বিশেষ বাৰ্তা, ১৭ অক্টোবৰ : আজি গুৱাহাটীৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ আজি ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যালয়ত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাশ ব্যক্তিয়ে বিজেপিত যোগদান কৰে। যোগদান কাৰ্যসূচীত শীৰ্ষ নেতৃত্বই বিজেপিত যোগদান কৰা সকলোকে আদৰণি জনায়।
উল্লেখ্য যে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰা ধৰ্মকান্ত গগৈয়েও আজি বিজেপিত যোগদান কৰে। উক্ত অনুষ্ঠানত ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, সাংসদ দিলীপ শইকীয়া, বিধায়ক মানৱ ডেকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।