নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বপ্ন ভংগঃ ফেডাৰেচন কাপত ৰঙা কার্ড পালে হিমা দাসে

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰাৰ সপোন পুহি ৰখা অসম কন্যা হিমা দাসে ছিনিয়ৰ ৰাষ্ট্রীয় ফেডাৰেচন কাপ এথলেটিক্ছ চেম্পিয়নশ্বিপত দুর্ভাগ্যৰ সন্মুখীন হ’বলগীয়া হৈছে৷

পাটিয়ালাত অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলাৰ ১০০ মিটাৰ দৌৰৰ ফাইনেলত ধিং এক্সপ্রেছখ্যাত তাৰকা এথলিটগৰাকীয়ে ফলছ ষ্টার্টৰ বাবে ৰঙা কার্ড লাভ কৰে৷ বহু প্রত্যাশিত ফাইনেলত হিমাই দেশৰ আগশাৰীৰ দৌৰবিদ ডুটি চান্দক তীব্র প্রত্যাহ্বান আগবঢ়াব বুলি ক্রীড়াপ্রেমীয়ে আশাৰে বাট চাইছিল যদিও দৌৰৰ আৰম্ভণিতে কৰা এক ভুলৰ বাবে তেওঁ প্রতিদ্বন্দ্বিতাত নামিব নোৱাৰিলে৷

ইয়াৰ ফলত হিমাৰ টকিঅ’ অলিম্পিকৰ ১০০ মিটাৰ দৌৰত দেশক প্রতিনিধিত্ব কৰাৰ সপোন ভংগ হয়৷ কিয়নো, ফেডাৰেচন কাপেই আছিল অলিম্পিকৰ যোগ্যতা অর্জনৰ অন্তিমটো ইভেণ্ট৷

অৱশ্যে হিমাই ২০০ মিটাৰ ইভেণ্টত প্রতিদ্বন্দ্বিতা আগবঢ়াব আৰু অলিম্পিকলৈ যোগ্যতা অর্জনৰ সুযোগ পাব৷ এই ইভেণ্টটোত ৰাষ্ট্রীয় অভিলেখৰ গৰাকী ডুটি চান্দক চেৰ পেলাই তামিলনাডুৰ ২২ বছৰীয়া এছ ধনলক্ষ্মীয়ে স্বর্ণপদক জয় কৰিবলৈ সক্ষম হয়৷ তেওঁ ১১.৩৯ ছেকেণ্ডত প্রথম স্থান অধিকাৰ কৰাৰ বিপৰীতে ওড়িশাৰ তাৰকা দৌৰবিদ ডুটি চান্দে ১১.৫৮ ছেকেণ্ডেৰে দ্বিতীয় স্থানতে সন্তুষ্ট থাকে৷

অৱশ্যে কোনো এগৰাকী এথলিটে অলিম্পিকৰ যোগ্যতা নির্ণায়ক মাপকাঠি ১১.১৫ ছেকেণ্ডৰ কাষ চাপিব নোৱাৰিলে৷

You might also like