নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মা মানুহ নহয়, সাক্ষাৎ ভগৱানহে

স্বাস্থ্যমন্ত্রীক উষ্ম প্রশংসা ক’ভিড জয়ী হেমকান্ত মহন্তৰ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ ক’ভিডত আক্রান্ত হৈ ১২টাকৈ দিন আই চি ইউত কটোৱাৰ পিছত সুস্থ হৈ ঘৰলৈ ওভতা ৮৬ বছৰীয়া হেমকান্ত মহন্তই ভূয়সী প্রশংসা কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে মহেন্দ্র মোহন চৌধুৰ হাস্পতাল (এম এম চি এইচ)ৰ চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলক৷ মহানগৰীৰ জাপৰিগোগৰ বাসিন্দা মহন্তই কালি সুস্থ হৈ ঘৰলৈ ওভতাৰ পিছত এক ভিডি’ বার্তাযোগে চিকিৎসালয়ত থকাৰ সময়ত চিকিৎসক, নার্ছে কৰা সেৱাৰ প্রশংসা কৰে৷ লগতে স্বাস্থ্যমন্ত্রীগৰাকীয়্ ক’ভিডৰ সংক্রমণৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰাৰ বাবে কৰি অহা প্রচেষ্টাৰ শলাগ লৈ তেওঁ কয়– ‘ড০ হিমন্ত বিশ্ব শর্মাই এটা মিচিকিয়া হাঁহিৰে আৰু সুন্দৰ ভাষণেৰে লাখ লাখ মানুহক আপ্লুত কৰি আহিছে৷ তেওঁৰ ওপৰত একান্তই বিশ্বাস আছিল, সেই কাৰণেই তেওঁৰ যত্নতে লাখ লাখ মানুহ বিপদৰ পৰা উদ্ধাৰ হৈছে৷ ড০ হিমন্ত বিশ্ব শর্মা আচলতে মানুহ নহয়, তেওঁ এজন সাক্ষাৎ ভগৱান৷ তেওঁক ভগৱানে দীর্ঘায়ু প্রদান কৰক৷’ ইপিনে, এম এম চি এইচত চিকিৎসাধীন হৈ থকা অৱস্থাত লাভ কৰা অভিজ্ঞতা সুঁৱৰি তেওঁ কয় যে চিকিৎসালয়খনৰ প্রতিগৰাকী চিকিৎসক, নার্ছ একো একোজন দেৱদূত৷ তেওঁলোকৰ আচাৰ–ব্যৱহাৰত ইমানেই সন্তুষ্ট হৈছিল যে অমৃত সাগৰত বুৰ যোৱা যেন অনুভৱ হৈছিল৷ বিশেষকৈ এম এম চি এইচৰ অধীক্ষক অনুপম শর্মাক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰি মহন্তই কয়– ‘কেইবাদিনো ধৰি এজমাৰ সমস্যা, হূদৰোগৰ অসুবিধা, ছুগাৰ আৰু থাইৰয়ডৰ সমস্যাই দেখা দিয়াত যোৱা ১৭ জুলাইত এম এম চি এইচত উপস্থিত হৈছিলোঁ৷ প্রথমে চিকিৎসক–নার্ছৰ মূর্তি দেখি যথেষ্ট ভয় খাইছিলোঁ৷ তেওঁলোকক একো একোজন যমদূত যেন লাগিছিল৷ কিন্তু চিকিৎসালয়ৰ ভিতৰলৈ সোমোৱাৰ পিছত তেওঁলোকৰ আচাৰ–ব্যৱহাৰৰ পৰা অনুভৱ হ’ল যে চিকিৎসক–নার্ছসক যমদূত নহয়, একো একোজন দেৱদূত৷ বিশেষকৈ চিকিৎসালয়খনৰ মুৰব্বী অনুপম শর্মাক হাজাৰবাৰ ধন্যবাদ দিছোঁ৷’ আনহাতে, ৮৬ বছৰীয়া মহন্তৰ এই মন্তব্যত প্রতিক্রিয়া প্রকাশ কৰি টুইট কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ টুইটাৰত মহন্তৰ বক্তব্য আপলোড কৰি স্বাস্থ্যমন্ত্রীগৰাকীয়্ কয়– ‘হূদয়ৰ পৰা প্রকাশ কৰা কথা আশীর্বাদ হিচাপে বিবেচিত হৈ আহিছে৷ যাক ধনেৰে ক্রয় কৰিব নোৱাৰি৷ মানৱতাৰ সপক্ষে কাম কৰি মোৰ কর্মীসকলে এই আশীর্বাদ লাভ কৰিবলৈ সক্ষম হৈছে৷’

You might also like