নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কালি দুলীয়াজানত ছেলফি পইন্ট “আই লাভ দুলীয়াজান” উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানটোত অইলৰ আৱাসিক মুখ্য বিষয়া আনফৰ আলী হকৰ লগতে কাৰ্য্যবাহী সঞ্চালক (ই এ-সম্পদ প্ৰৱন্ধক) সঞ্জয় বাৰ্মা, মুখ্য মহাপ্ৰৱন্ধক (মানৱ সম্পদ-সংস্থাপন) গৌৰাংগ বৰগোহাঁই, মুখ্য মহাপ্ৰৱন্ধক (এইচ এচ ই) ৰাজেন্দ্ৰ সিং গাৰ্বিয়াল আৰু অইলৰ অন্যান্য বিষয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে মানুহৰ মাজত সংযোগ বৃদ্ধি কৰা আৰু স্থানীয় লোকসকলক তেওঁলোকৰ প্ৰিয় চহৰখনৰ সৈতে সংযোগ স্থাপনৰ এক অনন্য স্থান প্ৰদান কৰা লক্ষ্যৰে ছেলফি পইন্টটো মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত ৰামেশ্বৰ তেলীয়ে প্ৰকল্পটো ক্ষিপ্ৰতাৰে সম্পন্ন কৰাৰ বাবে অইলৰ শলাগ লয়। দুলীয়াজানৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণত অইলৰ ধাৰাবাহিক সহযোগিতাক শলাগ লোৱাৰ লগতে এই ছেলফি পইণ্টে দুলীয়াজানত প্ৰৱেশ কৰা প্ৰতিজন ব্যক্তিৰ বাবে আদৰণিৰ প্ৰতীক হিচাপে কাম কৰিব বুলি তেওঁ কয়।
প্ৰেৰক কৃষ্ণা গগৈ