বিশেষ বাৰ্তা, ২৮ মেঃ কালি নিশাৰে পৰা আৰম্ভ হোৱা ৰেমালৰ প্ৰচণ্ড তাণ্ডৱত বোকাখাতৰ বিভিন্ন স্থানত শ শ পশু পক্ষীৰ মৃত্যু হৈছে। ৰেমালৰ বিধ্বস্ততাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ যান জঁট, বিজুলী, চিকিৎসা আদিৰ কামত ব্যস্ত থকাৰ সময়তে এই ভয়ানক ধুমুহা বৰষুণৰ ফলত মানুহৰ বাদে আন জীৱকুলৰ কথা আমি যেন পাহৰি পেলাইছোঁ। বাতৰিৰ তথ্য সংগ্ৰহ, প্ৰেৰণ, পৰিবেশন আদিৰ কামত ব্যস্ত থকাৰ মাজতে বোকাখাতৰ কেইজনমান সাংবাদিকে দেখুৱালে মমতাৰ নিদৰ্শন। বোকাখাতৰ ১নং ৱাৰ্ডৰ মিলনপুৰত এজোপা বাঁহনীত বাহ সাজি থকা শ শ বগলীৰ ধুমুহা বৰষুণত বাহঁ সমুহ ভাগি যায় আৰু শতাধিক বগলী মৃত্যু হোৱাৰ লগতে তললৈ পৰি যায় বহুত বগলী পোৱালি। ইয়াৰে অধিকাংশ মৃত্যু হয় যদিও বোকাখাতৰ প্ৰনৱ শইকীয়া, ত্ৰিনয়ন বৰা, ধ্ৰুৱজ্যোতি ৰাজখোৱা, সন্দীপ পানিকা আৰু বিশ্ব দত্তই উদ্ধাৰ কৰি আনে। বোকাখাতৰ পানবাৰীস্থিত বন্যপ্ৰাণী চিকিৎসা আৰু পুনৰ সংস্থাপন কেন্দ্ৰত নিজে বাহনৰ ব্যৱস্থা গ্ৰহণ কৰি ভৰ্তি কৰে। প্ৰকৃতিপ্ৰেমী লোকে এনে কাৰ্যৰ বাবে তেওঁলোকক শলাগ লৈছে। ধুমুহাৰ ফলতেই বাঁহৰ পৰা পৰি যোৱা বহু বগলী বাঁহৰ জেংঙত ওলমি থকা পৰিলক্ষিত হয়। বহু কণী নষ্ট আৰু পোৱালিৰ মৃত্যু হোৱাত দুখ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
প্ৰেৰক অমৰ শৰ্মা