নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰাতত্ত্ব বিভাগৰ নিষিদ্ধ এলেকাত অবৈধভাৱে গৃহ নিৰ্মাণ

📌 ঐতিহাসিক ৰংঘৰ-তলাতল ঘৰৰ অভিলাষী প্ৰকল্পলৈ তীব্ৰ ভাবুকি

নিয়মীয়া বাৰ্তা, ২১ জুলাই : দশকজোৰা প্ৰতীক্ষাৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ঐতিহ্যমণ্ডিত ৰংঘৰ-তলাতল ঘৰক বিশ্বৰ সন্মুখত সাৱলীল ৰূপত প্ৰতিষ্ঠা কৰাৰ অৰ্থে গ্ৰহণ কৰা ঐতিহ্য সাংস্কৃতিক প্ৰকল্পলৈ তীব্ৰ ভাবুকি নমাই আনিছে এটা বে-দখলকাৰী চক্ৰই ৷ শিৱসাগৰ জিলা প্ৰশাসন-উন্নয়ন প্ৰাধিকৰণ, পুৰাতত্ত্ব বিভাগক বুঢ়া আঙুলি দেখুৱাই একাংশ দুৰ্নীতিপৰায়ণ বিষয়াৰ সৈতে গোপন বুজাবুজি কৰি তলাতল ঘৰৰ নিষিদ্ধ এলেকাত ঐতিহাসিক সম্পদৰ সৌন্দৰ্য নাশ কৰি পকী ঘৰ নিৰ্মাণ কৰা ঘটনাই জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ তিনিখনকৈ প্ৰকাণ্ড পকী দ্বাৰৰ লগতে প্ৰায় ৪ কিলোমিটাৰ দৈঘ্যৰ বৃহৎ এলেকাৰ ৰজাদিনীয়া গড়েৰে আবৃত হৈ থকা ঐতিহাসিক ৰাজধানী তলাতল ঘৰৰ গড়ৰ ভিতৰৰ নিষিদ্ধ তথা সংৰক্ষিত এলেকাত বিনা বাধাই বৃহৎ বৃহৎ আৰ চি চি আৰ্হিৰ পকী গৃহ নিৰ্মাণ কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ বিশেষকৈ তলাতল ঘৰৰ নিষিদ্ধ তথা সংৰক্ষিত এলেকাৰ ভিতৰত অতি দৃষ্টিকটুভাৱে পাঁচগৰাকী বেদখলকাৰীয়ে পাঁচটাকৈ আৰ চি চি ঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লগতে এগৰাকী বেদখলকাৰীয়ে ঘৰৰ তলৰ মহলাত এটা ছাৰ্ভিচিং চেন্টাৰসহ ৰেম্প স্থাপন কৰা ঘটনাই ৰাইজৰ চকু কপালত তুলিছে ৷ পৰিণতিত মুখ্যমন্ত্ৰীগৰাকীয়ে যুগুতাই তোলা ঐতিহ্য সাংস্কৃতিক প্ৰকল্প শীৰ্ষক অসমবাসীৰ অভিলাষী আঁচনিখনৰ প্ৰতিও বহু সংশয়তা নমাই আনিছে ৷ উল্লেখ্য যে ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ আধুনিক ৰাজধানী ঐতিহ্যমণ্ডিত তলাতল ঘৰৰ পৰাই সেই সময়ত ৰাজ্য পৰিচালনা কৰিছিল আহোম স্বৰ্গদেউসকলে ৷ পৰৱৰ্তী সময়ত আহোম ৰাজ শাসনৰ বেলি মাৰ গ’ল যদিও ঐতিহাসিক সম্পদসমুহ বিজ্ঞানৃসন্মত সংৰক্ষণ, সংবৰ্ধনৰ বাবে পুৰাতত্ত্ব বিভাগৰ অধীনলৈ যায় ৷ ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বৰ্ণিল ইতিহাস-সাহসেৰে বিশ্বৰ বুকুত অদম্য অসমীয়া জাতিৰ গুণ-গৰিমাৰ সুবাস বিলাই অহা ৰংঘৰ – তলাতল ঘৰ বৰ্তমান সময়ত বিশ্বৰ পৰ্য্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ প্ৰতিদিনেই ৰংঘৰ- তলাতল ঘৰৰ অনুপম ভাস্কৰ্য্য উপভোগ কৰিবলৈ অহা দেশী-বিদেশী পৰ্য্যটকৰ সন্মুখত লজ্জাজনকভাৱে দেখা দিছে সংৰক্ষিত এলেকাত অবাধ গতিত নিৰ্মাণ হৈ থকা প্ৰকাণ্ড প্ৰকাণ্ড আৰ চি চি ঘৰসমূহে ৷ ১৯৭২ চনৰ পুৰাতত্ত্ব বিভাগৰ আইন অনুসৰি ঐতিহাসিক সম্পদৰ নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত সকলো নিৰ্মাণ কাৰ্য্য নিষিদ্ধ ঘোষণা কৰিছে ৷ এই সন্দৰ্ভত বিভাগটোৰ তৰফৰ পৰা স্থায়ী নামফলকেৰে সতৰ্কীকৰণ বাণী লিপিবদ্ধ কৰি থোৱাৰ পিছতো কিদৰে তলাতল ঘৰৰ পদূলিত আৰ চি চি ঘৰৰ নিৰ্মাণ অব্যাহত আছে, তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে ৷ আনহাতে, ৰংঘৰৰ সাংস্কৃতিক প্ৰকল্পৰ দৰে তলাতল ঘৰৰ চৌপাশে অনুৰূপ আঁচনিৰ বাবে ভূমিৰ জৰীপ, ক্ষতিপুৰণৰ সকলো প্ৰক্ৰিয়া প্ৰায় সমাপ্তিৰ পথত ৷ মাত্ৰ কেইদিনমানৰ ভিতৰতেই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজেই তলাতল ঘৰৰ চৌহদত উপস্থিত হৈ চূড়ান্ত ৰূপ দিয়াৰ ঘোষণা কৰাৰ সময়তেই পোহৰলৈ আহিছে এই ভয়ংকৰ ছবি ৷ স্মৰ্তব্য যে তলাতল ঘৰৰ চৌপাশে গড়ৰ ভিতৰত থকা কেইবাশ বিঘা ভূমিত ৰংঘৰ চাৰিআলি, হাতীখোক, ন আলি, আমগুৰি গাঁও, আমগুৰি ঘাট আদি অঞ্চলৰ ৰাইজে স্ব-ইচ্ছাৰে মুখ্যমন্ত্ৰীৰ অভিলাষী আঁচনিৰ প্ৰতি সন্মান জনাই কৃষিকৰ্মৰ পৰা বিৰত থকাৰ লগতে সন্মুখৰ প্ৰায় ১০ বিঘা মাটি বহু বছৰ ধৰি প্ৰশাসন, বনভোজ দল, স্বেচ্ছাসেৱী অনুস্থানত ব্যৱহাৰ কৰিবলৈ দিছে ৷ তেনেস্থলত আহোম ঐতিহ্যত আঘাত কৰি বেদখলকাৰী চক্ৰই তলাতল ঘৰৰ সৌন্দৰ্য নাশ কৰি সংৰক্ষিত এলেকাত গৃহ নিৰ্মাণ কৰা কাৰ্য্যক সহজভাৱে ল’ব পৰা নাই ৷ সচেতন মহলে নিষিদ্ধ এলেকাত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদান কৰা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি-অভিযন্তা, পুৰাতত্ত্ব বিভাগৰ বিষয়া, জিলা প্ৰশাসনৰ বৰমূৰীয়াৰ লগতে অবৈধ গৃহত বিদ্যুৎ সংযোগ দিয়া বিদ্যুৎ বিভাগৰ বিষয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন মহলে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like