নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হর্ছ ট্রেডিঙৰ সম্ভাৱনা নস্যাৎ মুখ্যমন্ত্রীৰঃ আমাক নালাগে আনৰ বিধায়ক মিত্রজোঁটে পাব মেজিক নম্বৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ মহাজোঁটৰ প্রার্থীক হর্ছ ট্রেডিং কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি শংকা প্রকাশ কৰি কংগ্রেছ, এ আই ইউ ডি এফ, বি পি এফৰ প্রার্থীসকলক ভোটগণনাৰ পূর্বেই দলসমূহে অসমৰ বাহিৰত আবদ্ধ কৰি ৰখাৰ ব্যৱস্থা কৰিছে৷ বিৰোধীৰ এনে আজব আচৰণত আশ্চর্য প্রকাশ কৰিছে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে৷ এই সন্দর্ভত শনিবাৰে সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে ইতিমধ্যে সংবাদ মেলযোগে মিত্রজোঁটে এইবাৰ মেজিক নম্বৰ অতিক্রম কৰিব বুলি প্রকাশ কৰিছে৷ বিজেপি, অগপ, ইউ পি পি এল সকলোৱে মিলি এইবাৰ চৰকাৰ গঠন কৰিবৰ বাবে প্রয়োজন হোৱা মেজিক নম্বৰতকৈ বহু বেছি আসন লাভ কৰিব৷ সেয়া এশ শতাংশ নহয়, এহাজাৰ শতাংশ নিশ্চিত৷ অসমত আকৌ এবাৰ বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’ব৷ ভোটগণনাৰ পূর্বেই কংগ্রেছ মহাজোঁট হতাশাগ্রস্ত হৈছে৷ তাৰ বাবেই মানুহৰ মনত সজীৱ হৈ থকাৰ বাবে নানা ধৰণৰ কূটকৌশল কৰিছে৷ সেইদৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসেও এই সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিজেপি মিত্রজোঁটৰ আন দলৰ সঁহাৰিৰ প্রয়োজন নাই৷

তদুপৰি মহাজোঁটে তেওঁলোকৰ প্রার্থীসকলক আঁতৰাই নিয়া ঘটনাই তেওঁলোকৰ অংশীদাৰ দল আৰু প্রার্থীসকলৰ ওপৰত যে আস্থা–বিশ্বাস নাই, সেইটোৱে সূচাইছে৷ চৰকাৰ গঠন কৰিবলৈ মিত্রজোঁটক বেলেগৰ সহায় নালাগে৷ লাগিলে মিত্রজোঁটে চৰকাৰেই নকৰে, তথাপি বেয়া সামগ্রী লৈ ঘৰ নবনায়৷ দাসৰ স্পষ্ট কথা– বেলেগৰ বেয়া বস্তু কিনি আমি ঘৰ নবনাওঁ৷ ইপিনে মিত্রজোঁটৰ অংশীদাৰ দল অগপৰ সভাপতি অতুল বৰাই এই সম্পর্কত কয় যে কোনে হর্ছ ট্রেডিং কৰিব? বিজেপিৰ নেতৃত্বত মিত্রজোঁটে পুনৰ চৰকাৰ গঠন কৰিব৷ ৰাইজে ইতিমধ্যে ৰায়দান কৰিছে৷ সেই বিষয়ত আমি আত্মবিশ্বাসী৷ ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আছে৷ ২০১৬ চনৰ পৰা আমি যি কাম কৰিছোঁ, তাৰ বাবেই এইবাৰ নির্বাচনত আমাৰ প্রতি ৰাইজে পাৰভগা উছাহ প্রদর্শন কৰিছে৷

মহাজোঁটে যিসকলক প্রার্থিত্ব প্রদান কৰিছে, তেওঁলোকৰ ওপৰত ভৰসা নাই বাবেই আঁতৰাই ৰাখিছে৷ অসমৰ ৰাজনীতিৰ বাবে এয়া দুর্ভাগ্যজনক কথা৷ অসমত এইবাৰ মিত্রজোঁটৰ এখন শক্তিশালী চৰকাৰ হ’ব, যিখন চৰকাৰ হ’ব ৰাইজৰ চৰকাৰ৷ অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তয়ো মহাজোঁটৰ কার্যত আশ্চর্য প্রকাশ কৰি কয় যে যিটো মহাজোঁটে নির্বাচনৰ সময়ত অংশীদাৰ দলৰ সৈতে একেলগে একেখন মঞ্চত উপৱিষ্ট হ’ব নোৱাৰিলে, সেইটো মহাজোঁটে এতিয়া অংশীদাৰ দলসমূহক আঁতৰাই নিবলগীয়া হোৱাটোৱেই তেওঁলোকৰ প্রতি যে বিশ্বাস নাই, তাকেই সূচাইছে৷ প্রার্থীসকলৰ ওপৰতো বিশ্বাস নাই৷ মিত্রজোঁটে পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী কৰি মহন্তই কয় যে তেওঁলোকে কমেও ৮৬খন আসনত জয়লাভ কৰি চৰকাৰ কৰিব৷ ইপিনে ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকনে এই সম্পর্কত কয় যে হর্ছ ট্রেডিং আদিৰ কোনো প্রাসংগিকতা নাই৷ আচলতে তেওঁলোক ফুৰিবলৈহে গৈছে৷

You might also like