নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত ছয় কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ আৰক্ষীৰ

নিয়মীয়া বার্তা, ২৬ জুন: আজি আন্তৰ্জাতিক নিচাযুক্ত সামগ্ৰী প্ৰতিৰোধ দিৱসৰ লগত সংগতি ৰাখি হোজাই আৰক্ষীয়ে বিগত সময়ত জিলাৰ বিভিন্ন আৰক্ষী থানাই জব্দ কৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী দাহ কৰি বিনষ্ট কৰে। হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বাকৰিত এই নিচাযুক্ত সামগ্ৰীসমূহ জিলা আৰক্ষী অধীক্ষক বৰুণ পূৰকায়স্থৰ তত্বাৱধানত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিষয়াৰ উপস্থিতিত বিনষ্ট কৰা হয় । সামগ্ৰী সমূহ দাহ কৰি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে যে জিলাখনত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলি থাকিব। তেওঁ লগতে কয় যে নিচামুক্ত সুস্থ সমাজ গঢ়াৰ বাবে আৰক্ষীয়ে চলোৱা অভিযানত সকলো সচেতন লোকৰ সহযোগিতা কামনা কৰে।এই কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক পনঞ্জীত দুৱৰা, উপ আৰক্ষী অধীক্ষক ৰজি তালুকদাৰকে ধৰি বিভিন্ন থানাৰ আৰক্ষী বিষয়া সকলউপস্থিত থাকে। আজি হোজাই জিলাৰ ৬৯টা এন ডি পি এছ আইনৰ অধীনত হোৱা গোচৰত জব্দ হোৱা ৩.২ কেজি হেৰোইন, ৫৬৭.৭০১ কেজি গাঞ্জা, ৩৭৬৭৮ টা নিচাযুক্ত টেবলেট, ৩৭৭টা কফ চিৰাপ আৰু ১.০২৮ কেজি কানি দহন কৰা হয় । এই গোচৰত এশ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হয় । আজি দাহ কৰা নিচাযুক্ত সামগ্ৰী খিনিৰ খিনিৰ মূল্য প্ৰায় ৫.৮০ কোটিৰ অধিক টকা হব বুলি আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like