নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত আজিও চাৰিখন গাঁও বানৰ কবলত : চিকিৎসা আৰু খোৱাপানীৰ বাবে হাহাকাৰ বানপীড়িতৰ : চৌদিশে দুৰ্গন্ধ-কদৰ্য পৰিৱেশ

নিয়মীয়া বার্তা, ২৬ জুন :- কপিলীৰ সংহাৰী বানৰ কবলৰ পৰা হোজাইৰ অধিকাংশ গাঁও বৰ্তমান মুক্ত হৈছে যদিও বানাক্ৰান্ত অঞ্চল সমূহ বৰ্তমান দুৰ্গন্ধ আৰু কদৰ্যময় পৰিবেশ বিৰাজ কৰিছে । আশ্ৰয় শিবিৰত থকা অধিকাংশ লোক নিজ নিজ ঘৰলৈ উভতি গৈছে যদিও এই সকল এতিয়া আন এক সমস্যাত পৰিছে । এইসকল বানাক্ৰান্তৰ বৰ্তমান খাদ্য সামগ্ৰীৰ লগতে বিশুদ্ধ খোৱা পানীৰ তীব্ৰ অভাৱত পৰিছে । হোজাইৰ বিয়াগোম জনস্বাস্থ্য বিভাগ এটা আছে যদিও এই বানাক্ৰান্ত অঞ্চল সমূহত বিশুদ্ধ খোৱা পানীৰ লগতে অন্যান্য সা সামগ্ৰী যোগানত ব্যৰ্থ হৈছে । নিয়ম মতে বানৰ পিছত বিভাগৰ তৰফৰ পৰা বিভিন্ন সামগ্ৰী বানাক্ৰান্ত অঞ্চল সমূহলৈ প্ৰেৰণ কৰিব লাগে যদিও কাগজে পত্ৰইহে এই সামগ্ৰী প্ৰেৰণ কৰা হৈছে যদিও বাস্তৱত বানাক্ৰান্তই ইয়াৰ পৰা বঞ্চিত হৈছে । হোজাইৰ ফুলদানী সদৃশ এই বিভাগটোৰ পৰা বানাক্ৰান্তই কোনো ধৰণৰ সুফল লাভ কৰা নাই । হোজাই চহৰৰ দাঁতি কাষৰীয়া বানাক্ৰান্ত অঞ্চল সমূহত নামমাত্ৰ সামগ্ৰী প্ৰদান কৰিছে যদিও হায়ঙ, ৱাৰীগেডিং, যোগিমুখ, বিষ্ণুপুৰ, ব্ৰজপুৰ ৰাইকাটা, কোমোৰাকটা, বনগাওঁ, কেন্দুগুৰি, হাটীমৰা আদি বানাক্ৰান্ত অঞ্চলৰ বানাক্ৰান্তই দুৰ্গন্ধ আৰু কদৰ্যময় পৰিবেশত জীৱন নিৰ্বাহ কৰাৰ লগতে এটুপি বিশুদ্ধ পানীৰ অভাৱত প্ৰদূষিত জল পান কৰিব লাগিছে । এই বানাক্ৰান্ত অঞ্চল সমূহত জিলা স্বাস্থ্য বিভাগে যি পৰিমাণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেয়া নকৰাৰ অভিযোগ উঠিছে । বানাক্ৰান্ত অঞ্চলত এতিয়া জ্বৰ, ডায়েৰীয়া আদি ৰোগে দেখা দিবলৈ আৰম্ভ কৰিছে যদিও জিলা স্বাস্থ্য বিভাগে এই বানাক্ৰান্তসকলক পৰ্যাপ্ত চিকিৎসা সেৱা প্ৰদানত ব্যৰ্থ হৈছে । কোনো কোনো বানাক্ৰান্ত অঞ্চলত চিকিৎসা সেৱাৰ দলে বানাক্ৰান্তৰ কোনো খবৰ নোলোৱাৰো অভিযোগ উঠিছে । ইফালে জিলা প্ৰশাসনৰ তথ্য অনুসৰি হোজাই জিলাত বৰ্তমানো চাৰি খন গাঁও বানত আক্ৰান্ত হৈ থকাৰ লগতে মুঠ ৫৫৫ জন লোক আক্ৰান্ত হয় । জিলা খনৰ ২৭ হেক্টৰ কৃষিভূমি এতিয়াও বানৰ কবলতে আছে। আজিও তিনিটা আশ্ৰয় শিবিৰত ২২০ জন বানাক্ৰান্তই আশ্ৰয় লৈ আছে। এই সকল বানাক্ৰান্তক খাদ্য আৰু সাহাৰ্য সামগ্ৰী প্ৰদান কৰা হৈছে । জিলা খনত চিকিৎসা সাহাৰ্যকাৰী ৫ টা দলৰ যোগেদি চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে বুলি চৰকাৰী তথ্যত প্ৰকাশ।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like