নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ মাত্র ২৪ দিনতে দিল্লীত স্বামীয়ে হত্যা কৰিলে ডুমডুমাৰ বোৱাৰীক

মৃত্যুৰ দিনা নিশা ৯ বজালৈ পৰিয়ালৰে ম’বাইলত কথা পাতিছিল ডুমডুমাৰ অভিনেত্রী অজন্তা লহকৰে

নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ   ডুমডুমা নগৰৰ চুক্রেটিং ৮ নম্বৰ নিৱাসী কমল লহকৰৰ কনিষ্ঠ কন্যা, অঞ্চলটোৰ এগৰাকী নৱাগত অভিনেত্রী তথা নৱবিবাহিত অজন্তা লহকৰৰ (২৭) বহিঃৰাজ্যত আকস্মিক মৃত্যু হোৱাৰ খবৰে অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে৷ উল্লেখনীয় যে ডুমডুমা  জি এন বি ৰোডত এটা সময়ত বসবাস কৰা প্রয়াত শ্রীৰেশ ধৰৰ পুত্র তথা দিল্লীত কর্মৰত অভিজিৎ ধৰৰ (৩৫) সৈতে আজিৰ পৰা প্রায় ২৪ দিন পূর্বে ধর্মীয় ৰীতি–নীতিৰে বিবাহপাশত আবদ্ধ হোৱা অজন্তাই যোৱা ৪ অক্টোবৰৰ পুৱতিনিশা প্রায় ৩ বজাত দিল্লীস্থিত ছফদৰজং এলেকাৰ কৃষ্ণনগৰৰ গলিপথ–৫ৰ ৯৫ চি আপাৰ গ্রাউণ্ড ফ্ল’ৰৰ বাসগৃহত চিপ লৈ আত্মহত্যা কৰা বুলি অভিজিতৰ পৰিয়ালৰ পৰা অজন্তাৰ পৰিয়ালে জানিব পাৰি হতভম্ব হৈ পৰে৷ এই মৃত্যুৰ বতৰা পোৱাৰ পাছত অজন্তাৰ পৰিয়ালে সাংবাদিকৰ আগত অভিযোগ কৰে যে ৪ অক্টোবৰৰ নিশা প্রায় ৯ বজালৈকে পৰিয়ালৰ সৈতে হাঁহি–ধেমালিৰে ভিডিঅ’ কলিং কৰি খা–খবৰ লোৱা ছোৱালীজনীয়ে কোনো কাৰণতেই আত্মহত্যা কৰিব নোৱাৰে৷ আনহাতে, এই ঘটনাৰ পাছত যোৱা ৬ অক্টোবৰত অজন্তাৰ জ্যেষ্ঠ ভগ্ণী আৰু মোমায়েক দিল্লীলৈ ৰাওনা হয় আৰু ডুমডুমা আৰক্ষী থানাৰ যোগেদি পিতৃয়ে দিয়া এজাহাৰখন ছফদৰজং এনক্লেভ আৰক্ষী থানাত দাখিল কৰি তেওঁলোকৰ কন্যা অজন্তা শহুৰৰ পৰিয়ালৰ যৌতুক দাবীৰ বলি হোৱা বুলি অভিযোগ কৰিছে৷ এজাহাৰত অজন্তাৰ স্বামী পৰিয়ালত থকা দুগৰাকী সদস্য অজন্তাৰ স্বামী অভিজিৎ আৰু তেওঁৰ মাতৃৰ ওপৰত আইনী ব্যৱস্থা ল’বলৈ অনুৰোধ জনায়৷ এই এজাহাৰৰ ভিত্তিত দিল্লী আৰক্ষীয়ে বুধবাৰে অজন্তাৰ স্বামী অভিজিৎ ধৰক গ্রেপ্তাৰ কৰে আৰু তেওঁৰ মাতৃ কল্পনা ধৰ (৬২) আৰু দুলীয়াজানত বিয়া দিয়া অভিজিতৰ বায়েক সুস্মিতা দাসক (৪২) সোধা–পোছাৰ বাবে থানালৈ মাতি নিয়ে৷

আনহাতে, দিল্লীৰ পৰা অজন্তাৰ পৰিয়ালে জানিবলৈ দিয়া অনুসৰি অভিজিতৰ দিল্লীৰ বাসগৃহৰ এখন চিলিং ফেনৰ ষ্টেণ্ডডাল কিছু বেঁকা হৈ থকাৰ লগতে পাকঘৰৰ বাচন–বর্তনবোৰ সিঁচৰতি হৈ আছে৷ ইয়াৰ উপৰি অভিজিতৰ ঘৰত থকা আইনাখন কিছু ভগা অৱস্থাত আছে আৰু অভিজিতৰ দেহত কিছু আঘাতৰ চিন দেখিবলৈ পাইছে৷ সেয়েহে এই সকলোলৈ লক্ষ্য কৰি এয়া এক হত্যকাণ্ড বুলি ক’ব পাৰি যদিও মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতহে সত্য ঘটনা পোহৰলৈ আহিব বুলি উল্লেখ কৰে৷ প্রসংগক্রমে উল্লেখনীয় বিষয় যে ডুমডুমা জি এন বি ৰোডত বসবাস কৰি এ আৰ চিৰ পৰা চাকৰিৰ অৱসৰ লোৱা অভিজিতৰ পিতৃ প্রয়াত শ্রীৰেশ ধৰে অৱসৰৰ পাছতে ডুমডুমাৰ পৰা গৈ দিল্লীত নিগাজিকৈ থাকিবলৈ লৈছিল৷ কিন্তু অভিজিতৰ পৰিয়ালৰ কিছু লোক ডুমডুমাত থকাৰ বাবে মাজে–সময়ে অভিজিৎ ডুমডুমালৈ আহিছিল৷ তেনেদৰে ডুমডুমালৈ অহাৰ সময়তে অজন্তাৰ সৈতে চা–চিনাকি হৈ এটা সময়ত প্রেমৰ বান্ধোনত সোমাই পৰিছিল দুয়ো৷ যাৰ পৰিণতিত পৰিয়ালৰ লোকে নজনাকৈ বিগত বর্ষৰ শেষৰ ফালে তিনিচুকীয়া আদালতৰ জৰিয়তে আইনী বিবাহ সম্পন্ন কৰি অভিজিৎ পুনৰ উভতি গৈছিল দিল্লীলৈ৷ তাৰ পাছত দুয়োৰে যোগাযোগ চলি আছিল আৰু শেষত চলিত বর্ষৰ জুন মাহৰ আৰম্ভণিতে পৰিয়ালৰ কাকো একো নজনোৱাকৈ এদিন অজন্তা ডুমডুমাৰ পৰা দিল্লীলৈ গৈছিল৷ আনহাতে, হঠাতে ঘৰৰ পৰা নোহোৱা হোৱা অজন্তাৰ সন্ধানত পৰিয়ালে আত্মীয়–কুটুম্ব সকলোতে খবৰ লোৱাৰ পাছতো কোনো সম্ভেদ লাভ কৰা নাছিল৷ কিন্তু কিছুদিন পাছত অভিজিতৰ সৈতে অজন্তা দিল্লীত থকাৰ খবৰ লাভ কৰিছিল আৰু তেতিয়াই অজন্তাৰ সম্পর্কীয় সকলোৱে ডুমডুমালৈ উভতি অহাৰ বাবে কৈছিল৷

সেই অনুসৰি যোৱা ছেপ্টেম্বৰৰ প্রথম ভাগত অভিজিৎ আৰু অজন্তা ডুমডুমাৰ পিতৃগৃহলৈ আহি দুয়োৰে আইনী প্রক্রিয়াৰে বিবাহ সম্পন্ন কৰাৰ বিষয়ে অৱগত কৰে৷ এনেদৰে বিবাহ সম্পন্ন হোৱাৰ বিষয়ে জানিব পাৰি উপায়ান্তৰ হৈ পিতৃ পৰিয়ালে যোৱা ১১ ছেপ্টেম্বৰৰ দিনা তিনিচুকীয়াৰ কৃষ্ণ মন্দিৰত বৈদিক প্রথাৰে বিবাহ সম্পন্ন কৰে আৰু যোৱা ২৪ ছেপ্ঢেম্বৰৰ দিনা অভিজিৎ আৰু অজন্তা দুয়ো পুনৰ দিল্লীলৈ উভতি যোৱাৰ ১১ দিনৰ পাছত নৱবিবাহিত বোৱাৰীগৰাকী এনেদৰে আত্মহত্যা কৰা বিষয়টো সেয়েহে সহজভাৱে ল’ব পৰা নাই পিতৃ পৰিয়ালে৷ আনহাতে, অজন্তাৰ পৰিয়ালৰ সূত্রে জানিব পৰা মতে, অজন্তাক বিয়া কৰোৱাৰ পূর্বে অভিজিতে ডিব্রুগডৰ আন এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল যদিও অভিজিৎ আৰু পৰিয়ালৰ অত্যাচাৰৰ বাবে সেইগৰাকী যুৱতীয়ে ২০০৪ চনত অভিজিতৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল৷ আনহাতে, শেহতীয়াকৈ জানিব পৰা মতে, দিল্লীত আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত অজন্তাৰ মৃতদেহ কাইলৈ বিমানযোগে দিল্লীৰ পৰা ডুমডুমাৰ পিতৃগৃহলৈ আনিব৷

আৰু পঢ়়কঃ

ডুমডুমাত শেষকৃত্য সম্পন্ন দুর্ভগীয়া নৱবিবাহিতাৰ স্বামীক গ্রেপ্তাৰ

You might also like