নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধানঃ আহি আছে দক্ষিণ-পশ্চিম মৌচুমী বায়ুঃ প্ৰাক-মৌচুমীত বাক্সাত ১১৫ শতাংশ অধিক বৰষুণঃ ৪১ শতাংশ অধিক বৃষ্টিপাতৰে প্ৰাক-মৌচুমীৰ বিদায়

নিয়মীয়া বার্তা ১ জুন : নিৰ্ধাৰিত  সময়তকৈ তিনিদিন পূর্বে কেৰালাত ২৯ মেত  প্ৰৱেশ কৰা  দক্ষিণ পশ্চিম মৌচুমী বায়ু কেইবাখনো ৰাজ্যৰ ওপৰেৰে অসমকে ধৰি উত্তৰ পূৱৰ দিশে গতি কৰিছে। বৰঝাৰস্থিত  আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  সদৰী কৰা অনুসৰি   অনুসৰি  মৌচুমী বায়ুৱে  হিমালয়ৰ পাদদেশৰে পশ্চিমবঙ্গ আৰু বাংলাদেশৰ দিশে গতি কৰিছে । সকলো ঠিকে থাকে থাকিলে ২ বা ৩ জুনত মৌচুমী বায়ুয়ে অসমকে ধৰি উত্তৰ পূবত প্ৰৱেশ কৰিব ।   দেশৰ কৃষি খণ্ডত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা মৌচুমীৰ সময়ত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ কম হ’ব নে বেছি হ’ব বা স্বাভাৱিক পৰিমাণৰ হ’ব সেই বিষয়ে বতৰ বিজ্ঞানকেন্দ্ৰই সদৰি কৰা নাই   উল্লেখ্য অসমকে ধৰি দেশৰ কৃষিকার্য নিৰ্ভৰ কৰে মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণত। যদি স্বাভাৱিকতকৈ অধিক বৰষুণ হয়, তেন্তে সেই ৰাজ্যসমূহত বাৰিষা হ’ব । তেনেদৰে স্বাভাৱিকতকৈ উদ্বেগজনকভাৱে বৰষুণ কম হলে দেশ বা সেই ৰাজ্যসমূহ খৰাঙৰ কবলত পৰিব। যদি স্বাভাৱিক পৰিমাণৰ বৰষুণ হয় তেতিয়া নিশ্চিতভাৱে কৃষিকর্ম ভাল হ’ব। অৱশ্যে বতৰ বিজ্ঞানৰ ভাষাত স্বাভাৱিকতকৈ যদি ১৯ শতাংশ বৰষুণ কম-বেছি হয় তেতিয়া তাক স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱা বুলি ধৰি লোৱা হয় । আনহাতে, পহিলা মাৰ্চৰ পৰা ৰাজ্যত চলি থকা প্ৰাক মৌচুমী কালৰ  ৩১ মেত  সামৰণি পৰে । কিন্তু এই সময়ছোৱাত  একমাত্ৰ নগাঁও জিলাৰ বাহিৰে  অসমসহ উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱা বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। কেন্দ্ৰৰ তথ্য অনুসৰি পহিলা মাৰ্চৰ পৰা  ৩১  মে পর্যন্ত অসমত হোৱা বৰষুণৰ পৰিমাণ আছিল ৭৬১.১ মিলিমিটাৰ । এই সময়ছোৱাত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ’ব লাগিছিল ৫৩৯.৮ মিঃ মিঃ। অর্থাৎ স্বাভাৱিকতকৈ ৪১  শতাংশ অধিক পৰিমাণৰ বৰষুণ হৈছে । লক্ষণীয় বিষয়টো হল এই সময়ছোৱাত ৰাজ্যৰ ভিতৰতে নগাঁও জিলাত  স্বাভাৱিকতকৈ  ৫৪ শতাংশ পৰিমাণৰ  বৰষুণ হ্ৰাস পাইছে বা ঘাটি হৈছে ।  ইয়াৰ বিপৰীতে  ৰাজ্যৰ সকলো জিলাতে স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হৈছে । তাৰ ভিতৰত বাক্সা জিলাত ১১৫,  ওডালগুৰি জিলাত ,  ১১১ , ধেমাজি জিলাত ১০৯ , বঙইগাঁও জিলাত ১০৬ , ডিমা হাচাও জিলাত  ৯২ শতাংশ অধিক বৰষুণ হৈছে। তেনেদৰে উত্তৰ পূবৰ ভিতৰতে সর্বাধিক মেঘালয়ত স্বাভাৱিকতকৈ  ৯৪  শতাংশ অধিক বৰষুণ হৈছে। ইফালে জিলা হিচাপত উত্তৰ পূৱৰ ভিতৰতে মেঘালয়ৰ পূব খাচী পাহাৰ জিলাত স্বাভাৱিকতকৈ   ১৩১ শতাংশ অধিক পৰিমাণৰ অধিক বৰষুণ হৈছে । উল্লেখযোগ্য যে প্ৰাক মৌচুমীৰ তিনিটা মাহৰ ভিতৰত মে মাহৰ প্ৰথম আৰু  দ্বিতীয় আৰু তৃতীয়   সপ্তাহত  মেঘালয়ৰ জয়ন্তীয়া পাহাৰ জিলা আৰু অসমৰ ডিমা হাচাও জিলাত স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হৈছিল ।

প্ৰেৰক অমল কলিতা

You might also like