🔹 প্ৰতিবাদী চালকক প্ৰত্যাহ্বান পৰিবহণ মন্ত্ৰীৰ
বিশেষ বাৰ্তা, ৭ জানুৱাৰী : হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে আজি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উদাত্ত কণ্ঠে প্ৰতিবাদী চালকসকলক প্ৰত্যাহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদী চালকসকলক প্ৰত্যাহ্বান জনাই কয়- দুৰ্ঘটনা ৰোধৰ ক্ষেত্ৰত হিট এণ্ড ৰান আইন লাগিবই। যদি হিট এণ্ড ৰান আইন নালাগে, তেন্তে আপোনালোকে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ জীৱন ঘূৰাই দিয়ক। দুৰ্ঘটনাত হেৰাই যোৱা মানুহবোৰৰ পৰিয়ালৰ দায়িত্ব লওক। প্ৰথমে জীৱন ঘূৰাই দিয়ক, তাৰ পিছত আপোনালোকৰ দম্ভালি চলিব। অৱশ্যে মন্ত্ৰীগৰাকীয়ে Hit & Run আইনৰ যদি কিবা সংশোধনী লাগে, তেন্তে আলোচনা কৰিবলৈও আহ্বান জনায়। তেওঁ কয়- মানুহ খুন্দিয়াই মাৰি গৈ আছোঁ, কিন্তু কোনো আত্মবিশ্লেষণ নাই ড্ৰাইভাৰ-মালিকৰ। যিহেতু Hit & Runৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে, সেয়ে Hit & Run আইন লাগিবই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইফালে, চালকৰ ধৰ্মঘটক লৈ মন্ত্ৰীগৰাকীয়ে কয়- গণতান্ত্ৰিক দেশত এনেকুৱা প্ৰতিবাদ থাকিবই। আনহাতে, দেৰগাঁৱৰ দুৰ্ঘটনাৰ প্ৰসংগক লৈ মন্ত্ৰী শুক্লবৈদ্যই কয় যে দুৰ্ঘটনাৰ তদন্ত চলি আছে। ট্ৰাকখনত কয়লা আছিল নে আন কিবা আছিল, সেয়া আমাৰ বিষয়বস্তু নহয়। গাড়ীৰ কাগজ আৰু দুৰ্ঘটনাৰ কাৰণৰ অনুসন্ধানহে আমাৰ কাম।