নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপনগৰত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰী

বিশেষ বাৰ্তা, ৩১ জুলাই : ৰাজ্যত ড্ৰাগছ সৰবৰাহকাৰীৰ দৌৰাত্ম্য অব্যাহত আছে। আজি পুৱা প্ৰায় ১১.৩০ বজাত এক গোপন তথ্যৰ ভিত্তিত পল্টনবজাৰ থানাৰ অন্তৰ্গত ৰূপনগৰ অঞ্চলত এডিচিপি চেণ্ট্ৰেলৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক বুজন পৰিমাণৰ ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোককেইজনৰ পৰা ১০১ গ্ৰাম সন্দেহযুক্ত ব্ৰাউন ছুগাৰৰ ৯টা পেকেট জব্দ কৰে ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ এজন মণিপুৰৰ শ্বাৰুংবাম প্ৰেম কুমাৰ সিং (৩৫) আৰু আনজন গুৱাহাটীৰ ফৰিদুল হাছান (২২)। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ৪টা মোবাইল ফোনৰ লগতে এ এছ-০১ বি বি-৬৩২৬ নম্বৰৰ এখন হুণ্ডাই ভাৰ্না গাড়ী জব্দ কৰা হৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

You might also like