বিশেষ বাৰ্তা, ১৪ জুনঃ কলকাতা উচ্চ ন্যায়ালয়ত খড়গপুৰ আই আই টিৰ মেধাৱী ছাত্ৰ তথা তিনিচুকীয়াৰ নিৱাসী ফাইজান আহমেদৰ কৰুণ মৃত্যু ঘটনাৰ শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে।পৰৱৰ্তী তদন্তৰ বাবে এখন তিনি জনীয়া তদন্ত কমিটি গঠনৰ নিৰ্দেশ দিয়ে উচ্চ ন্যায়লয়ে।যি কমিটিৰ নেতৃত্ব দিব আই পি এছ বিষয়া কে জয়ৰমনে।বৰ্তমানৰ তদন্তকাৰী বিষয়া গৰাকীক আঁতৰাই জয়ৰমনক এই দায়িত্ব দিয়া হৈছে।গঠন হোৱা বিশেষ তদন্তকাৰী দলে তদন্তৰ সময়ত কোনো লোকৰ ওপৰত সন্দেহ হলে, লোকজনৰ ট্ৰুথ চেৰাম বা নাৰ্কো টেষ্ট কৰাৰো উচ্চ ন্যায়লয়ে নিৰ্দেশ প্ৰদান কৰাৰ লগতে বিশেষ তদন্তকাৰী দলত নতুন সদস্যকো জড়িত কৰিব পাৰিব বুলিও জানিব পৰা গৈছে। অহা ১২ জুলাইত পৰৱৰ্তী শুনানি হ’ব। ইফালে আগন্তুক ৩ দিনৰ ভিতৰত দ্বিতীয় বাৰৰ বাবে মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা ফাইজানৰ শৱদেহ পুনৰ ডিব্ৰুগড়লৈ পঠিয়াব লাগিব। লগতে পশ্চিম বংগ চৰকাৰে ফাইজানৰ মাতৃৰ ভ্ৰমণৰ খৰচ বহন কৰিবলৈকো উচ্চ ন্যায়লয়ৰ নিৰ্দেশনাত প্ৰকাশ।ন্যায়ালয়ৰ শুনানিৰ পাছতে ফাইজানৰ মাতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– আমি বিচাৰিছিলো এটা এছ আই টি গঠন হওক। আৰক্ষী বা চি বি আয়ক তদন্তৰ দ্বায়িত্ব দিয়া নহওক। সেই মতেই আজি আমি ন্যায় পালোঁ। ন্যায়ালয়ে এই নিৰ্দেশৰ পাছতে আশা প্ৰকাশ কৰিছো যে মোৰ ল’ৰাক কোনে মাৰিছিল? কিয় মাৰিছিল সকলো জানিব পাৰিম।যি এছ আই টি গঠন কৰা হৈছে সেই কমিটিৰ ওপৰত আমাৰ ভৰষা আছে বুলি মাতৃ ৰেহেনা বেগমে সংবাদ মাধ্যমক,জানিবলৈ দিয়ে।
প্ৰেৰক বিভাস দুৱৰা