ওপজা দিনত কামাখ্যা মন্দিৰলৈ গৈ সেৱা জনালে পত্নীসহ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ আজি ওপজা দিন উপলক্ষে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পত্নী ৰিণিকি ভূঞা শৰ্মাসহ কামাখ্যা মন্দিৰলৈ গৈ মা কামাখ্যা দেৱীক সেৱা জনাই আশীৰ্বাদ লয়।
অসমৰ ৰাজনৈতিক প্ৰতিভা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন উপলক্ষে ৰাজ্যৰ লগতে উত্তৰ-পূব আৰু দেশৰ ভিন্ন প্ৰান্তৰ পৰা জন্মদিনৰ শুভাশিস জনাইছে বহুতে।
১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ গান্ধীবস্তিত জন্মলাভ কৰিছিল ড০ শৰ্মাই। ৰাজনীতিকগৰাকীৰ পিতৃ প্ৰয়াত কৈলাশ নাথ শৰ্মা আৰু মাতৃ মৃণালিনী দেৱী।
ড০ শৰ্মাই ৰাজনীতি বিজ্ঞানত অনাৰ্চসহ ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ ড্ৰিগ্ৰী লাভ কৰে কটন কলেজৰ পৰা। তাৰ পিছত চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰে ডক্টৰেট ডিগ্ৰী।
ছাত্ৰ কালৰে পৰা ৰাজনীতিত জড়িত ড০ শৰ্মাই ২০০১ চনত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক ৰূপে নিৰ্বাচিত হৈ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰে। বৰ্তমানৰ অসমৰ এগৰাকী জনপ্ৰিয় ৰাজনীতিক ৰূপে দেশজোৰা খ্যাতি অৰ্জন কৰা ড০ হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ ৫২সংখ্যক জন্মদিন পাণ্ডু দেৱালয় প্ৰাংগণতো পালন কৰিব তেওঁৰ গুণমুগ্ধই।
It’s the generous showering of blessings of Maa Kamakhyaa that keep us going.
On my birthday today, along with my wife Smt @rinikibsharma, we sought Maa’s guidance for life, and her divine grace to keep working forever for the well-being of people.
Feeling humbled. pic.twitter.com/gc60D14xY6
— Himanta Biswa Sarma (@himantabiswa) February 1, 2021