নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিডুত ইছৰোৰ তত্ত্বাৱধানত নিৰ্মাণ হ’ব Satellite Earth Station Campus

অসমৰ পূব সীমান্তত অৱস্থিত লিডু। চাহ বাগিচা, কয়লা খনি আৰু ষ্টিলৱেল ৰোডৰ বাবে পৰিচিত এই অঞ্চলটিয়ে  বুকুত কঢ়িয়াই ফুৰিছে দ্বিতীয় বিশ্বযুদ্ধৰ অসংখ্য স্মৃতি। এসময়ত যুদ্ধবিমানৰ গৰ্জনে কঁপাই তোলা এই আকাশেই এতিয়া মহাকাশ গৱেষণাৰ নতুন ইতিহাস লিখিবলৈ সাজু হৈছে।

১৯৩৯ চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধই অতি কম সময়ৰ ভিতৰতে এচিয়া মহাদেশকো সাঙুৰী লৈছিল। জাপানৰ বিস্তাৰবাদী মনোভাৱ, পাৰ্ল হাৰ্বাৰ আক্ৰমণ আৰু চীন দখলৰ লগে লগে মিত্ৰশক্তিয়ে জাপানীজ আগ্ৰাসন প্ৰতিৰোধ কৰিবৰ বাবে ভাৰত হৈ চীন ,ম্যানমাৰ আদি দেশলৈ যাত্ৰা কৰিবৰ বাবে চমু পথৰ সন্ধানত ব্যস্ত হৈ পৰিছিল।

অৱশেষত লিডুৰ পৰা পাটকাই গিৰিপথেদি ম্যানমাৰ হৈ চীনলৈ যাব পৰাকৈ এটি দিশৰ সন্ধান লাভ কৰিছিল। কথামতেই কাম দ্বিতীয় বিশ্ব যুদ্ধৰ বিভিষিকাময় পৰিবেশৰ মাজত আৰম্ভ হৈছিল বিশ্ববিখ্যাত সেই পথটোৰ নিৰ্মাণকাৰ্য।

কেইবাজনো অভিযন্তাৰ তত্বাৱধানত পথটিৰ নিৰ্মাণ কাৰ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও বিখ্যাত অভিযন্তা ষ্টিলৱেলৰ প্ৰচেষ্টাত পথটিয়ে প্ৰান পাই উঠে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লিডু মিত্ৰশক্তিৰ বাবে এক গুৰুত্বপূৰ্ণ সামৰিক কেন্দ্ৰ আছিল।

লিডু এয়াৰষ্ট্ৰিপৰ পৰা সৈন্য, খাদ্য, ঔষধ আৰু যুদ্ধ সামগ্ৰী সীমান্তলৈ প্ৰেৰণ কৰা হৈছিল। লিডুৰ পৰাই আৰম্ভ হৈছিল বিশ্ববিখ্যাত ষ্টিলৱেল ৰোড, যিয়ে ভাৰত, ম্যানমাৰ আৰু চীনক সংযোগ কৰিছিল।

এই পথ মিত্ৰশক্তিৰ অন্যতম জীৱনদায়িনী যোগান পথ হিচাপে ইতিহাসত স্থান লাভ কৰিছে।যুদ্ধ শেষ হোৱাৰ পিছত লিডু এয়াৰষ্ট্ৰিপ নীৰৱ হৈ পৰিল। কিন্তু ইতিহাস কেতিয়াও শেষ নহয়। বহু দশকৰ পিছত লিডুৱে পুনৰবাৰ ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰিবলৈ গৈ আছে।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে লিডুত প্ৰায় ৮১.৮২ কোটি টকা ব্যয়সাপেক্ষে Satellite Earth Station Campus স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই কেন্দ্ৰৰ জৰিয়তে উপগ্ৰহৰ সৈতে যোগাযোগ, তথ্য আদান-প্ৰদান আৰু বিভিন্ন বৈজ্ঞানিক কাৰ্যসূচীক অধিক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই প্ৰকল্পই লিডুক বিজ্ঞান আৰু প্ৰযুক্তিৰ নতুন মানচিত্ৰত স্থান দিব বুলি আশা কৰা হৈছে।

এসময়ত যুদ্ধৰ ইতিহাস গঢ়া লিডু এতিয়া মহাকাশ গৱেষণাৰ নতুন অধ্যায়ৰ সাক্ষী হ’বলৈ ওলাইছে। ইতিহাস আৰু আধুনিক বিজ্ঞানৰ এই মিলন অসম তথা সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰতৰ বাবে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব।

নিয়মীয়া বাৰ্তা, লিডু, ৮ জুলাই

You might also like