নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তীর্ণৰ হাৰত প্রথম শিৱসাগৰ, দ্বিতীয় নলবাৰী

হাইস্কুল শিক্ষান্ত

নিয়মীয়া বাৰ্তা ৭ জুনঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণৰ হাৰৰ ক্ষেত্রত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিলে শিৱসাগৰ উত্তীর্ণৰ হাৰত প্রথম শিৱসাগৰ, দ্বিতীয় জিলাই৷ জিলাখনত সামগ্রিকভাৱে উত্তীর্ণৰ হাৰ হ’ল ৮৩.৯২ শতাংশ৷ ২০২০ বর্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰৰ ১১,০২৩গৰাকী শিক্ষার্থী অৱতীর্ণ হয় আৰু ইয়াৰে উত্তীর্ণ হ’ল ৯,২৫১গৰাকী ছাত্র–ছাত্রী৷ জিলাখনৰ ২,৮৬০গৰাকীয়ে প্রথম বিভাগ, ৩,৩৭৭গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৩,০১৪গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ ৭৮.৭৩ শতাংশ উত্তীর্ণৰ হাৰেৰে তালিকাৰ দ্বিতীয় স্থানত আছে নলবাৰী জিলা৷ পৰীক্ষাত নলবাৰীৰ পৰা অৱতীর্ণ হোৱা ১০,১৫৫গৰাকী শিক্ষার্থীৰ ভিতৰত ৭,৯৯৫গৰাকী উত্তীর্ণ হয়৷ ইয়াৰে ২,৩০৩গৰাকীয়ে প্রথম বিভাগ, ২,৩৯৪গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৭৫৮গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ আনহাতে, উত্তীর্ণৰ হাৰৰ তালিকাৰ তৃতীয় স্থানত থকা জিলাখন হ’ল দৰং৷ জিলাখনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীর্ণ হোৱা ৯,৮৩১গৰাকী শিক্ষার্থীৰ ভিতৰত উত্তীর্ণ হ’ল ৭,৩০৯গৰাকী৷ সামগ্রিকভাৱে উত্তীর্ণৰ হাৰ ৭৪.৩৫ শতাংশ৷ দৰঙৰ ১,৯১০গৰাকী ছাত্র–ছাত্রীয়ে প্রথম বিভাগ, ২,৯১৮গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ২,৪৮১গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে৷ এই তালিকাৰ আটাইতকৈ তলৰ স্থানত থকা ধুবুৰী জিলাৰ উত্তীর্ণৰ হাৰ হ’ল ৪৪.২০ শতাংশ৷ ধুবুৰীৰ ১৮,৮২৩গৰাকী শিক্ষার্থীৰ কেৱল, ৮,৩১৯গৰাকীহে উত্তীর্ণ হয়৷ ইফালে, হাইমাদ্রাছা পৰীক্ষাত যোৰহাটৰ উত্তীর্ণৰ হাৰ হ’ল ১০০ শতাংশ৷ অৱশ্যে যোৰহাটৰ মাত্র ১৩গৰাকী শিক্ষার্থী অৱতীর্ণ হৈছিল আৰু আটাইকেইগৰাকীয়ে উত্তীর্ণ হয়৷ প্রথম স্থান লাভ কৰে ২গৰাকীয়ে৷ ইয়াৰ পাছতে ৮৫.৭১ শতাংশ উত্তীর্ণৰ হাৰেৰে চিৰাং জিলা দ্বিতীয় স্থানত আৰু ৭৭.১৩ শতাংশ উত্তীর্ণৰ হাৰেৰে বাগ্সা জিলা তৃতীয় স্থানত আছে৷ হাইমাদ্রাছা পৰীক্ষাত চিৰাঙৰ মুঠ ৪২গৰাকী শিক্ষার্থীৰ ৩৬গৰাকী উত্তীর্ণ হয়৷ প্রথম বিভাগ লাভ কৰে ১২গৰাকীয়ে৷ আনহাতে, বাগ্সাৰ ১৮৮গৰাকী শিক্ষার্থীৰ ভিতৰত উত্তীর্ণ হ’ল ১৪৫গৰাকী৷ প্রথম বিভাগ লাভ কৰে ১৯গৰাকীয়ে৷ হাইমাদ্রাছা পৰীক্ষাত ওদালগুৰি জিলাৰ এগৰাকীও শিক্ষার্থী উত্তীর্ণ নহ’ল৷ জিলাখনৰ পৰা পৰীক্ষাত অৱতীর্ণ হোৱা তিনিওগৰাকী শিক্ষার্থীয়ে অনুত্তীর্ণ হয়৷

You might also like