নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত ক্রমাৎ বৃদ্ধি ক’ৰোনাৰ সংক্রমণঃ প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ কৰাৰ চিন্তা–চর্চা চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ দেশত ক’ৰোনাৰ দ্বিতীয় জোৱাৰে পুনৰ পৰিস্থিতি ভয়ংকৰ কৰি তোলাৰ সময়তে অসমতো ক্রমাৎ বৃদ্ধি পাবলৈ লৈছে ক’ৰোনাৰ সংক্রমণ৷ যোৱা ২৪ ঘণ্টাত অসমত ২৮১জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ১৫৩গৰাকীয়েই হৈছে গুৱাহাটী মহানগৰীৰ৷ পৰিস্থিতি অধিক অৱনতি ঘটাৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ক’ভিড প্রতিৰোধৰ বাবে এলানি নতুন নিয়ম বলৱৎ কৰিছে৷ এই পৰিস্থিতিত ৰাজ্যত পুনৰ লকডাউনৰ সম্ভাৱনাক লৈ চর্চা চলিছে যদিও শনিবাৰে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিয়ে যে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই৷

দুধনৈত শ্বহীদ বাবলু ৰাভাৰ ঘৰত উপস্থিত হোৱা স্বাস্থ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰাৰ লগতে কয় যে ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে ইতিমধ্যে মহাৰাষ্ট্র, কর্ণাটক আৰু দিল্লীত পৰিস্থিতি জটিল কৰি তুলিছে৷ এই তিনিখন ৰাজ্যৰ পৰা অসমলৈ অহা যাত্রীয়ে সংক্রমণ বৃদ্ধিৰ শংকা বঢ়াইছে৷ ইতিমধ্যে বিমানবন্দৰ আৰু ৰে’ল ষ্টেচনত এই যাত্রীসকলৰ ক’ভিড পৰীক্ষা অধিক কঠোৰ কৰি তোলা হৈছে৷ ৰাজ্য চৰকাৰে এইক্ষেত্রত সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ সংক্রমণ কিছু বৃদ্ধি হৈছে যদিও চৰকাৰে লকডাউনৰ কোনো কথা চিন্তা কৰা নাই৷ ক’ভিড–১৯ৰ বিৰুদ্ধে মোকাবিলা কৰিবৰ বাবে গ্রহণ কৰা হৈছে এলানি বিশেষ পদক্ষেপ৷

উল্লেখ্য যে ৰাজ্যত সংক্রমণ বৃদ্ধিৰ সময়তে ৰাজ্যত অনুষ্ঠিত হ’ব ৰঙালী বিহু৷ বিহুৰ সাংস্কৃতিক সন্ধিয়াত জনসমাগমৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে স্বাস্থ্য বিভাগে নতুন এছ অ’ পি জাৰি কৰিছে যদিও ক’ৰোনাৰ সংক্রমণে এই সময়ছোৱাতো ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পৰিপ্রেক্ষিতত বিহুৰ পাছতে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদান বন্ধ হোৱাৰ সম্ভাৱনাক লৈও চর্চা চলিছে৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয়– স্বাস্থ্য বিভাগে সকলো পৰিৱেশৰ ওপৰতে নজৰ ৰাখিছে৷ সংক্রমণ বৃদ্ধি হ’লে প্রাথমিক বিদ্যালয়ৰ পাঠদান বন্ধ কৰা হ’ব৷ অৱশ্যে এই পৰিৱেশ এতিয়াও উদ্ভৱ হোৱা নাই৷ যদি প্রতিজন শিক্ষকে ভেকচিন লয়, তেন্তে স্বাভাৱিক জীৱন অব্যাহত থাকিব৷

মন কৰিবলগীয়া যে ৰাজ্যত লকডাউনৰ সম্ভাৱনা ইতিপূর্বে নস্যাৎ কৰিছিল স্বাস্থ্যমন্ত্রী ড০ শর্মাই৷ পুনৰ বিষয়টো সন্দর্ভত কয়– লকডাউনৰ ফলত দুখীয়া লোকসকলে অধিক কষ্ট স্বীকাৰ কৰিবলগীয়া হয়৷ সেয়েহে বর্তমান পৰিস্থিতিত ৰাজ্যত লকডাউনৰ কোনো সম্ভাৱনা নাই৷ লক্ষণীয় দিশটো হ’ল যে ক’ৰোনা আক্রান্তৰ বৃদ্ধিৰ ফলত গুৱাহাটীৰ কালাপাহাৰত থকা ক’ভিড হাস্পতালত সকলো বিছনা ভর্তি হৈছে৷ স্বাস্থ্য বিভাগে নতুন ক’ভিড আক্রান্তক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ভর্তি কৰাৰ ব্যৱস্থা কৰিব৷ এই চিকিৎসালয়খনত ৰোগীৰ সংখ্যা বৃদ্ধি হ’লে জালুকবাৰীৰ আয়ুর্বেদিক চিকিৎসালয়ত আৰু তাৰ পৰৱর্তী সময়ত শিঙিমাৰীৰ চিকিৎসালয়ত ক’ভিড আক্রান্তসকলক ভর্তি কৰোৱা হ’ব৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ অচ্যুত বৈশ্যই জানিবলৈ দিয়া মতে, চিকিৎসালয়খনত ক’ভিড আক্রান্তৰ বাবে দুশখন বিছনা ইতিমধ্যে সাজু কৰি ৰখা হৈছে৷ কার্যতঃ ক’ভিড সংক্রমণৰ প্রতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে পুনৰ সকলো ধৰণৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷

You might also like