🔹 অসমীয়া জাতিক মেটেকাৰে তুলনা কৰি চূড়ান্ত অপমান
নিয়মীয়া বাৰ্তা, ১২ আগষ্টত : অসমীয়া জাতিক অশ্লীল গালি-গালাজেৰে চূড়ান্ত অপমান কৰা তথাকথিত ইউটিউবাৰ চুমী আকতাৰ অৱশেষত পৰিল আৰক্ষীৰ জালত। তথাকথিত ইউটিউবাৰ চুমীয়ে যোৱা দুদিন ধৰি সামাজিক মাধ্যমত অসমীয়া জাতিক অশ্লীল গালি-গালাজ কৰি তুচ্ছ-তাচ্ছিল্যৰে চূড়ান্ত অপমান কৰিছিল। আনকি চুমীয়ে অসমীয়া জাতিক মেটেকাৰে তুলনা কৰি চৰম অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। ইয়াকে লৈ স্হানীয় অঞ্চলকে ধৰি সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতেই স্হানীয় ৰাইজে চুমীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। অৱশেষত আজি দুপৰীয়া লাহৰীঘাট আৰক্ষীয়ে চুমীক গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
পূৰ্বৰে পৰা বৰচলা পটুৱাকাটা গাঁৱৰ চুমীয়ে সামাজিক মাধ্যমযোগে বিতৰ্কিত পোষ্ট দি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে। বৰ্তমান বিতৰ্কিত চুমীক লাহৰীঘাট থানাত সোধা-পোছা অব্যাহত ৰাখিছে। সামাজিক মাধ্যমত চৰম বিতৰ্কিত মন্তব্য কৰা চুমীক গ্ৰেপ্তাৰৰ পিছতেই স্হানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জনায়। স্হানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে অসমীয়াক অপমানিত কৰা তথাকথিত ইউটিউবাৰ চুমীক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবী উত্থাপন কৰে।
প্ৰেৰক আবুল কালাম