আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ১৩ আগষ্ট, শাওণ মাহৰ ২৭ তাৰিখ
বুধবাৰ : তিথি–কৃষ্ণ চতুর্থী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই
মেষ : বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকলৰ কর্মকালত কিবা অশান্তি অনুভৱ৷ ঘৰুৱাত শুভ কর্ম সম্পাদন৷ আর্থিকত মজলীয়া৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷
বৃষ : কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷
মিথুন : পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাৱ মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ শৰীৰ মধ্যম৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৭৷
কর্কট : আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰে মনটো কোনো কাৰণে আনন্দিত হ’ব৷ কিবা পৰিৱর্তনৰ নতুনত্ব অনুভৱ৷ সু–সংবাদ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
সিংহ : কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ কোনো কাৰণে মনত দুখ আহিব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৯৷
কন্যা : বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অভাৱত কাৰোবাৰ প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
তুলা : যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৪৷
বৃশ্চিক : কোনোৱে আশাৰে কৰা অপেক্ষাত কিছু সফল৷ যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ বিদ্যাত সিমান বেয়া দেখা নাযায়৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷
ধনু : কর্মব্যস্ততা বাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভবা–গুণা কৰি ল’ব৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷
মকৰ : আজি পূর্ব দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ উপৰুৱা ব্যৱসায়ত অনুকূলতা৷ বিদ্যাত যত্ন ৰাখক৷ ভ্রমণৰ যোগ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
কুম্ভ : আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাৱ ৰাখিবলৈ সক্ষম হ’ব৷ আজি পূর্ব দিনৰ তুলনাত কিছু উন্নত৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৭৷
মীন : আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷