স্বৰচিত কবিতাৰ উদাত্ত আবৃত্তিৰে নির্বাচনী ৰণদুন্দুভি ড০ হিমন্ত বিশ্ব শর্মাৰ
এয়া নহয় মাথোঁ এক নির্বাচন... এয়া সভ্যতাৰ মহাৰণ
নিয়মীয়া বাৰ্তা ১১ মাৰ্চঃ এক বিশাল বাইক ৰেলীৰে মনোনয়ন–পত্র দাখিল কৰিবলৈ আহি বিজেপি মিত্রজোঁটৰ নলবাৰীৰ প্রার্থী জয়ন্ত মল্ল বৰুৱাই আজি ৫৯নং নলবাৰী বিধানসভা সমষ্টিত শক্তি প্রদর্শন কৰে৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, দুই মন্ত্রী ফণীভূষণ চৌধুৰী, চন্দ্রমোহন পাটোৱাৰী, দুই সাংসদ দিলীপ শইকীয়া, বিশ্বজিৎ দৈমাৰী, নলবাৰীৰ বিধায়ক অশোক শর্মা, বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকাক লগত লৈ বিজেপিৰ প্রার্থী জয়ন্ত মল্ল বৰুৱাই মনোনয়ন–পত্র দাখিলৰ পূর্বে আজি পুৱা নলবাৰী মহাবিদ্যালয় খেলপথাৰৰ পৰা পুষ্পসজ্জিত বাহনত উঠি উপায়ুক্তৰ কার্যালয়লৈ সমদল কৰি মনোনয়ন–পত্র দাখিল কৰে৷ বিশাল বাইক ৰেলীটো নলবাৰী চহৰৰ মাজেৰে গৈ জিলা ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে৷ ইপিনে, মনোনয়ন দাখিলৰ পূর্বে নলবাৰী কলেজ খেলপথাৰত নলবাৰী বিজেপিৰ জিলা সাধাৰণ সম্পাদক পুলক কুমাৰ শর্মাই আঁত ধৰা সভাখনত অংশ লৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে এইবাৰ নির্বাচনত নলবাৰী সমষ্টিত বিজেপিৰ অসাধাৰণ বিজয় হ’ব৷ অকল নলবাৰীতে নহয়, বৰক্ষেত্রী আৰু ধর্মপুৰতো বিজেপিয়ে বিপুল ভোটত জয়লাভ কৰিব৷ তেওঁ লগতে ইয়াকো কয় যে নলবাৰী হ’ল অসমৰ বৌদ্ধিক ৰাজধানী৷ নলবাৰীয়ে যি বাট দেখুৱাই অসমবাসী ৰাইজে সেই বাটেৰে আগবাঢ়ি যায়৷ নলবাৰীত যদি বিজেপিৰ বিধায়ক জয়ী হয় তেনেহ’লে অসমতো বিজেপিৰ চৰকাৰ হ’ব৷ যোৱাবাৰো নলবাৰীত বিজেপিৰ বিধায়ক জয়ী হৈছিল আৰু অসমত বিজেপিৰ চৰকাৰ হৈছিল৷ যোৱা চৰকাৰখন আছিল চিনেমাৰ আগতে ওলোৱা ট্ৰেইলৰ সদৃশ ৷ কিয়নো যোৱাবাৰ মুখ্যমন্ত্রী, মন্ত্রীসকল নতুন আছিল৷ গতিকে এইবাৰহে আচল চিনেমা আহি আছে বুলি মন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷
অসম জাতীয় পৰিষদক আওপকীয়াকৈ কটাক্ষ কৰি মন্ত্রীগৰাকীয়ে লগতে ইয়াকো কয় যে আমি মানুহৰ পদূলিয়ে পদূলিয়ে নাযাওঁ, একেবাৰে হূদয়লৈ যাম৷ ইপিনে, সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখি মন্ত্রী ড০ শর্মাই ৰিপুণ বৰাক কটাক্ষ কৰি কয় যে ৰিপুণ বৰা হৈছে বাংলাদেশৰ ‘বি টীম’৷ ৰিপুণ বৰাই বাংলাদেশৰহে মুখ্যমন্ত্রী হ’ব পাৰে৷ নলবাৰীৰ জনসমুদ্রই আজি ৰিপুণ বৰা, বদৰুদ্দিন আজমলৰ প্রত্যেকটো প্রশ্ণৰ উত্তৰ দি দিছে৷ আনহাতে নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ কোনো প্রতিদ্বন্দ্বী প্রার্থী নাই বুলি মন্তব্য কৰে বিজেপি প্রার্থী জয়ন্ত মল্ল বৰুৱাই৷এইবাৰ ১,২০,০০০ ভোট লাভ কৰি জয়ী হ’ব বুলিও বৰুৱাই দাবী কৰে৷ এই সভাৰ পিছতেই নলবাৰী চহৰৰ বীৰেন গেৰেজ, থানা চ’ক, মছজিদ চ’ক হৈ এখন বাহনত উঠি উপায়ুক্তৰ কার্যালয়লৈ এক সমদল কৰি দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’ব লগা নির্বাচনৰ বাবে মনোনয়ন–পত্র দাখিল কৰে মিত্রজোঁটৰ প্রার্থী জয়ন্ত মল্ল বৰুৱাই৷
কমলপুৰত ড০ হিমন্ত বিশ্ব শর্মাৰ বিশাল সমদলঃ দিগন্ত কলিতাৰ মনোনয়ন–পত্র দাখিল
নিয়মীয়া বার্তা, কমলপুৰ, ৰঙিয়া ঃ কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তর্গত বাইহাটাত এজেপিক পদূলি শুঙা দল আখ্যা দিয়ে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাইজৰ পদূলিয়ে পদূলিয়ে যাম বুলি দলটোৱে আগবঢ়োৱা শ্লোগানৰ মন্ত্রী ড০ শর্মাই ক্ষুৰধাৰ সমালোচনা কৰে৷ নাম নধৰাকৈ দলটোক সমালোচনা কৰি ড০ শর্মাৰ ভাষ্য– ‘নতুন এটা দলে ৰাইজৰ পদূলিয়ে পদূলিয়ে যাম বুলি শ্লোগান দিছে৷ কিন্তু আমি পদূলি শুঙা দল নহয়৷ আমি অসমৰ ৰাইজৰ হূদয়ত আছেছা৷’ কমলপুৰ বিধানসভা সমষ্টিৰ মিত্রজোঁটৰ প্রার্থী দিগন্ত কলিতাৰ মনোনয়নৰ প্রাক্ক্ষণত মন্ত্রী ড০ শর্মাই এক বিশাল সমদলত অংশগ্রহণ কৰি এই মন্তব্য কৰে৷ হেলিকপ্ঢাৰেৰে কমলপুৰত উপস্থিত হৈ বিশাল সমদলেৰে সমষ্টিটোত নির্বাচনী চমক সৃষ্টি কৰে মন্ত্রী ড০ শর্মাই৷ ৫৬নং কমলপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্রার্থী দিগন্ত কলিতাৰ মনোনয়ন দাখিলৰ প্রাক্ক্ষণত মন্ত্রী ড০ শর্মাই এক বিশাল জনসভাতো অংশগ্রহণ কৰে৷ বাইহাটা শিৱ মন্দিৰ প্রাংগণত অনুষ্ঠিত এই জনসভাত কংগ্রেছ, এআইইউডিএফকো ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্রীগৰাকীয়ে৷ ইফালে কমলপুৰ সমষ্টি অগপ দলে বিজেপিক এৰি দিয়া বাবে অগপ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে মন্ত্রী ড০ শর্মাই৷
আনহাতে এআইইউডিএফপ্রধান বদৰুদ্দিন আজমলৰ বিতর্কিত ভিডিঅ’ ভাইৰেল সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰে মন্ত্রী ড০ শর্মাই৷ বদৰুদ্দিন আজমলৰ সম্পূর্ণ ক্লিপটো নির্বাচন আয়োগে জব্দ কৰাৰ দাবী কৰে মন্ত্রীগৰাকীয়ে৷ ইফালে, মন্ত্রীগৰাকীক হত্যাৰ ষডযন্ত্র কৰা সন্দর্ভতো প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রীগৰাকীয়ে কয় যে নির্বাচনৰ চোৰাংচোৱা সংস্থাসমূহৰ হাতত বিভিন্ন ইনপুট থাকে, সেই অনুসৰি সংস্থাসমূহে কাম কৰি আছে৷ অনুষ্ঠানত প্রাক্তন এআইইউডিএফ নেতা তথা কংগ্রেছ নেতা ওমৰ ৰছিদে মন্ত্রীগৰাকীৰ উপস্থিতিত বিজেপিত যোগদান কৰে৷ দুবাৰকৈ কমলপুৰ বিধানসভা সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা আগবঢ়োৱা তথা অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদৰ বিজেপিত অংশগ্রহণে কমলপুৰ বিজেপিৰ ভেটি আৰু অধিক মজবুত কৰিব বুলি আশা প্রকাশ কৰে সমষ্টিটোৰ বিজেপি কর্মকর্তাসকলে৷ অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, ভুবনেশ্বৰ কলিতা, মন্ত্রী ভবেশ কলিতা, বিজেপি নেতা বেণুধৰ নাথ, হূদয় দাস, লক্ষ্মী গোস্বামী, কমলপুৰ মণ্ডল বিজেপিৰ সভাপতি কুমুদ কাকতি, বিহদিয়া–জজাজীকোণা মণ্ডল বিজেপিৰ সভাপতি উমেশ ডেকাকে প্রমুখ্য কৰি ভালেসংখ্যক নেতা–কর্মী উপস্থিত থাকে৷ এই সভাৰ পিছতে কমলপুৰৰ বিজেপি প্রার্থী দিগন্ত কলিতাই সাংসদ ভুবনেশ্বৰ কলিতা, প্রাক্তন বিজেপি বিধায়ক যাদৱ ডেকা আদি নেতা–কর্মীক লৈ গৈ ৰঙিয়াৰ ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন–পত্র দাখিল কৰে৷
আজমলৰ ফটোখন চাই অসম ৰক্ষাৰ স্বার্থত ভোট দিবলৈ আহ্বান ড০ হিমন্ত বিশ্ব শর্মাৰ
বদৰুদ্দিন আজমলসহ কংগ্রেছৰ চৰকাৰ হ’লে বেমাৰী হ’ব অসম৷ সভ্যতা আৰু সংস্কৃতি ৰক্ষাৰ এই নির্বাচনী যুঁজত আজমলৰ ফটোখন চাই অসম ৰক্ষাৰ স্বার্থতে বিজেপিক ভোট দিয়ক৷ আজি এনেদৰে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে আক্রমণাত্মক হৈ বিশ্বনাথ সমষ্টিৰ বিজেপিৰ কার্যকর্তাক উদ্দেশ্যি উৎসাহ বাণী শুনালে শিক্ষা, স্বাস্থ্য, বিত্ত আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ড০ শর্মাই আনকি নির্বাচনী যুঁজলৈ সাজু হ’বলৈ দলটোৰ কর্মকর্তাক আহ্বান জনাই কয় যে বিগত ১৫ বছৰতকৈ আমি এতিয়া সুৰক্ষিত৷ বিশ্বনাথত এতিয়া বিকাশৰ গংগা বৈছে৷ ২০১৬ চনৰ আগলৈ উভতিম নে আজমলৰ হাতত শাসনৰ বাঘজৰী গতাই দি বিকাশৰ গতি ওলোটা কৰিম এই প্রশ্ণৰ উত্তৰ কোনেও কাকো নোসোধাকৈ কার্যক্ষেত্রত আগবাঢ়িবলৈ ড০ শর্মাই সকলোকে আহ্বান জনায়৷ বিগত এটা বছৰ ‘কা’, এটা বছৰ ক’ভিডৰ নামত যোৱাৰ বিপৰীতে প্রকৃতার্থত ৩টা বছৰহে কাম কৰিব পাৰিলোঁ বুলি মন্তব্য কৰা স্বাস্থ্যমন্ত্রী ড০ শর্মাই অসম জাতীয় পৰিষদৰ প্রতি কটাক্ষ কৰি কয় যে লুৰিণৰ দৰে পদূলিয়ে পদূলিয়ে যাব নালাগে৷ ৰাইজৰ হূদয়ত যাওক বিজেপি৷ বিশ্বনাথত ৪০ হাজাৰ ভোটত জিকিম বুলি দাবী কৰা ড০ শর্মাই আনকি এতিয়া ৰাইজে গাঁৱৰ পথৰ কথাৰ পৰিৱর্তে পদূলিৰ ৰাস্তাকণ পকী কৰাৰ কথাহে সোধে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি বিজেপি কর্মীৰ বিশ্বনাথ সমষ্টিৰ উন্নয়নহে শ্রেয় বুলি উল্লেখ কৰে৷
চাহ বাগিচাত ৰাজনীতি কৰিবলৈ আৰু কেতিয়াও নাহে প্রিয়ংকা গান্ধী
প্রিয়ংকা গান্ধীয়ে চাহ বাগিচাৰ শ্রমিকৰ ঘৰত চাহৰ জুতি ল’লে যদিও বিজেপি চৰকাৰে দিয়া সুবিধাসমূহ প্রত্যক্ষ কৰি এই কথা নিশ্চিত যে ৰাজনীতি কৰিবলৈ বাগিচালৈ আৰু অহাৰ প্রয়োজন নাই প্রিয়ংকা গান্ধীৰ৷ অৱশ্যে পর্যটক ৰূপে আহিলে কোনো কথা নাই বুলি কটাক্ষ কৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ড০ শর্মাই আনকি তাৎপর্যপূর্ণভাৱে বিশ্বনাথত বিজেপিক অগপৰ টিকটপ্রত্যাশী প্রবীণ হাজৰিকাই সহায় কৰিব বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ আজি বিশ্বনাথৰ কমলাকান্ত ক্ষেত্রত কার্যকর্তা সন্মিলনত অংশ লোৱা মন্ত্রী ড০ শর্মাক সংগ দিয়ে সাংসদ পল্লৱলোচন দাস, বিশ্বনাথৰ বিধায়ক তথা প্রার্থী প্রমোদ বৰঠাকুৰ, জিলা সভাপতি দিগন্ত ঘাটোৱাৰ আদিয়ে৷
তেজপুৰত ড০ হিমন্ত বিশ্ব শর্মাই স্বৰচিত কবিতাৰে বজালে নির্বাচনী ৰণদুন্দুভি
‘সকলো বাধা তই ওফৰাই দিব পাৰিছিলি৷ বৰনদীৰ পাৰত বক্তিয়াৰৰ সেনাক তই কচুকটা দিছিলি৷ ঔৰংগজেবৰ গোলাম ৰামসিংহক তয়েই খেদি খেদি হৰুৱাইছিলি৷ তোৰ ভেটিত তোৰ অধিকাৰ আছিল৷ তোৰ মাটিত তোৰ সভ্যতা জিলিকিছিল৷ বাণ–ভগদত্ত, কুমাৰ ভাস্কাৰ বর্মা–চুকাফা–নৰনাৰ্ দিনৰে পৰা তই এই মাটিতেই শৌর্যৰ সৌধ সাজিছিলি৷ নিজৰ মাটি, নিজৰ জাতি ৰক্ষা কৰিবলৈ তই অগ্ণিস্নান কৰিছিলি৷ কেতিয়াবা মিৰজুমলাই তোৰ বুকুত কামুৰিছিল…. এয়া নহয় মাথোঁ এক নির্বাচন, এয়া সভ্যতাৰ মহাৰণ’৷ তয়েই ৰাখিব লাগিব এই অসমৰ সন্মান৷ মোৰ মাটিৰ জীয়ৰী–বোৱাৰীৰ মান৷ ডদাক্ত কণ্ঠৰে স্বৰচিত কবিতা আবৃত্তি কৰি ড০ হিমন্ত বিশ্ব শর্মাই তেজপুৰৰ পৰা যেন একপ্রকাৰ বিৰোধীক তীব্র প্রত্যাহ্বানহে জনালে৷
তেওঁ কবিতাৰ জৰিয়তেই ক’লে মোগলৰ সৈতে হাত মিলোৱা অশুভ শক্তিক পৰাভূত কৰিব অসমৰ ৰাইজে৷ ডল্লেখ্য যে কথাসাহিত্য বিশেষকৈ গদ্য সাহিত্যত ইতিমধ্যে নিজস্ব দখলেৰে পাঠকৰ মাজত জনপ্রিয় হৈ পৰা ৰাজনীতিজ্ঞ ড০ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ কবিতাৰ জৰিয়তে সাম্প্রতিক পৰিৱেশ–পৰিস্থিতি দাঙি ধৰাৰ প্রয়াস কৰা পৰিলক্ষিত হৈছে৷ পূর্বতেও তেওঁৰ এটি কবিতা মানুহৰ মাজত যথেষ্ট জনপ্রিয় হোৱাৰ পিছত আজি পুনৰ সাম্প্রতিক নির্বাচনৰ প্রেক্ষাপটক লক্ষ্য কৰি তেজপুৰত আবৃত্তি কৰিলে আন এটি কবিতা৷ এই কবিতাটিৰ সন্দর্ভত সাংবাদিকে কৰা প্রশ্ণৰ ডত্তৰত তেওঁ কয় যে এইবাৰ কম শব্দৰ মাজেৰেই বুজাবলৈ এইদৰে এটি কবিতা লিখা হৈছে৷ এই কবিতাতেই আছে নির্বাচনত আমি ক’বলগীয়া বক্তব্য৷ ডল্লেখ্য যে আজি তেজপুৰ মাজগাঁওস্থিত হিলবিলিৰ প্রেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ কার্যকর্তা সন্মিলনত অংশগ্রহণ কৰি ড০ শর্মাই অসমৰ সভ্যতা–সংসৃকতিৰ যুঁজত বিজয়ী হ’বলৈ হ’লে আঞ্চলিকতাবাদ আৰু ৰাষ্ট্রীয়তাবাদৰ লগতে জনগোষ্ঠীয় শক্তিসমূহক একত্রিত কৰি যুঁজ দিব লাগিব৷ সেইবাবেই বিজেপিৰ সৈতে অগপ, ইড পি পি এল, ৰাভা, মিচিং, তিৱা আদি জনগোষ্ঠীয় দলৰ সৈতে মিত্রতা গঢ়ি তোলা হৈছে৷ গতিকে তেজপুৰ সমষ্টিটোত অগপৰ পৰা প্রার্থিত্ব প্রদান কৰা হৈছে যদিও প্রকৃততে প্রাথ্গৰাকী আধা অগপৰ আধা বিজেপিৰ প্রাৰ্থী৷ তেওঁ ভাষণ প্রসংগত কয় যে অসম গণ পৰিষদৰ নেতৃত্বক আহ্বান জনোৱা হৈছিল যাতে তেজপুৰত এনে এগৰাকী লোকক প্রার্থিত্ব প্রদান কৰে যিজন ব্যক্তি কোনো দলৰেই নহয়৷ সেইবাবেই অগপ নেতৃত্বই তেজপুৰত কলাগুৰু বিষুপ্রসাদ ৰাভাৰ পুত্র পৃথ্বিৰাজ ৰাভাক প্রার্থিত্ব দিছে৷ যিজন প্রাথ্ দুদিন পূর্বলৈকে কোনো ৰাজনৈতিক দলৰ সৈতে জডিত নাছিল৷ তেওঁৰ এটা সপোনৰ কথা কৈছিল৷ সেই সপোন হ’ল সাংসৃকতিক আৰু ক্রীডাৰ ক্ষেত্রত তেওঁৰ কিছু নিজস্ব পৰিকল্পনা আছে৷ আমি তেওঁৰ সেই পৰিকল্পনাক বাস্তৱায়িত কৰিব লাগিব৷ বিগত বিধানসভা নির্বাচনত বিজেপিৰ নেতা–কম্–সমর্থকে বিপুল ভোটত অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীক জয়যুক্ত কৰিছিল৷
কিন্তু বিধায়ক বৃন্দাবন গোস্বামীয়ে বিগত সময়ছোৱাত বিজেপিৰ লগত সহযোগিতা কৰা নাছিল৷ আনকি লোকসভা নির্বাচনত বিজেপি প্রাথ্ক সহযোগিতা কৰিবলৈ মই নিজে তেওঁৰ ঘৰত গৈ অনুৰোধ কৰিবলগীয়া পৰিস্থিতি হৈছিল৷ তেজপুৰৰ বাবে ২০০ কোটি টকা দিয়া হ’ল৷ কিন্তু পাঁচ বছৰে বিধায়কগৰাকীয়ে পৰিকল্পনা কৰোঁতেই গ’ল৷ গতিকে এইবাৰ এগৰাকী ডমৈহতীয়া প্রাথ্ক থিয় কৰোৱা হৈছে৷ সোণাৰিয়ে যেনেকৈ সোণ পিতি পিতি ঠিক কৰি লয়, ঠিক তেনেকৈ পৃথ্বিদাকো আমি বনাই ল’ব লাগিব৷ কাৰণ তেওঁ ৰাজনীতি আৰু এজিপিৰ অ আ ক খ একো নাজানে৷ কোনোবাই যদি কয় পৃথ্বিৰাজ ৰাভা এজিপি, মই বিশ্বাস নকৰোঁ৷ আমি এজিপি–বিজেপি মিলিজুলি কাম কৰিব লাগিব৷ কাৰণ পৃথ্বিৰাজ ৰাভা দুয়ো দলৰেই মানুহ৷ বিশেষকৈ অসমত যাতে কেতিয়াও আজমল বাহিনীয়ে চৰকাৰ গঠন কৰিব নোৱাৰে, তাৰ বাবে আমি প্রতিখন আসনেই সুৰক্ষিত কৰি ১০+ৰ লক্ষ্যত উপনীত হ’ব লাগিব৷
উত্তৰপাৰৰ প্রতিটো সমষ্টিতেই মিত্রজোঁটৰ প্রাৰ্থীক জয়যুক্ত কৰি সভ্যতাৰ যুঁজত জয়ী হ’ব লাগিব৷ বিগত নির্বাচনত আমি জয়ী হৈ সেই মোগল বাহিনীৰ শিবিৰত কঁপনি তুলিছেছা৷ এতিয়া প্রতিটো নির্বাচনতে জয়ী হৈ মোগলক ডৎখাত কৰিব লাগিব৷ যাতে আমাৰ ভৱিষ্যতৰ প্রজন্ম সদায় সুৰক্ষিত হৈ থাকিব৷ প্রণিধানযোগ্য যে ডক্ত সভাতেই বিজেপিৰ কম্ জিতেন বৰঠাকুৰে তেওঁ কালি নির্দলীয় প্রাথ্ ৰূপে দাখিল কৰা মনোনয়ন–পত্র প্রত্যাহাৰ কৰিম বুলি ৰাইজক অৱগত কৰে৷ তেওঁ কয় যে বিজেপিৰ দলীয় প্রাথ্ নথকাত একাংশই অসন্তুষ্ট হৈ তেওঁক নির্দলীয় প্রাথ্ ৰূপে প্রতিদ্বন্দ্বিতা কৰিবলৈ কৈছিল আৰু সেইবাবেই তেওঁ মনোনয়ন দাখিল কৰিছিল৷ এতিয়া বিজেপি আৰু এজিপি মাজত কোনো পার্থক্য নাই৷ সকলোৰে পছন্দৰ প্রাথ্ পৃথ্বিৰাজ ৰাভাক সকলোৱে সমর্থন জনাব৷ ময়ো তেওঁৰ লগতেই আছোঁ৷ বিজেপিৰ জিলা সভাপতি তুলসী বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত দলীয় কার্যকর্তা সন্মিলনত মিত্রজোঁটৰ প্রাৰ্থী পৃথ্বিৰাজ ৰাভাক সকলোৱে ডষ্ম আদৰণি জনায়৷ এই সভাত সাংসদ পল্লৱলোচন দাসে আদৰণী ভাষণ প্রদান কৰি দলীয় সকলো কম্কে মিত্রজোঁটৰ প্রাথ্ৰ হৈ দিনে–নিশাই কাম কৰিবলৈ আহ্বান জনায়৷ তেজপুৰ লোকসভা সমষ্টিৰ অন্তর্গত ৯টা বিধানসভা সমষ্টিৰ কেন্দ্রীয় পর্যবেক্ষক সঞ্জয় শ্রীবাস্তৱ আৰু শোণিতপুৰ জিলাৰ প্রভাৰী কৰুণা ভূঞাকে ধৰি তেজপুৰৰ দলীয় নেতা–কম্সকল ডপস্থিত থাকে৷