উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ এপ্ৰিলঃ বহু প্ৰতীক্ষাৰ অন্তত আজি ঘোষণা কৰা হল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰ এনেধৰণৰ-
বাণিজ্য শাখা
প্ৰথম 6519, দ্বিতীয় 5760 আৰু তৃতীয় বিভাগ উত্তীৰ্ণ 2305 গৰাকী। উত্তীৰ্ণৰ হাৰ 82.18 শতাংশ
বিজ্ঞান শাখা
প্ৰথম 25827, দ্বিতীয় 19286 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 3196 গৰাকী। উত্তীৰ্ণৰ হাৰ 84.88 শতাংশ
কলা শাখা
প্ৰথম 49577, দ্বিতীয় বিভাগ 80650 আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 53518 গৰাকী। উত্তীৰ্ণৰ হাৰ 81.03 শতাংশ
আনহাতে ফলাফলত জিলা হিচাপে স্থানপ্ৰাপকৰ তালিকা এনেধৰণৰ
কলা শাখা
৯৪.২১ শতাংশৰে শীৰ্ষত বাক্সা জিলা
৯০.৫০ শতাংশৰে দ্বিতীয় স্থানত লখিমপুৰ জিলা
বিজ্ঞান শাখা
১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা
৯৭.১৩ শতাংশৰে দ্বিতীয় স্থানত শিৱসাগৰ
বাণিজ্য শাখা
১০০ শতাংশ উত্তীৰ্ণৰে শীৰ্ষত দক্ষিণ শালমাৰা
৯৮৭.২০ শতাংশৰে দ্বিতীয় স্থানত বাক্সা জিলা