অনলাইন ট্ৰেডিং কি মই নাজানো, শুনিও পোৱা নাই : ৰঞ্জিত কুমাৰ দাস
আমাৰ ৰাজ্যখন উৎপাদনমুখী নহয় বাবে মুল্যবৃদ্ধি হৈছে
বজালীত অংগনৱাড়ী কেন্দ্ৰ মুকলি
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ “অনলাইন ট্ৰেডিং কি মই নাজানো, শুনিও পোৱা নাই আৰু আজিলৈকে মোক কোনেও কোৱাও নাই৷” এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বজালীত কেইবাটাও অভিলাষী আচনি উদ্বোধন কৰাৰ পিছতে সংবাদ মাধ্যমেৰে হোৱা কথোপকথনত সম্প্ৰতি ৰাজ্যত বহুলভাৱে চৰ্চিত আৰু চাঞ্চল্যৰ সৃষ্টি কৰা বহু হেজাৰ কোটি টকাৰ মানি ট্ৰেডিং সম্পৰ্কত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মানী ট্ৰেডিঙৰ নামত যিসকল লোকৰ টকা প্ৰলোভন দি নিছে তেওঁলোকক টকাসমূহ ঘুৰাই দিয়াৰ ব্যবস্থা কৰিব লাগে৷ যি সকলৰ বগা টকা তেওঁলোকক ঘুৰাই দিয়ক আৰু যি সকলৰ কলা টকা সেই টকাসমূহ চৰকাৰে আনি দলং, অংগনবাড়ী কেন্দ্ৰ আদি বনাব লাগে বুলি মন্তব্য কৰি এই প্ৰলোভনৰ মানি ট্ৰেডিঙৰ সতে জড়িতসকলে দৃষ্টান্তমূলক শাস্তি নাপালে ৰাইজে বাৰে বাৰে ভুগি থাকিব বুলি মন্তব্য কৰি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সকলো কথা কৈছে বুলি উল্লেখ কৰে৷ আনহাতে ৰাজ্যত ইটোৰ পিছত সিটোকৈ দৈনন্দিন ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি হৈ থকা সন্দৰ্ভত ৰাজ্যৰ যোগান বিভাগৰো মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে মুল্যবৃদ্ধি হৈছে আৰু সেই কথা অস্বীকাৰ কৰা নাই৷ আমাৰ ৰাজ্যখন উৎপাদনমুখী নহয় বাবে মুল্যবৃদ্ধি হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে মুল্যবৃদ্ধিক লৈ দেশৰ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সকলো উদ্বিগ্ন। তথাপি দেশৰ ভিন্ন চহৰৰ তুলনাত আমাৰ ৰাজ্যখনত বহু সামগ্ৰীৰ মুল্য এতিয়াও কম বুলি মন্ত্ৰী দাসে সদৰি কৰে৷ উল্লেখ্য যে আজি বজালীত তিনিটাকৈ আদৰ্শ অঙ্গনৱাড়ী কেন্দ্রৰ শুভ উদ্বোধন কৰা হয়৷ ইয়াৰে ১২ নং ভোটান্ত মহিতাৰা আদৰ্শ অঙ্গনৱাড়ী কেন্দ্রটোৰ শুভ উদ্বোধন কৰি মন্ত্ৰী দাসে তেওঁৰ কন্যায়ো শৈশৱকালত অংগনৱাড়ী কেন্দ্ৰত পঢ়িছিল বুলি উল্লেখ কৰি ৰাজ্যখনৰ বহু আয়ুক্ত, অতিৰিক্ত আয়ুক্তৰ লৰা- ছোৱালীও এতিয়া অংগনৱাড়ী কেন্দ্ৰত পঢ়ে বুলি তাৎপয্যপূৰ্ণ মন্তব্য কৰে। আনহাতে আজি পাটাছাৰকুছি সমষ্টিৰ আন দুটা অঙ্গনৱাড়ী কেন্দ্ৰ ক্ৰমে ৩৯নং ডুমুৰীয়া আদৰ্শ অঙ্গনৱাড়ী কেন্দ্ৰ আৰু ৭৭নং বামুনকুছি আদৰ্শ অঙ্গনৱাড়ী কেন্দ্রও মুকলি কৰা হয়৷
প্ৰেৰক কল্যাণ কলিতা৷