ডৰ অন্তৰ্গত শৰাইঘাট পঞ্চায়তৰ চাংসাৰিত অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ কৰা হয় । চাংসাৰি -জলাহ পথৰ সংপৃক্ত জলাহ সমবায় বিলত তথা এইমছৰ সমীপত নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা এই অভিলাষী প্ৰকল্পটোৰ আধাৰশিলা স্থাপনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে । এই উপলক্ষে অনুষ্ঠিত এখন সভাত হেমন্ত চৌধুৰীয়ে প্ৰকল্পটোৰ জৰিয়তে স্থানীয় ৰাইজ তথা অঞ্চলবাসীৰ লগতে বিশেষকৈ কৃষক ৰাইজৰ বাবে কি ধৰণৰ সুবিধা উপলব্ধ হব, উপকৃত হব , তাৰ ওপৰত মন্তব্য দাঙি ধৰে । তেওঁ প্ৰকল্পটো সফলতাৰে সম্পূৰ্ণ কৰি ৰাইজৰ বাবে যাতে সোনকালে উৎসৰ্গা কৰিব পাৰি, তাৰ বাবে ৰাইজৰ সহযোগিতা থাকিব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত বেজেৰা ব্লকৰ বিডিঅ’ অপূৰ্ব বৰুৱাই ২০২২-২০২৩ বৰ্ষৰ উক্ত অমৃত সৰোবৰ প্ৰকল্পটো সন্দৰ্ভত ৰাইজৰ আগত বিস্তৃতভাৱে অৱলোকন কৰে । তেওঁ ভাষণ প্ৰসংগত ব্লকৰ জৰিয়তে  উপলব্ধ প্ৰতিখন আঁচনি সন্দৰ্ভতো ৰাইজক উনুকিয়াই কয় যে জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীৰ অ’ এছ ডি হেমন্ত চৌধুৰীৰ দিহা -পৰামৰ্শ অনুযায়ী আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে । অনুষ্ঠানত স্থানীয় বিজেপি নেতা তথা বিজেপি সংখ্যালঘু মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ উপ-সভাপতি তবিবৰ ৰহমানেও আঁচনি সম্পৰ্কে ভাষণ আগবঢ়ায় । যুৱ কৰ্মী আজিজুৰ হুছেইনে  আঁত ধৰা অনুষ্ঠানটোত শৰাইঘাট পঞ্চায়তৰ সভাপতি সুৰেশ চন্দ্ৰ নাথ, জলাহৰ বিজেপিৰ ৫২নং বুথৰ সভাপতি তথা স্থানীয় বিশিষ্ট ব্যক্তি মতিউৰ ৰহমান (ইদুল), মীৰ আহমেদ সৰকাৰ প্ৰমুখ্যে বহুকেইগৰাকী সমাজ সচেতক নাগৰিক উপস্থিত থাকে। উল্লেখ্য যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও ফাণ্ডৰ জৰিয়তে ২৯ লক্ষাধিক টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া অভিলাষী  অমৃত সৰোবৰ আঁচনি বেজেৰা ব্লকত ৰূপায়িত হব মুঠ ১১টা ।
প্ৰেৰক অনুভৱ কুমাৰ 
You might also like