নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাৰ চৰকাৰী ফার্মতে ছোৱাইন ফ্লুত শতাধিক গাহৰিৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ৰাজ্যত পুনৰ আৰম্ভ হৈছে আফ্রিকান ছোৱাইন ফ্লুৰ সংহাৰ৷ খোদ চৰকাৰী গাহৰি ফার্মতে এই ভয়াৱহ ৰোগৰ সংক্রমণ ধৰা পৰিছে৷ যাৰ বাবে বিগত ১০ দিনৰ ভিতৰত শতাধিক গাহৰি নিধন কৰা হৈছে পশুপালন বিভাগৰ উদ্যোগত৷ জানিব পৰা মতে, জানুৱাৰী মাহৰ দ্বিতীয়ার্ধত খানাপাৰাত থকা ৰাষ্ট্রীয় গ্রামীণ জীৱিকা অভিযানৰ ফার্মত হঠাৎ গাহৰিৰ মৃত্যু হ’বলৈ ধৰে৷ পৰীক্ষাত ধৰা পৰে যে আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণৰ ফলতে গাহৰি মৃত্যুমুখত পৰিছে৷

ততালিকে সাৱধানতামূলক ব্যৱস্থা হিচাপে যোৱা ১৯ জানুৱাৰীত ফার্মখনত থকা ৪০টা গাহৰি নিধন কৰা হয়৷ ইয়াৰে ১০টা গাভিণী আছিল৷ পৰৱর্তী সময়ত তাৰ নিকটৱর্তী আন এখন ফার্মৰ শতাধিক গাহৰিও নিধন কৰা হয়৷ কিন্তু লক্ষণীয় কথাটো হ’ল ৰাজ্যত পুনৰ আফ্রিকান ছোৱাইন ফ্লুৰ সংহাৰ আৰম্ভ হোৱাৰ বিষয়টো অত্যন্ত গোপনে ৰাখিছে পশুপালন বিভাগে৷ ইয়াৰ আঁৰত আছে বিভাগটোৰ দুটা নিকৃষ্ট অভিসন্ধি৷

প্রথমটো হ’ল বিগত এপ্রিল–মে’ মাহত ৰাজ্যত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণৰ ফলত প্রায় ১ লাখ গাহৰিৰ মৃত্যু হৈছিল বা চৰকাৰী উদ্যোগত নিধন কৰা হৈছিল৷ লোকচানৰ সন্মুখীন হোৱা গাহৰিপালকক ক্ষতিপূৰণ আদায়ৰ প্রতিশ্রুতি দিও ৰাজ্য চৰকাৰে এতিয়ালৈকে পালন কৰা নাই৷ এতিয়া ৰাজ্যত নতনকৈ আফ্রিকান ছোৱাইন ফ্লুত গাহৰিৰ মৃত্যু হোৱাটো নিশ্চিত হ’লে ক্ষতিপূৰণ পাবলগীয়া হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাব৷ সেয়ে ক্ষতিপূৰণ আদায় দিবলগীয়া হোৱাৰ ভয়তে এতিয়া পশুপালন বিভাগে আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণৰ বিষয়টো গোপনে ৰাখিছে৷ দ্বিতীয়তে পশুপালন বিভাগৰ ন্যস্তস্বার্থজড়িত একাংশ বিষয়া আৰু এটা ছিণ্ডিকেট চক্রই অসম তথা উত্তৰ–পূবৰ গাহৰি মাংসৰ বৃহৎ বজাৰখন পঞ্জাব–হাৰিয়ানাৰ ফার্মক গতাই দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ এনে সময়ত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণ নিশ্চিত হ’লে চৰকাৰে আন্তঃৰাষ্ট্রীয় সংস্থাৰ গাইডলাইন মানি বহিঃৰাজ্যৰ পৰা গাহৰিৰ আমদানি নিষিদ্ধ কৰিব লাগিব৷ বা ন্যায়ালয়েও নিষেধাজ্ঞা আৰোপ কৰিব৷ সেয়ে বহিঃৰাজ্যৰ ফার্মৰ স্বার্থ সিদ্ধি আৰু কমিছন সংগ্রহৰ স্বার্থতে পশুপালন বিভাগে মাৰাত্মক ৰোগ সংক্রমণৰ খবৰটো গাপ দি ৰাখিছে৷

উল্লেখ্য যে যোৱা এপ্রিল মাহৰ পৰা অসমৰ কামৰূপ, শিৱসাগৰ, বিশ্বনাথ আদি জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যু আৰম্ভ হৈছিল৷ ১ মে’ৰ দিনা নেচনেল ইনষ্টিটিউট অৱ হাই ছিকিউৰিটী এনিমেল ডিজিজে আফ্রিকান ছোৱাইন ফ্লুৰ ফলত গাহৰিৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছিল৷ তাৰ পাছত সংক্রমণ হোৱা ঠাইৰ চাৰিওফালৰ ১ কিলোমিটাৰ অঞ্চল কনটেইনমেণ্ট জ’ন আৰু ১০ কিলোমিটাৰ ব্যাসার্ধৰ অঞ্চল ছার্ভিলেন্স জ’ন হিচাপে ঘোষণা কৰা হয়৷ কনটেইনমেণ্ট জ’নত থকা সকলো গাহৰি মাৰি পেলোৱাটোৱে ৰোগ প্রতিৰোধৰ একমাত্র উপায়৷ এতিয়া ৰাজ্যত আকস্মিকভাৱে গাহৰিৰ মৃত্যু হ’লেই তাৰ কাৰণ পৰীক্ষা কৰাটো জৰুৰী হৈ পৰিছে৷ কাৰণ চৰকাৰী ফার্মত পুনৰ আফ্রিকান ছোৱাইন ফ্লুৰ সংক্রমণ ধৰা পৰিছে৷ কিন্তু কমিছনৰ অংকত পশুপালন বিভাগে এই বিষয়টো গাপ দি ৰাখি জনস্বাস্থ্যৰ লগত ভয়ংকৰ হেতালি খেলিছে৷

You might also like