নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলী সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়

🔴 দুই কিশোৰী নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ড, ২০ হাজাৰ টকা জৰিমনা

বিশেষ বাৰ্তা, ৩১ জুলাই : মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে আজি এক ঐতিহাসিক ৰায় প্ৰদান কৰে। দুই কিশোৰী নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকা জৰিমনা বিহে। পকছো ধাৰাত ৰাতুল ভৰালী আৰু কণ ওৰফে মানস ভৰালীক যাৱজ্জীৱন কাৰাদণ্ড বিহে মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে। উল্লেখ্য যে মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে এবছৰত নিষ্পত্তি কৰিলে সকলো গোচৰ। মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতত চলি থকা গোচৰৰ অন্তিমটো গোচৰৰ আজি ৰায়দান কৰে। জিলা সত্ৰ আদালত মাজুলীত স্থাপন হোৱাৰ পিছৰে পৰা ৩০৫টা গোচৰ নিষ্পত্তি কৰে ইয়াৰে ৫১টা গোচৰৰ দোষীক শাস্তি বিহাৰ লগতে ৫টা গোচৰত যাৱজ্জীৱন কাৰাদণ্ড বিহে মহামান্য আদালতে। আজি অন্তিমটো গোচৰৰ ৰায়দানৰ পাছতে মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয়। আদালত চৌহদত কান্দোনৰ ৰোল উঠে। উল্লেখ্য যে যোৱা ২৮ জানুৱাৰীত মাজুলী জোৰবিল গাঁৱৰ কণ ভৰালী ওৰফে মানস (২৪) আৰু ৰাতুল ভৰালী (২৩) নামৰ বিবাহিত যুৱক দুজনে এগৰাকী নাবালিক‍াক নিৰ্যাতন চলাইছিল । উক্ত নিৰ্যাতনৰ গোচৰ আদালতত চলি আছিল আৰু আজি আদালতে উক্ত গোচৰত কণ ভৰালী আৰু ৰাতুল ভৰালীক যাৱজ্জীৱন কাৰাদণ্ড বিহে। মাজুলী জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ৰায়ক লৈ সন্তোষ প্ৰকাশ কৰিছে ভুক্তভোগী পৰিয়ালে। ইফালে, মাত্র ১ বছৰতে মাজুলী সত্ৰ ন্যায়াধীশৰ আদালতে ৩০৫টা গোচৰ নিষ্পত্তি কৰাত সন্তুষ্টি প্ৰকাশ কৰে মাজুলী জিলা অধিবক্তা সন্থাই।

You might also like