নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিত নাম নথকা লোকক গঁতিয়াই পঠাম বাংলাদেশলৈ

🔹 ঝাৰখণ্ডত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হুংকাৰ

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)ত নাম নথকাসকলক গঁতিয়াই বাহিৰ কৰি বাংলাদেশলৈ পঠিওৱা হ’ব৷ এয়াই আমাৰ নীতি৷ আইনগতভাৱে এই কাম কৰা হ’ব৷ –এই হুংকাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ঝাৰখণ্ডৰ পৰা মুখ্যমন্ত্রী ড০ শর্মাই অবৈধ নাগৰিকক পুনৰ কঠোৰ সকীয়নি দি কয় যে ঝাৰখণ্ডতো এনআৰচি হ’ব৷ এনআৰচিত যিসকলৰ নাম নাহিব, তেওঁলোকক গঁতিয়াই গঁতিয়াই বাংলাদেশলৈ পঠিওৱা হ’ব৷ এনআৰচি কৰাৰ সময়ত সকলোকে নিজৰ পক্ষত ভাৰতীয় নাগৰিক হিচাপে প্রতিপন্ন কৰাৰ সুবিধা দিয়া হ’ব৷ আইন অনুসৰি সকলোৱে নিজকে ভাৰতীয় নাগৰিক হিচাপে প্রতিপন্ন কৰাৰ সুযোগ লাভ কৰিব৷ কিন্তু যিসকল লোকে ভাৰতীয় নাগৰিক বুলি প্রমাণ কৰিব নোৱাৰিব, তেওঁলোকক আইনগত প্রক্রিয়াৰে গঁতিয়াই গঁতিয়াই বাংলাদেশলৈ খেদি পঠিওৱা হ’ব৷ অসমৰ এনআৰচিৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত এনআৰচিৰ প্রথম পর্যায়ত ১৪ লাখ লোকক বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে৷ তেওঁলোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে৷ চৰকাৰৰ তৰফৰ পৰা উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে৷ সীমান্ত অঞ্চলৰ জিলাত ২০ শতাংশ নমুনা পুনৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিব লাগে৷ আনহাতে, ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে ৰাজ্যখনত জনগাঁথনিৰ পৰিৱর্তন হোৱা নাই বুলি কৰা মন্তব্য সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত আদিবাসীৰ জনসংখ্যা কমিছে আৰু মুছলমানৰ জনসংখ্যা বাঢ়িছে৷ সেয়াই জনগাঁথনিৰ পৰিৱর্তন৷ ঝাৰখণ্ডৰ উচ্চ ন্যায়ালয়েও ইতিমধ্যে ৰাজ্যখনত হোৱা অনুপ্রৱেশক লৈ প্রশ্ণ কৰিছে৷ কিন্তু হেমন্ত ছোৰেন চৰকাৰে সমগ্র বিষয়টোক লৈ অনুপ্রৱেশকাৰীৰ ভোটৰ লালসাত ৰাজনীতি কৰি আছে৷ ৰাজ্যখনত অনুপ্রৱেশকাৰী চিনাক্তৰ ক্ষেত্রত বিজেপিয়ে ক্ষমতাত আহিলে কেনেদৰে ব্যৱস্থা ল’ব, সেই সন্দর্ভতো মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ ভোটাৰ তালিকাত যিসকল লোকৰ নাম ২০২১ চনত বা ২০২৪ চনত অন্তর্ভুক্ত হৈছে, ইয়াৰ পূর্বে তেওঁলোকৰ নাম ক’ৰ ভোটাৰ তালিকাত আছিল সেয়া পৰীক্ষা কৰি সেইসকল লোক ভাৰতীয় নাগৰিক হয় নে নহয়, বিচাৰ কৰিব৷ ২০০১ চনৰ ভোটাৰ তালিকাৰ পৰা সেইসকল লোকৰ নাম বিচাৰ কৰা হ’ব৷ অৱশ্যে আদিবাসী আৰু ৰাজ্যখনৰ মূল বাসিন্দাসকলৰ ক্ষেত্রত তেনেদৰে বিচাৰ কৰাৰ প্রয়োজনীয়তা নাথাকিব৷ কাৰণ সেইসকল লোকৰ পিতৃ–মাতৃৰ নাম নিশ্চিতভাৱে পূর্বৰ ভোটাৰ তালিকাত আছে৷ সেইদৰে জে এছ এছ চিৰ পৰীক্ষাত প্রশ্ণকাকত ফাদিলৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে হেমন্ত ছোৰেনৰ চৰকাৰে প্রশ্ণকাকত ফাদিলৰ বিষয়টো প্রথমতে তদন্ত কৰা উচিত৷ কাৰণ পৰীক্ষাৰ প্রক্রিয়াটো সম্পূর্ণ নিৰপেক্ষ হোৱা উচিত৷ কিয়নো ৰাজ্যখনৰ লাখ লাখ পৰীক্ষার্থীৰ বিষয় ইয়াত জড়িত হৈ আছে৷ অসমত প্রশ্ণকাকত ফাদিল হোৱাৰ কথাবোৰ এতিয়া যিদৰে ইতিহাস হৈ পৰিছে, ঠিক তেনেদৰে ঝাৰখণ্ডতো বিজেপিৰ চৰকাৰে ৰাজ্যখনৰ যুৱচামক ন্যায় প্রদান কৰিব৷ ইপিনে, আসন্ন ঝাৰখণ্ড বিধানসভা নির্বাচনত বিজেপিয়ে জেডি (ইউ) আৰু এজেএছ (ইউ)ৰ জোঁটবন্ধনত নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে আসন বুজাপৰাৰ ৯৯ শতাংশ চূড়ান্ত হৈছে৷ এখন–দুখন আসনক লৈ চর্চা বাকী আছে৷ সমাগত দুর্গাপূজাৰ পাছতেই আসন বুজাপৰাৰ প্রক্রিয়া চূড়ান্ত কৰা হ’ব৷ আনহাতে, অসমৰ চাহ জনগোষ্ঠীক জনজাতিৰ মর্যাদা দিবলৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত ছোৰেনে অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক পত্র দিয়াৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ময়ো ইয়াৰ উত্তৰ দিম৷ এই প্রসংগতে তেওঁ কল্পনা ছোৰেনৰ নাম উল্লেখ কৰি কয় যে ঝাৰখণ্ডত কল্পনা ছোৰেনে আদিবাসীৰ বাবে সংৰক্ষিত আসনত কিয় নির্বাচন খেলিব নোৱাৰে, তাৰ উত্তৰ হেমন্ত ছোৰেনৰ ওচৰতে আছে৷

You might also like