নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ আশিস ল’লে হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা ১০ মেঃ ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাসহ বহুকেইজন ৰাষ্ট্ৰীয় নেতা আৰু উত্তৰ-পূৱৰ প্ৰায়কেইজন মুখ্যমন্ত্ৰী আজিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব।

সোমবাৰে পুৱা ১২ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যপালে মুখ্যমন্ত্ৰী ড০ শৰ্মাক শপতবাক্য পাঠ কৰাব।

উল্লেখ্য যে মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যাৰ আশিস ল’লে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে আজি পুৱাই শুৱালকুছিৰ হাটীসত্ৰত সেৱা লয় ড০ শৰ্মাই। তাৰপাছত দৌলগোবিন্দ মন্দিৰত সেৱা লয় ড০ হিমন্ত বিশ্ব শৰ্মাই।

You might also like