হাইস্কুল শিক্ষক নিযুক্তিৰ মেধাৰ তালিকাত স্থানপ্রাপ্ত ৭০ শতাংশই টেটত গ্রেচ নম্বৰপ্রাপ্ত
যোগ্যতা সহকাৰে উত্তীর্ণ প্রার্থীৰ গুৰুতৰ অভিযোগ
নিয়মীয়া বাৰ্তা ২২ ডিচেম্বৰঃ হাইস্কুলত শিক্ষক নিযুক্তিৰ বাবে শেহতীয়াকৈ প্রকাশ কৰা মেধাৰ তালিকাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ বিশেষকৈ মাধ্যমিক টেটত গ্রেচ মার্কসহ উত্তীর্ণ প্রার্থীৰ নাম এই তালিকাত অন্তর্ভুক্ত হোৱা বাবে অসন্তুষ্টি প্রকাশ কৰিছে যোগ্যতা সহকাৰে উত্তীর্ণ আন একাংশ প্রার্থীয়ে৷ মাধ্যমিক টেট উত্তীর্ণ নন–গ্রেচ প্রার্থীৰ হৈ আজি এখন সংবাদ মেলত মোজাক্কিৰ হুছেইনে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে শেহতীয়াকৈ প্রকাশিত মেধাৰ তালিকাত স্থান লাভ কৰাসকলৰ ৭০ শতাংশই হৈছে মাধ্যমিক টেটত গ্রেচ নম্বৰৰ সহায়ত উত্তীর্ণ হোৱা প্রার্থী৷ যাৰ বাবে যোগ্যতা সহকাৰে উত্তীর্ণ হোৱা প্রার্থীসকল বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘চলিত বর্ষৰ ১৯ জানুৱাৰীত মাধ্যমিক টেট অনুষ্ঠিত হৈছিল৷ এই টেটৰ ফলাফল যোৱা ৪ মার্চত ঘোষণা কৰা হৈছে৷ পৰৱর্তী পর্যায়ত পুনৰীক্ষণ কৰি ২৩ জুলাইত মাধ্যমিক টেটৰ চূড়ান্ত ঘোষণা কৰা হয়৷ এই ফলাফল ঘোষণাৰ পাছতে গ্রেচ নম্বৰ প্রদানেৰে একাংশ প্রার্থীক উত্তীর্ণ কৰোৱাক লৈ সৃষ্টি হয় বিতর্ক৷ এই বিষয়টোক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত মুঠ ৭৯২জন প্রার্থীয়ে এখন আবেদনো দাখিল কৰিছে৷ এই আবেদনৰ শুনানি বর্তমানেও চলি আছে৷ ইয়াৰ মাজতে মাধ্যমিক টেটত গ্রেচ নম্বৰ প্রাপ্তৰে মেধাৰ তালিকা প্রকাশ কৰাটো আশ্চার্যজনক৷’ ইফালে তেওঁ কয় যে বিজ্ঞাপনত ৬০ শতাংশ নম্বৰ লাভ কৰিলেহে উত্তীর্ণ হোৱাৰ নিয়ম বান্ধি দিয়া হৈছিল৷ সেই অনুসৰি যোগ্যতা সহকাৰে আৰু গ্রেচ নম্বৰ লাভ নকৰাকৈ মুঠ ৭,৪১৭গৰাকী প্রার্থী উত্তীর্ণ হয়৷ আনহাতে, ৪,৬১৫গৰাকী প্রার্থীক গ্রেচ নম্বৰৰ সহায়ত উত্তীর্ণ কৰাই দিয়ে সংশ্লিষ্ট কর্তৃপক্ষই৷ শেহতীয়াকৈ ৫,৭৪৬টা খালী পদৰ বিপৰীতে মেধাৰ তালিকা প্রকাশ কৰা হৈছে৷
চৰকাৰে এই পদসমূহত যোগ্যতা সহকাৰে উত্তীর্ণসকলক নিযুক্তি দিব পাৰিলেহেঁতেন৷ কিন্তু আন একাংশ প্রার্থীক গ্রেচ নম্বৰসহ উত্তর্ণ কৰোৱাই আবেদনৰ সুযোগ প্রদান কৰিলে৷ ১ৰ পৰা ৫ নম্বৰ পর্যন্ত গ্রেচ নম্বৰ প্রদান কৰি যোগ্য প্রার্থীক বঞ্চিত কৰাটো যুক্তিসংগত নহয়৷ সেয়েহে যোগ্যতা সহকাৰে উত্তীর্ণ প্রার্থীসকলক মেধাৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰি তেওঁ কয়– ‘মেধাৰ তালিকাত সম্পূর্ণ যোগ্যতা আৰু মেধাৰ ভিত্তিত উত্তীর্ণ হোৱা প্রার্থীক বঞ্চিত কৰি গ্রেচ নম্বৰপ্রাপ্ত প্রার্থীক অন্তর্ভুক্ত কৰা হৈছে৷ এই সিদ্ধান্তৰ দ্বাৰা মেধা আৰু যোগ্য প্রার্থীক চৰম অন্যায় কৰা হৈছে৷ এই সিদ্ধান্তই ৰাজ্য চৰকাৰৰ যোগ্যতা আৰু মেধাৰ ভিত্তিত নিযুক্তিৰ শ্লোগান অসাৰ কৰিছে৷ ২০১৩ বর্ষত অনুষ্ঠিত মাধ্যমিক টেটত গুণগত মানৰ প্রতি লক্ষ্য ৰাখি গ্রেচ নম্বৰ প্রদান কৰা হোৱা নাছিল৷ আনকি ৰাজ্যত হৈ যোৱা কোনো এটা প্রতিযোগিতামূলক পৰীক্ষাতে গ্রেচ নম্বৰ প্রদান কৰা হোৱা নাছিল৷ এনেস্থলত চলিত বর্ষত কিয় এই সিদ্ধান্ত গ্রহণ কৰা হ’ল? এয়া আন এক ৰহস্য৷’ উল্লেখ্য যে গৌৰী সদনত সংবাদ মেল সম্বোধন কৰাৰ পাছতে বঞ্চিত প্রার্থীসকলে কাহিলিপাৰাস্থিত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰে৷ প্রথমে তেওঁলোকে দাবীসম্বলিত স্মাৰক–পত্র প্রদান কৰিবলৈ বিচাৰে যদিও সংশ্লিষ্ট কর্তৃপক্ষই গ্রহণ কৰিবলৈ অনিচ্ছা প্রকাশ কৰাত যোগ্যতা সহকাৰে উত্তীর্ণ হোৱা প্রার্থীসকলে প্রতিবাদী কার্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্রহণ কৰে৷ বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে কাহিলিপাৰাৰ আকাশ–বতাহ কঁপাই তোলে৷