নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়া কলেজ পথত নিষিদ্ধ হেৰইন-ভাং জব্দ : গ্ৰেপ্তাৰ এক

বিশেষ বার্তা, ৩ ডিচেম্বৰঃ আৰক্ষীয়ে নিষিদ্ধ নিচাযুক্ত সামগ্ৰী আৰু ইয়াৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যিমানেই অভিযান নচলাওক কিয় একাংশ দুষ্ট চক্ৰই এতিয়াও অঞ্চলটোত অব্যাহত ৰাখিছে নিষিদ্ধ দ্ৰব্যৰ অবৈধ সৰবৰাহ। মনকৰিবলগীয়া যে বিগত প্ৰায় দুটা মাহত জয়পুৰ আৰু নাহৰকটীয়া থানাই নিচাজাতীয় এনে সামগ্ৰীৰ ব্যৱসায় আৰু সৰবৰাহ কৰাৰ অপৰাধত ১০গৰাকীতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতকৈ প্ৰেৰণ কৰিছে যদিও এতিয়াও অঞ্চলটোত একাংশই অব্যাহত ৰাখিছে এই ব্যৱসায়। ইয়াৰ মাজতে আজি পুনৰ অঞ্চলটোত ধৰা পৰে এক ড্ৰাগছ সৰবৰাহকাৰী। নিৰ্ভৰযোগ্য গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উত্তম মালাকাৰৰ নেতৃত্বত চলা এই অভিযানত নাহৰকটীয়া মহাবিদ্যালয় পথৰ লংজং গাঁৱৰ সমীপত এখন স্কুটীত আনি থকা অৱস্থাত জব্দ কৰিবলৈ সক্ষম হয় নিষিদ্ধ হেৰইন আৰু ভাং। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া মতে নাহৰকটীয়া বালুঘাত নিবাসী পিন্টু শৰ্মা নামৰ এটা সৰবৰাহকাৰীয়ে এ এছ ০৬ টি ৬১৯৫ নম্বৰৰ এখন স্কুতিত এই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী কঢ়িয়াই অনাৰ তথ্য লাভ কৰি ৰাজপথতে তেওঁক কৰায়ত্ব কৰাৰ লগতে লুকুৱাই অনা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় মুঠ ১.১৪ গ্ৰাম হেৰইণ আৰু ২.৪৯ গ্ৰাম ওজনৰ ভাং। উল্লেখযোগ্য যে সৰবৰাহকাৰীটোৱে আৰক্ষীৰ আগত দিয়া স্বীকাৰুক্তি অনুসৰি তেওঁ নাহৰকটীয়া মহাবিদ্যালয়ৰ সমীপত থকা কেশৱ গগৈ নামৰ এটা দুধৰ্ষ ড্ৰাগছ বেপাৰীক দিবলৈ আনিছিল এই নিষিদ্ধ দ্ৰব্যসমূহ। আৰক্ষীয়ে ইতিমধ্যে সৰবৰাহকাৰী নাহৰকটীয়া বালুঘাট নিবাসী তৰুণ শৰ্মাৰ পুত্ৰ পিন্টু শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগতে নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ উপৰিও তেওঁ সামগ্ৰী সৰবৰাহত ব্যৱহাৰ কৰা এ এছ ০৬ টি ৬১৯৫ নম্বৰৰ এখন স্কুটী আৰু নগদ ধনো জব্দ কৰি ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like