নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ গোৱালপাৰাৰ ৰংজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত শিমলীতোলা থানাৰ অন্তৰ্গত জিবাৰাঙ্গা-বৰপথাৰ আদি অঞ্চলত মঙলবাৰৰ পুৱাৰে পৰা দিনজোৰাকৈ অবৈধ বাংলা ইটাভাতাৰ বিৰুদ্ধে প্ৰশাসনে উচ্ছেদ অভিযান চলায়। ৰংজুলি ৰাজহ চক্ৰ বিষয়া ছোভিয়া পেগুৰ নেতৃত্বত আৰু কাননগো অমৃত হাজোৱাৰীৰ লগতে লাট মণ্ডল মানস জ্যোতি নাথ, পৰাগ জ্যোতি নাথ, ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ ৰেঞ্জাৰ, প্ৰদূষণ ব’ৰ্ডৰ বিষয়া আদিৰ লগতে ৰংজুলি থানা, শিমলীতোলা আৰক্ষী চকী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকৰ সহযোগত জেচিবি লগাই এই উচ্ছেদ কাৰ্য চলোৱা হয়। অবৈধ ইটাভাতাৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই জিবাৰাঙ্গা, বৰপথাৰ অঞ্চলত বহুকেইটা জ্বলি থকা ইটাভাতা দুখনকৈ জেচিবি লগাই ভাঙি পেলোৱাৰ উপৰি লাখ-লাখ কেঁচা ইটাও নষ্ট কৰা হয়। ৰাজহ চক্ৰ বিষয়া ছোভিয়া পেগুই জনোৱা মতে জিলা প্ৰশাসনৰ নিৰ্দেশত এই অভিযান চলে আৰু আগলৈও ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলবোৰত অভিযান অব্যাহত ৰ’ব। স্মৰ্ত্তব্য যে এই অভিযানৰ ফলত সংশ্লিষ্ট ব্যৱসায়ীসকলৰ লোকচানৰ পৰিমাণ কোটি টকাৰ ওপৰত হ’ব বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে যোৱা শুকুৰবাৰেও শিমলীতোলাৰ নেপালীপাৰা, বঙালীপাৰা, গেৰুৱা-কামাৰপোতা আদি অঞ্চলত ৰাজহ বিভাগৰ তৎপৰতাত চলিছিল অনুৰূপ উচ্ছেদ অভিযান।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস