নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ বহিঃৰাজ্যত পুনৰ নিৰুদ্দিষ্ট অসমৰ শ্ৰমিক। পেটৰ তাড়নাত ঘৰ এৰি বহিঃৰাজ্যত কাম কৰিবলৈ গৈ বিগত সাতটা দিনে সন্ধানহীন বাক্সাৰ এগৰাকী লোক। বাক্সা জিলাৰ শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কুমগুৰীৰ চন্দন দাস নাম(৪০)ৰ লোকজনে দেশৰ ৰাজধানী দিল্লীত সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। প্ৰাপ্ত তথ্য অনুসৰি, চন্দন দাসে যোৱা ২ ফেব্ৰুৱাৰীত ঘৰৰ পৰা কাম কৰিবলৈ বুলি ট্ৰেইনেৰে ওলাই গৈছিল হাৰিয়ানালৈ। ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ পৰিয়ালৰ সৈতে যোগাযোগ চলি আছিল যদিও ৪ ফেব্ৰুৱাৰীৰ পিছত মোবাইল অফ হৈ থকাত হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি কোনো দুস্তচক্ৰৰ কবলত পৰিছে চন্দন দাস। পৰিয়াল পোহপাল দিয়াৰ তাগিদাত পন্তী আৰু একমাত্ৰ পুত্ৰক এৰি উপাৰ্জনৰ বাবে ওলাই যোৱা চন্দন দাসৰ কোনো সন্ধান পালে আৰক্ষী অথবা পৰিয়ালৰ লোকক পৰিয়ালৰ 9365064821/ 9395681994 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালে। উল্লেখ্য যে ঘটনা সন্দৰ্ভত ইতিমধ্যে শালবাৰী থানাত অৱগত কৰিছে পৰিয়ালে।
প্ৰেৰক লৱ কুমাৰ দাস