নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বকাপৰ মঞ্চত হিটমেনৰ অনবদ্য অভিলেখ

বিশেষ বাৰ্তা, ১৫ নৱেম্বৰঃ বিশ্বকাপত ছয়ৰ অৰ্ধশতক সম্পূৰ্ণ কৰিলে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলি থকা বিশ্বকাপ ২০২৩ৰ ছেমি ফাইনেল মেচখনত ৰোহিতে এই অভিলেখ গঢ়িবলৈ সক্ষম হয়। ৫০সংখ্যক ছয়ৰ জৰিয়তে ৰোহিত শৰ্মাই ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি বেটছমেন তথা বিখ্যাত ছিক্স হিটাৰ ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰিছে। গেইলে ৪৯টা ছয় কোবাইছিল। ভাৰতীয় অধিনায়ক তথা হিটমেন ৰোহিত শৰ্মাই নিজৰ নামত এই অভিলেখ গঢ়ি তুলিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত ভাৰতীয় অধিনায়কগৰাকীয়ে ২৯টা বলত ৪৭ ৰান সংগ্ৰহ কৰি ১৬২.০৭ ষ্ট্ৰাইক ৰেটত ৪টা চাৰি আৰু ৪টা ছয়কে ধৰি ৪৭ ৰান সংগ্ৰহ কৰে। এই ৪টা ছয়ৰ জৰিয়তে ৰোহিত শৰ্মাই বিশ্বকাপত ৫০টা ছয়ৰ সীমা অতিক্ৰম কৰি ৫১টা ছয়ৰ সীমা অতিক্ৰম কৰিছে। ৩৫খন মেচৰ ৩৪ ইনিংছত ৪৯টা ছয় সংগ্ৰহ কৰিছিল ক্ৰিছ গেলে। আনহাতে ৰোহিত শৰ্মাই মাত্ৰ ২৭খন মেচৰ ২৭ ইনিংছত ৫১টা ছয় সংগ্ৰহ কৰিছে। ৰোহিত শৰ্মায়ো ক্ৰিছ গেইলতকৈ অধিক ছয় আৰু কম ইনিংছ খেলে। ছয় মাৰিব পৰাৰ উপৰি ৰান সংগ্ৰহৰ ক্ষেত্ৰতো ক্ৰিছ গেইলতকৈ আগবাঢ়ি আছে ৰোহিত শৰ্মাই। হিটমেনে ২৭ ইনিংছত ৬১.১২ গড়ে ১৫২৮ ৰান সংগ্ৰহ কৰিছে। আনহাতে ক্ৰিছ গেলে ৩৫.৯৩ ষ্ট্ৰাইক ৰেটত ৩৪ ইনিংছত ১১৮৬ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত ৰোহিত শৰ্মাই ৬টা অৰ্ধশতক আৰু গেইলে মাত্ৰ ২টা অৰ্ধশতক অৰ্জন কৰিছে।

#বাৰ্তা ডেস্ক

You might also like