নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কফিনত সাত কোটি টকাৰ হেৰʼইন

🔴 খটখটীত আৰক্ষীৰ গুলীত আহত সৰবৰাহকাৰী চাহিদ হুছেইন
নিয়মীয়া বাৰ্তা, ৬ জুলাই : চুবুৰীয়া ৰাজ্যসমূহৰ পৰা কাৰ্বি আংলং জিলাৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰি অহা অপৰাধী চক্ৰৰ বিৰুদ্ধে বিগত সময়ছোৱাত কাৰ্বি আংলং জিলা আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে যদিও আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে নিত্য নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই। আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ মাজতে যোৱানিশা জিলাখনৰ আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তত অভিযান চলাই কেইবা কোটি টকাৰ হেৰʼইন জব্দ কৰাৰ লগতে আৰক্ষীৰে সংঘৰ্ষত এটা সৰবৰাহকাৰী গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত যোৱানিশা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু চি আৰ পি এফৰ ২০ নং বেটেলিয়নৰ এচিষ্টেন্ট কমাণ্ডেন্ট ৰবি গীলৰ নেতৃত্বত তথা খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ সহযোগত আৰক্ষী আৰু চি আৰ পি এফৰ এটা যুটীয়া বাহিনীয়ে নিশাৰ ভাগত খটখটী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰীজান এলেকাত থকা কুখ্যাত ড্ৰাগছ মাফিয়া চাহিদ হুছেইনৰ বৰফৰ ফেক্টৰীত অভিযান চলায়। উক্ত অভিযানত আৰক্ষীয়ে এটা কফিনৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত ৯৪টা চাবোনৰ বাকচত মুঠ ১.১৭৬ কিঃগ্ৰাঃ হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় সাত কোটি টকা। এই সন্দৰ্ভত আৰক্ষীয়ে খটখটী থানাৰ অন্তৰ্গত লাহৰীজান টিলাবস্তিৰ চাহিদ হুছেইন (৪৪) আৰু আছাদুল ৰহমান (২৭) নামৰ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে, আৰক্ষীৰ অভিযানৰ সময়তে চাহিদ হুছেইন নামৰ মূল সৰবৰাহকাৰীটোৱে ইটাৰে আৰক্ষীক আক্ৰমণ কৰাৰ লগতে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি লোৱাৰো চেষ্টা কৰে। ফলশ্ৰুতিত দুৰ্বৃত্তটোক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰাত ভৰিত গুলী লাগি ড্ৰাগছ মাফিয়া চাহিদ হুছেইন আঘাতপ্ৰাপ্ত হয়। আহত সৰবৰাহকাৰীটোক লগে লগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই নিশাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
প্ৰেৰক প্ৰাণদ্বীপ চেতিয়া 
You might also like