নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত HSLC-HS উত্তীৰ্ণ পৰিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৬ মে ‘ : বিলাসীপাৰা চহৰৰ মঞ্জুৰা ৰাণী মেমৰিয়াল ট্রাষ্টৰ উদ্যোগত ডাঃ বি আৰ আম্বেদকাৰ ভৱনত এই সম্বোৰ্ধনা অনুষ্টান অনুষ্ঠিত কৰা হয়। বিগত বৰ্ষবোৰৰ দৰে এইবাৰো বিলাসীপাৰা সম-জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় অৰ্ধ শতাধিক কৃৰ্তিমান ছাত্ৰীক ট্ৰাষ্টৰ ফালৰ পৰা একোখনকৈ ফুলাম গামোচা, জাপি, কলম,দেশৰ সংবিধান সম্বলিত কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।

নাৰী সৱলীকৰণ তথা নাৰী শিক্ষাক উৎসাহিত কৰাৰ প্ৰয়াসে ট্ৰাষ্টৰ মুল লক্ষ্য। সম্বৰ্ধনা অনুষ্ঠানত বিশিষ্ট চিকিৎসক তথা ট্ৰাষ্টৰ প্ৰনেতা ডাঃ কানুলাল দাস, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক ছামছুল হুদা, নিৰ্বাচনী বিষয়া, বিলাসীপাৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপিকা বিভাৰাণী নাথ, প্ৰবীণ সাংবাদিক দয়াল পাল আৰু বহুতো গন্য মান্য ব্যক্তি অংশগ্ৰহণ কৰি ছাত্ৰীসকলক উচ্চ শিক্ষাৰে শিক্ষিত হৈ সমাজৰ হকে কাম কৰিবলৈ আহ্বান জনাই আশীষ দিয়ে।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like