নিয়মীয়া বাৰ্তা, ১৭ জুলাই : ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ আজি ভেৰগাঁৱত মুকলি কৰা হয় । বড়োলেণ্ড ছাত্ৰ সন্থা ( বি এছ ইউ)ৰ ভেৰগাঁও ব্লক কমিটীৰ উদ্যোগত ভেৰগাঁওস্থিত মহকুমা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত এই প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ভেৰগাঁৱৰ মহকুমাধিপতি পল্লৱী কছাৰীয়ে । প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰি প্ৰশাসনিক বিষয়াগৰাকীয়ে নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি অনুপ্ৰেৰণামূলক বক্তব্যৰে এনে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে । ইউ পি এছ চিৰ দ্বাৰা পৰিচালিত এই প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’বৰ বাবে কিদৰে প্ৰস্তুতি চলাব লাগে, কেনেদৰে অধ্যয়নত ব্ৰতী হ’ব লাগে ইত্যাদি দিশো তেওঁ উল্লেখ কৰে । বড়োলেণ্ড ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক গৌতম শৰ্মাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত বি টি চিৰ প্ৰাক্তন উপাধ্যক্ষ নেৰচন বড়ো, ভেৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ নিৰদা বড়ো, আইনৰ স্নাতক জীয়া সৰকাৰ, বড়োলেণ্ড ছাত্ৰ সন্থাৰ ভেৰগাঁও ব্লক কমিটীৰ বিষয়ববীয়াসকলৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সাতদিনীয়াকৈ আয়োজন কৰা এই প্ৰশিক্ষণ শিবিৰত লুকাছ বৈশ্য, পল্লৱী কছাৰী সমন্বিতে কেইবাগৰাকীও উচ্চপদস্থ প্ৰশাসনিক বিষয়াই সমল ব্যক্তি ৰূপে অংশ ল’ব বুলিও উদ্যোক্তাসকলে জনাইছে। উল্লেখযোগ্য যে ২৩ জুলাইত এই প্ৰশিক্ষণৰ সামৰণি পৰিব ।
প্ৰেৰক ধীৰেন মহলীয়া