নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰেবৰাত দ্বিতীয় সংসাৰ পতাৰ নিচাত আৰক্ষীৰ জালত বোৱাৰী

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ কালি সন্ধিয়া নগৰবেৰাৰ ভখুৰাদিয়া-পাহাৰপাৰাত এহাল অবৈধ প্ৰেমিক-প্ৰেমিকাক আৰক্ষীয়ে আটক কৰাক লৈ তীব্ৰ চাঞ্চল্য বিয়পে অঞ্চলজুৰি। জানিব পৰা মতে বৰপেটাৰ কলগাছিয়া অঞ্চলৰ এগৰাকী নবোৱাৰী মোবাইলৰ ৰং নম্বৰ লাগি চিনাকি হয় ভখুৰাদিয়া পাহাৰপাৰা গাঁৱৰ ইমৰান আহমেদ নামৰ এজন অবিবাহিত যুৱকৰ সতে। বোৱাৰীগৰাকীৰ স্বামী কৰ্মসূত্ৰে বাহিৰত থকাত আৰু ঘৰত অকলে থাকিবলগীয়া হোৱাত অনবৰতে অবৈধ প্ৰেমিকৰ সতে ফোন বাৰ্তালাপ, পাছলৈ ইমৰান আহমেদ নামৰ যুৱকজনৰ সতে মোবাইল কথোপকথনত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে আৰু দুয়ো বিয়া পতাৰ সিদ্ধান্ত লয়, দ্বিতীয় সংসাৰৰ নিচাত স্বামী আৰু পৰিয়ালৰ দ্বায়িত্ব এৰি কালি সন্ধিয়া পৰত মহিলাগৰাকী উপস্থিত হয় ভখুৰাদিয়া পাহাৰপাৰাৰ অবৈধ প্ৰেমিকৰ ঘৰত। মহিলাগৰাকীৰ পলায়নৰ সম্ভেদ পাই পিতৃ পৰিয়ালৰ লোকে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত পাছে পাছে অনুসৰণ কৰি কলগাছিয়া আৰক্ষীৰ এটা দলো উপস্থিত হয় গাঁওখনত আৰু টুপামাৰী আৰক্ষীৰ সহযোগত কলগাছিয়া আৰক্ষীয়ে দুয়োকো দ্বিতীয় সংসাৰৰ যো-জা চলাওতেই আটক কৰিবলৈ সক্ষম হয়। খৱৰ পাই ঘটনাস্থলীত গাঁৱখনৰ বহু লোকৰ সমাগম হয় ,আনহাতে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই বিবাহিতা মহিলাগৰাকীয়ে স্বইচ্ছাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সদৰী কৰে। এগৰাকী বিবাহিতা মহিলাই স্বামীৰ অগোচৰে আৰু অনুপস্থিতত একাকীপণ আতৰাবৰ বাবেই লোৱা এনে সিদ্ধান্তক সকলোৱে একমুখে ধিক্কাৰ দিয়াৰ উপৰি যুৱকজনৰ এনে অবৈধ প্ৰেমৰ সম্পৰ্ককো গৰিহণা দিয়ে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিয়পে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like